ETV Bharat / state

বিজেপিয়ে গণতান্ত্ৰিক মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰেঃ ৰঞ্জিৎ দাস

author img

By

Published : Sep 14, 2020, 6:34 PM IST

ৰাজ্যত আত্মপ্ৰকাশ কৰা নতুন আঞ্চলিক দল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ প্ৰতিক্ৰিয়া ৷ দল গঠন সন্দৰ্ভত আপত্তি কৰিবলগীয়া নাই বুলি তেওঁ উল্লেখ কৰে ৷ লগতে নতুন দল বিজেপিক সহায় কৰিব বুলি মন্তব্য সভাপতি গৰাকীৰ ৷

BJP State Presedent Ranjit Kumar Das Recation On AASU-AJYCP Frome New Political Party
বিজেপিয়ে গণতান্ত্ৰিক মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰেঃ ৰঞ্জিৎ দাস

গুৱাহাটী, 14 ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আত্মপ্ৰকাশ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ"ক আদৰণি জনাইছে শাসকীয় দল বিজেপিয়ে । 'কা' বিৰোধিতাৰে জন্ম লোৱা নতুন আঞ্চলিক ৰাজনৈতিক শক্তিক আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে কয় যে,বিজেপিয়ে গণতান্ত্ৰিক মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰে ।

বিজেপিয়ে গণতান্ত্ৰিক মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰেঃ ৰঞ্জিৎ দাস

আনহাতে, দল গঠন সন্দৰ্ভত তেওঁ কয় যে, গণতান্ত্ৰিক দেশ এখনত ৰাজনৈতিক দল খোলাৰ অধিকাৰ সকলোৰে আছে । সেয়া লাগিলে সদৌ অসম ছাত্ৰ সন্থাই হওঁক বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওঁক বা আন কোনোবা দল-সংগঠনেই নহওঁক কিয় ।

উল্লেখ্য যে,বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে নতুন দল জন্ম হোৱাত আপত্তি কৰিবলগীয়া নাই বুলি মন্তব্য প্ৰদান কৰি আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন দলে বিজেপিক লাভান্বিত কৰিব বুলিহে উল্লেখ কৰে ৷

লগতে পঢ়ক : মৰাণৰ প্ৰথমজন সাংবাদিকৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.