ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয় নাথুৰাম গড্ছে আখ্যা অখিল গগৈৰ

author img

By

Published : Aug 15, 2021, 9:18 PM IST

Updated : Aug 15, 2021, 10:02 PM IST

‘‘এখন সাম্প্ৰদায়িক, জাতিধ্বংসী আৰু ভয়ংকৰ কৃষক বিৰোধী বিধেয়ক বাতিল কৰোৱাত ব্যৰ্থ হোৱা বাবে মই অসমবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থী । বিধানসভাত মই অকলে যুঁজ দিছিলো যদিও সফল হ'ব নোৱাৰিলো । বিধেয়কখন অসমৰ ইছলামধৰ্মী আৰু খ্ৰীষ্টান ধৰ্মৰ গো মাংস খোৱা লোকসকলৰ প্ৰতি বিজেপি চৰকাৰে কৰা সৰ্ববৃহৎ ঐতিহাসিক অন্যায় । অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এটা বৃহৎ আধাৰ ধ্বংসপ্ৰাপ্ত হ'ব। গৰু ব্যৱসায়ৰ লগত জড়িত লোকসকল ক্ষতিগ্ৰস্ত হ'ব ।’’- অখিল গগৈ

অসমবাসীৰ ওচৰত কিয় ক্ষমা খুজিলে বিধায়ক অখিল গগৈয়ে !
অসমবাসীৰ ওচৰত কিয় ক্ষমা খুজিলে বিধায়ক অখিল গগৈয়ে !

গুৱাহাটী,১৫ আগষ্ট : অসম বিধানসভাত ১৩ আগষ্টত গৃহীত হোৱা গো-সুৰক্ষা বিধেয়কখনে সকলো অসমীয়াৰে ধ্বংস আনিব । এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। দেওবাৰে ৰাইজৰ দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত গো-সুৰক্ষা বিধেয়কক লৈ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ ।

সংবাদমেলত তেওঁ গো সুৰক্ষা বিধেয়কখন গৃহীত হোৱাৰ ক্ষেত্রত বাধা দিব নোৱাৰাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে । তেওঁ কয়, ‘‘এখন সাম্প্ৰদায়িক, জাতিধ্বংসী আৰু ভয়ংকৰ কৃষক বিৰোধী বিধেয়ক বাতিল কৰোৱাত ব্যৰ্থ হোৱা বাবে মই অসমবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থী । বিধানসভাত মই অকলে যুঁজ দিছিলো যদিও সফল হ'ব নোৱাৰিলো । মই এজন অসমীয়া আৰু হিন্দু হিচাপে লজ্জিত’’ ।

মই সমগ্ৰ অসমবাসী বিশেষকৈ ইছলামধৰ্মী আৰু খ্ৰীষ্টানধৰ্মী লোকসকলৰ ওচৰত বিনম্ৰতাৰে ক্ষমা বিচাৰে অখিল গগৈয়ে । তেওঁ লগতে কয়, ‘‘এই বিধেয়কখন অসমৰ ইছলামধৰ্মী আৰু খ্ৰীষ্টান ধৰ্মৰ গো-মাংস খোৱা লোকসকলৰ প্ৰতি বিজেপি চৰকাৰে কৰা সৰ্ববৃহৎ ঐতিহাসিক অন্যায় । গৃহীত হোৱা এই বিধেয়কখনৰ যোগেদি গাঁৱৰ কৃষকসকল, গো পালকসকল, খিলঞ্জীয়া খেতিয়কসকল সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব’’ ।

লগতে পঢ়কঃ প্ৰেমত বাধা দিয়াৰ বাবেই বায়েকে হত্যা কৰিলে ভায়েকক !

অখিল গগৈয়ে আৰু কয় যে, ‘‘অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এটা বৃহৎ আধাৰ ধ্বংসপ্ৰাপ্ত হ'ব । গৰু ব্যৱসায়ৰ লগত জড়িত লোকসকল ক্ষতিগ্ৰস্ত হ'ব । অসমৰ অৰ্থনীতিৰ বছৰি ২০-৩০ হাজাৰ কোটি টকাৰ লোকচান হ'ব । বিহুৰ ঢোলৰ ছাল আমি পাম নে ? আমাৰ বিহুৰ ওপৰত এয়া সাংস্কৃতিক আক্ৰমণ নেকি ?’’

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ ভয়ংকৰ মুখ্যমন্ত্ৰী আখ্যা দি তেওঁ কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাত সাম্প্ৰদায়িক বক্তৃতা দিছিল । এনে বক্তৃতা অসম বিধান সভাত কোনেও দিয়া নাছিল । হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ ভয়ংকৰ মুখ্যমন্ত্ৰী । হিমন্ত বিশ্ব শৰ্মাৰ হাতত সুৰক্ষিত নহয় অসমৰ ৰাইজ তথা অসমৰ ৰাজনীতি । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ গুড বুকত নাম ভৰাবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই মহাত্মা গান্ধীক আকৌ এবাৰ হত্যা কৰিলে ।

মুখ্যমন্ত্রীয়ে মহাত্মা গান্ধীৰ প্ৰসংগৰে ভুল ব্যাখ্যা আগবঢ়ালে । হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় জন নাথুৰাম গডছে । এই বিধেয়কখন গৃহীত কৰাৰ লগে লগে সংখ্যালঘু লোকসকলক বেয়াকৈ মনোকষ্ট দিয়া হ’ল । বাবৰি মছজিদ ধ্বংসৰ ঘটনা যিমান ভয়ংকৰ আছিল তাতকৈ এই বিধেয়ক আৰু ভয়ংকৰ । এয়া বিভাজনৰ ৰাজনীতি বুলি উল্লেখ কৰে অখিল গগৈয়ে । সংবাদমেলত ৰাইজৰ দলৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়কঃ শ্বিলঙত সান্ধ্য আইন : কৰ্তন কৰা হ’ল ম’বাইল ইন্টাৰনেট সেৱা

Last Updated :Aug 15, 2021, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.