ETV Bharat / state

Assam Meghalaya Border issue : লুৰিণজ্যোতিয়ে ক’লে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ শাসন চলাইছে

author img

By

Published : Jan 22, 2022, 6:50 PM IST

Assam Meghalaya Border Conflict
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ শাসন চলাইছে : লুৰিণজ্যোতি গগৈ।

অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰি থকাৰ সময়তে সীমান্তৱৰ্তী লাম্পীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতিসহ এটা সঁজাতি দল (AJP visit Assam Meghalaya Border) ৷ সমস্যা সমাধানৰ নামত কোনো কাৰণতে অসমৰ মাটি মেঘালয়ক এৰি নিদিও বুলি কয় সঁজাতি দলটোৱে ৷

বকো, 22 জানুৱাৰী: অসম-মেঘালয় সীমা সমস্যা সমাধানক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ উৎকন্ঠা (Assam Meghalaya Border Conflict) । অসমৰ বহু ৰাজহ গাঁও মেঘালয়ত চামিল হোৱাৰ আশংকাই দেখা দিছে বহুতৰ মাজত ৷ তেনে সময়তে সীমান্তৱৰ্তী বকোৰ চিৰসেউজ লাম্পীত উপস্থিত হয় অসম জাতীয় পৰিষদ সভাপতি লুৰিণজ্যোতি গগৈ সহিতে এটি দল (AJP visit Assam Meghalaya Border) ।

লাম্পীত উপস্থিত হৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ষ্পষ্ট ঘোষণা- ‘‘শান্তিপূৰ্ণভাৱে সীমা সমস্যা সমাধান হওঁক, কিন্তু অসমৰ ভূমি এৰি নহয় ।’’ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অহা AJPৰ দলটোয়ে ল’ৱাৰ লাম্পী আৰু আপাৰ লাম্পীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ শাসন চলাইছে : লুৰিণজ্যোতি গগৈ।

ইফালে সীমা সমস্যা সমাধান নামত চৰকাৰে কৰা অপোচৰ ক্ষেত্ৰত মন্তব্য আগবঢ়ায় লুৰিণজ্যোতি গগৈয়ে ৷ আনহাতে জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই মানুহ আৰু মাটি অন্য ৰাজ্যক গটোৱাটো সহ্য কৰা নহ’ব বুলি ক্ষোভ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ শাসন চলোৱা বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতা দুগৰাকীয়ে ৷

সীমান্তৱৰ্তী লাম্পী অঞ্চল পৰিদৰ্শন কালত সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগত উপস্থিত থাকে দলৰ উপ-সভাপতি দুলু আহমেদ, সম্পাদক প্ৰিন্স ফাইজুল হক, পংকজ লোচন গোস্বামীকে ধৰি দলৰ বহুকেইজন বিষয়ববীয়া ৷

লগতে পঢ়ক: অসম-মেঘালয় সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দিব আছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.