পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে তকলংবাসীক

By

Published : Sep 6, 2021, 3:39 PM IST

thumbnail

সুদীৰ্ঘ সময়ৰ পৰা বহু সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে তিনিচুকীয়াৰ এখন গাঁৱৰ বাসিন্দাই ৷ চৰকাৰ আহিছে, চৰকাৰ গৈছে ৷ কিন্তু উন্নয়নৰ প্ৰতিশ্ৰুতি দি শাসনত বহা চৰকাৰে বাস্তৱত কি কৰিছে ? বান-গড়াখহনীয়াৰ সমস্যাৰ লগতে যাতায়ত তথা স্বাস্থ্য আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত তকলং গাঁও ৷ স্থানীয় বিধায়কক পথ নিৰ্মাণৰ বাবে বাৰে বাৰে আবেদন কৰিও বিমুখ হৈছে তকলংবাসী ৷ যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে অতি কষ্টেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাঁওবাসী, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী তথা ৰোগীয়ে ৷ অভিযোগ অনুসৰি, গাঁওবাসীয়ে চৰকাৰৰ পৰা আজিলৈকে কোনো ধৰণৰ আঁচনি লাভ কৰা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.