ETV Bharat / state

খোজকাঢ়ি লাডাখলৈ যাত্ৰা অঞ্জলীৰ

author img

By

Published : Aug 16, 2021, 10:03 AM IST

Updated : Aug 16, 2021, 5:10 PM IST

Anjali Das Journey on South Kamrup to Ladakh
লাডাখলৈ খোজকাঢ়ি যাত্ৰা অঞ্জলিৰ

চকুত অযুত সপোন, বুকুত অদম্য সাহস, মনত প্ৰবল আত্মবিশ্বাসেৰে অঞ্জলী দাসে লাডাখলৈ খোজকাঢ়ি আৰম্ভ কৰিছে যাত্ৰা ৷ অঞ্জলীয়ে চলিত বৰ্ষত "MTS STEEPLE CHASE" শীর্ষক প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল । তেওঁ মাৰাথান, কাবাডী, চাইক্লিঙতো ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

ছয়গাঁও, 16 আগষ্ট : মিৰ্জাৰ বৰিহাটৰ পৰা লাডাখলৈ শুকুৰবাৰে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলী দাসে ৷ প্ৰায় ২,৮০০ কিল’মিটাৰ দূৰত্বত অৱস্থিত ভাৰত-চীন সীমান্তৱৰ্তী লাডাখলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰা অঞ্জলী হৈছে অসম তথা উত্তৰ-পূৱৰ প্ৰথমগৰাকী মহিলা । ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই শুভেচ্ছা জনাই কামৰূপ জিলাৰ হাটখোৱাপাৰা নিবাসী তথা ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলীক ৷

লাডাখলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ অঞ্জলীৰ

কামৰূপ(গ্ৰাম্য) জিলাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ সমীপৰ বৰিহাটৰ হাটখোৱাপাৰা নিবাসী তথা ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলী দাসে একক প্ৰচেষ্টাৰে নিজ গৃহৰ পৰা লাডাখলৈ খোজকাঢ়ি যাবলৈ পৰিকল্পনা কৰি শুকুৰবাৰে পুৱা যাত্ৰা আৰম্ভ কৰে । ২০২০ চনত ২০০০ মিটাৰ দৌৰত পুৰস্কাৰ লভা অঞ্জলীয়ে চলিত বৰ্ষত "MTS STEEPLE CHASE" শীর্ষক প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপদক অৰ্জন কৰিছিল ।

অঞ্জলী দাসে মাৰাথান, কাবাডী, চাইক্লিঙকে ধৰি বিভিন্ন খেলত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰি সুনাম অর্জন কৰিছে । লাডাখলৈ বুলি বৰিহাটৰ নিজ গৃহৰ পৰা যাত্ৰা আৰম্ভ কৰা অঞ্জলীক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয় নাথুৰাম গড্ছে আখ্যা অখিল গগৈৰ

Last Updated :Aug 16, 2021, 5:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.