ETV Bharat / state

সুদীৰ্ঘ ৬ মাহৰ অন্তত পুনৰ বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

author img

By

Published : Sep 6, 2021, 5:40 PM IST

ক'ভিড-১৯ মহামাৰীৰ বাবে কেইবামাহো ধৰি বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া বন্ধ হৈ আছে । সোমবাৰৰ পৰা পুনৰ আনুষ্ঠানিকভাৱে বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে । ক'ভিড প্ৰট'কল মানি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সোমবাৰৰ পৰা আৰম্ভ হৈছে দ্বাদশ শ্ৰেণীৰ পাঠদান ।

Assam School reopens
সুদীৰ্ঘ ৬ মাহৰ অন্তত পুনৰ বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

ৰঙিয়া, ৬ ছেপ্টেম্বৰ: সুদীৰ্ঘ ৬ মাহৰ অন্তত সোমবাৰৰ পৰা অসমৰ শিক্ষানুষ্ঠানত পুনৰ আৰম্ভ হৈছে দ্বাদশ শ্ৰেণীৰ পাঠদান পৰ্ব । ৰাজ্যৰ আন আন প্ৰান্তৰ বিদ্যালয়ৰ সমান্তৰালকৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে পাঠদান আৰম্ভ হৈছে । বিদ্যালয়গৃহ ছেনিটাইজ কৰাৰ পিছত ক'ভিড প্ৰট'কল মানি পাঠদান আৰম্ভ কৰা হৈছে । বিদ্যালয়খনৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে ।

পুৱা ৯.১৫ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ সম্পূৰ্ণ ৰুটিন অনুসৰি পাঠদান প্ৰক্ৰিয়া চলোৱা হৈছে । এখন বেঞ্চত দুজনকৈ শিক্ষাৰ্থীক বহিবলৈ দিয়া হৈছে । ইয়াৰ উপৰিও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে । যি সকল ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পৰিধান কৰা নাই, তেওঁলোকক বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক যোগান ধৰা হৈছে অথবা সতৰ্কবাণী দি ওভতাই পঠিওৱা হৈছে ।

সুদীৰ্ঘ ৬ মাহৰ অন্তত পুনৰ বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

মহামাৰীৰ সংক্ৰমণৰ বাবে কেইবামাহো ধৰি বিদ্যালয়সমুহ বন্ধ হৈ থকাত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ।

অনলাইন মাধ্যমেৰে পাঠদান কৰা হৈছে যদি মোবাইল নথকা, নেটৱৰ্কৰ সমস্যা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন পাঠদান অৰ্থহীন হৈ পৰিছে । এণ্ড্ৰইড মোবাইল নোহোৱা বাবে অনলাইন পাঠ গ্ৰহণৰ পৰা বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈছে । সেয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এতিয়া পুনৰ প্ৰথমৰ পৰা পাঠদান কৰা হৈছে ।

লগতে পঢ়ক:পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে তকলংবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.