ETV Bharat / state

26 জুলাইত কি হৈছিল লাইলাপুৰত ?

author img

By

Published : Aug 1, 2021, 2:04 PM IST

Assam Mizoram conflict injured a driver
26 জুলাইত কি হৈছিল লাইলাপুৰত

কি হৈছিল 26 জুলাইত লাইলাপুৰত ? অসম-মিজোৰাম সংঘাতত আহত গৃহৰক্ষী জোৱান ৰঙিয়াৰ মুহাম্মদ মইনুল হকৰে বিৱৰণ কৰিছে সমগ্ৰ ঘটনা ৷

ৰঙিয়া,1 আগষ্ট : অসম-মিজোৰাম সীমান্তত সৃষ্টি হৈছিল যুদ্ধ সদৃশ পৰিস্থিতিৰ ৷ সীমান্তৱৰ্তী লাইলাপুৰত অসম আৰক্ষীক লক্ষ্য কৰি মিজো আৰক্ষীয়ে কৰিছিল গুলীচালনা ৷ মিজোৰ গুলীত শ্বহীদ হ’ব লগা হ’ল অসমৰ 6 আৰক্ষী জোৱান ৷

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশত এতিয়াও বিৰাজ কৰিছে এক উত্তেজনাময় পৰিস্থিতিৰ ৷ অসম-মিজোৰাম সীমান্তৰ সংঘাত সন্দৰ্ভত বিভিন্ন মহলে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল ৷ এই সংঘাত সন্দৰ্ভত এতিয়া পুনৰ পোহৰলৈ আহিছে অন্য এক তথ্য ৷

অসম-মিজোৰাম সীমান্তত মিজোৰামৰ দুৰ্বৃত্তই কেনেদৰে আক্ৰমণ কৰিছিল অসম আৰক্ষীক ?

এই সংঘাতত আহত গৃহৰক্ষী জোৱান এগৰাকীয়ে বৰ্ণনা কৰিছে সমগ্ৰ তথ্য ৷ আহত গৃহৰক্ষী জোৱান গৰাকীৰ নাম মহম্মদ মইনুল হক ৷ ৰঙিয়াৰ মহাম্মদ মইনুল হকেও অন্য সতীৰ্থৰ সৈতে কৰ্মৰত হৈ আছিল 26 জুলাইৰ দিনা ৷

লগতে পঢ়ক : সীমা সংঘাতৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া কৰিলে ৰাইজৰ দলে

কিন্তু হঠাৎ অসম-মিজোৰাম সীমান্তত মিজোৰামৰ দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত ৰঙিয়াৰ গৃহৰক্ষী জোৱান । কেইবাদিনো শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল গৃহৰক্ষী জোৱানগৰাকী । বৰ্তমান স্বাস্থ্য কিছু উন্নত আহত ৰঙিয়াৰ গৃহৰক্ষী জোৱান মহাম্মদ মইনুল হকৰ ৷ সুস্থ হৈয়ে তেওঁ কৈ গৈছে 26 জুলাইৰ আবেলি সমগ্ৰ ঘটনাৰ বিৱৰণ ৷

26 জুলাইত কি হৈছিল লাইলাপুৰত

মিজোৰামৰ দুস্কৃতিকাৰীয়ে হঠাতে আক্ৰমণ কৰিছিল অসম আৰক্ষীৰ ওপৰত । হাতে হাতে লৈ আহিছিল অত্যাধুনিক মৰণাস্ত্ৰ ৷ দা-লাঠি লৈ হঠাৎ আক্ৰমণ কৰিছিল সীমান্তত থকা অসম আৰক্ষীৰ ওপৰত ।

সেই দুস্কৃতিকাৰীৰ আক্ৰমণত ছয় গৰাকী আৰক্ষী শ্বহীদ হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হৈছিল আৰক্ষী । অসম আৰক্ষীৰ কেইবাখনো বাহন ভাঙি ক্ষতি সাধন কৰিছিল দুস্কৃতিকাৰীয়ে । মিজোৰামৰ দুস্কৃতিকাৰীৰ তুলনাত কম সংখ্যাক আছিল অসম আৰক্ষী ৷ মিজোৰামৰ দুস্কৃতিকাৰীৰ আক্ৰমণত প্ৰত্যুত্তৰ দিবলৈ সক্ষম নহ’ল অসম আৰক্ষী । সেই সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰিলে গৃহৰক্ষী জোৱান মইনুলে ।

লগতে পঢ়ক: চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.