ETV Bharat / state

সন্ধিয়া নামিলেই ভয়ংকৰ হৈ পৰে মান্দাকাটাৰ এটা পথ !

author img

By

Published : Jul 2, 2021, 6:53 PM IST

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মান্দাকাটা চাহবাগানৰ মাজৰ পাহাৰে আৱৰা জনশূন্য ঠাইখিনিক সহজ লক্ষ্য কৰি লৈছে দুস্কৃতিকাৰীয়ে । আমিনগাঁও বেজেৰা সংযোগী পাহাৰৰ মাজেৰে যোৱা পথটোৰ গতিৰোধক থকা ঠাই খিনিত সংঘটিত কৰে দুষ্কাৰ্য ।

বাইহাটাতাৰ এটা বিশেষ অঞ্চলত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা
বাইহাটাতাৰ এটা বিশেষ অঞ্চলত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

বাইহাটা,2 জুলাই : ৰাজ্যত অব্যাহত থকা সান্ধ্য আইনৰ সুযোগ লৈছে একাংশ দুষ্কৃতিকাৰীয়ে । সন্ধিয়াৰ আন্ধাৰ নামি অহাৰ পাচতে সংঘটিত কৰে অপৰাধমূলক কাণ্ড । কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মান্দাকাটা চাহবাগানৰ মাজৰ পাহাৰে আৱৰা জনশূণ্য ঠাইখিনিক সহজ লক্ষ্য কৰি লৈছে দুস্কৃতিকাৰীয়ে । আমিনগাঁও বেজেৰা সংযোগী পাহাৰৰ মাজেৰে যোৱা পথটোৰ গতিৰোধক থকা ঠাই খিনিত সংঘটিত কৰে দুষ্কাৰ্য ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে নিশা এটি দুৰ্বৃত্তৰ দলে নিশা গতিৰোধক থকা ঠাইখিনিতে অকলশৰীয়া আৰোহীক মাৰধৰ কৰি এখন মটৰ চাইকেল কাঢ়ি নিয়া ঘটনা সংঘটিত হৈছে ৷ লগতে অঞ্চলটোত ডকাইতি কাণ্ড সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । একেদৰে উত্তৰ গুৱাহাটী-বেজেৰা পথৰে স্কুটি এখনেৰে নিজগৃহলৈ আহি থকাৰ অৱস্থাত তিনিজনীয়া ডকাইতৰ দল এটাৰ আক্ৰমণ আৰু লুটপাতৰ বলি হ‘ব লগাত পৰিছে আন এগৰাকী লোক ।

বাইহাটাতাৰ এটা বিশেষ অঞ্চলত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

লক্ষণীয়ভাৱে ডকাইতৰ দলৰ কৱলত পৰা লোকগৰাকী হৈছে খোদ আৰক্ষী বিভাগত কৰ্মৰত এগৰাকী কনিষ্টবল । তেওঁ ডিজিপিৰ কাৰ্যালয়ত কৰমৰত কনিষ্টবল তথা বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰাৰ সৰোজ ডেকা । অসম আৰক্ষীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত শালমাৰাৰ সৰোজ ডেকাই নিজৰ কৰ্তব্য সমাপন কৰি স্কুটিখনৰে ঘৰলৈ আহি থাকোতে গতিৰোধকৰ বাবে গতি কমোৱাৰ সুযোগতে অচিনাকী তিনি যুৱকৰ এজনে তেওঁক বগৰাই দিয়ে ।

তাৰ পাচতে আন দুজন দুৰ্বৃত্ত আহি সৰোজ ডেকাক আক্ৰমণ কৰে । সৰোজ ডেকায়ো পাৰ্যমানে সিহঁতক প্ৰত্যাক্ৰমণ কৰে । কিন্তু সিহঁতে গধুৰ অস্ত্ৰৰে মূৰত আৰু চোকা অস্ত্ৰৰে দেহৰ আঘাত কৰাত সৰোজ ডেকা অচেতন হৈ পৰে । এই সুযোগতে সিহঁতে, সৰোজ ডেকাৰ ডিঙিত থকা সোনৰ চেইনডাল কাঢ়ি লয় ।

ইয়াৰ পিছত সিহতে স্কুটিখনৰ বাকচ খুলি তাত থকা 1.5 লাখ টকা লৈ পলায়ন কৰে । ঘটনা সন্দৰ্ভত সৰোজ ডেকাই বাইহাটা আৰক্ষী থানা ৰুজু কৰে এক গোচৰ । প্ৰাকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিব পৰা এই পথটিত সংঘটিত হোৱা এনে দুস্কাৰ্যই চিন্তুত কৰি তুলিছে সচেতন মহলত ।

লগতে পঢ়কঃ ডেৰ বছৰীয়া বন্দীত্বৰ অৱসানেৰে মুকলি আকাশৰ তলত অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.