ETV Bharat / state

কানহায়া লালৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিত প্ৰতিবাদ

author img

By

Published : Jun 30, 2022, 4:39 PM IST

ৰাজস্থানৰ উদয়পুৰৰ হত্যাকাণ্ডৰ অগনি এতিয়াও মাৰ যোৱা নাই (Kanhaiya Lal killing case)৷ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিতো বজৰং দল তথা বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Bajrang Dal and Vishwa Hindu Parisad protest at Baihata) ৷

Kanhaiya Lal killing case
কানহায়া লালাৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিত প্ৰতিবাদ

বাইহাটা চাৰিআলি, 30 জুন : ৰাজস্থানৰ উদয়পুৰত মঙলবাৰে দিন-দুপৰতে হত্যা কৰা হৈছিল এজন যুৱকক (Youth Murdered in Udaipur City) ৷ মালদাস ষ্ট্ৰীট চহৰৰ মাজ-মজিয়াতে সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো ৷ তাৰ পাচতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

কানহায়া লালাৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিত প্ৰতিবাদ

আনকি এই হত্যাকাণ্ডৰ বিৰোধিতাৰে দেশৰ লগতে ভিন্ন ৰাজ্যতো ওলাই আহিছিল শ শ প্ৰতিবাদকাৰী ৷ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল কামৰূপ জিলাৰ বাইহাটা চাৰিআলিও (Bajrang Dal and Vishwa Hindu Parisad protest at Baihata) ৷

উদয়পুৰৰ হত্যাকাণ্ডৰ (Kanhaiya Lal killing case) বিৰোধিতাৰে বাইহাটা চাৰিআলিত বজৰং দল তথা বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে 31 আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ ৷ কেৱল প্ৰতিবাদ কৰাই নহয়, বজৰং দলৰ প্ৰতিবাদকাৰীসকলে বাইহাটা চাৰিআলিৰ মাজ মজিয়াত জেহাদিৰ পুতলিকাও দাহ কৰে ।

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে দোষিক শাস্তি দিয়ক, হিন্দু হত্যা বন্ধ কৰক ইত্যাদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰ পিছতে প্ৰায় 50 জন প্ৰতিবাদকাৰীক বাইহাটা চাৰিআলি আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : উদয়পুৰৰ কনহায়া লালৰ হত্যাৰ বিৰোধিতাৰে তেজপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.