ETV Bharat / state

Protest in Rangia: ৰঙিয়াত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 6:36 PM IST

Anganwadi worker helper protests in Assam
অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা

চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও এতিয়া কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা কর্মী-সহায়িকাই নিজৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে । শুকুৰবাৰে অংগনবাড়ী কর্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হৈ পৰে ৰঙিয়া ।

অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা

ৰঙিয়া, ৬ অক্টোবৰ: ৰাজ্য চৰকাৰে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ কাৰ্যকৰ্তা সকল প্ৰতিবাদমুখৰ হৈ পৰিছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হৈ পৰে ৰঙিয়া । অৰ্ধ সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই মাননি নহয় মজুৰি দিয়ক, আমাক জীয়াৰ থকাৰ অধিকাৰ দিয়ক, বিভাগীয় মন্ত্ৰী অজন্তা নেওগ হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৰঙিয়া কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় ।

উল্লেখ্য যে অতি কম মাননিৰ বিনিময়ত এই সকল অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক চৰকাৰে বিভিন্ন সময়ত কামত খটুৱাই আছে । কিন্তু তাৰ বিনিময়ত ন্য়ূনতম মজুৰি প্ৰদান কৰি আহিছে ৰাজ্য চৰকাৰে। ইপিনে, চৰকাৰী বিভিন্ন আঁচনি যেনে অৰুণোদয়, আয়ুস্মান, প্ৰধানমন্ত্ৰী আৱাস গৃহ এইবোৰৰ পৰাও বঞ্চিত হৈ আহিছে এইসকল কৰ্মী । চৰকাৰে প্ৰদান কৰি অহা ৬,৫০০ আৰু ৩,২৫০ টকাৰ মাননিৰে বৰ্তমান পৰিয়াল চলোৱাত অপৰাগ এইসকল মহিলা । বিভাগীয় মন্ত্ৰী অজন্তা নেওগ এগৰাকী মহিলা হৈয়ো মহিলাৰ দুখ কষ্ট অনুভৱ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে ।

উল্লেখ্য় যে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে উত্থাপন কৰা দাবীসমূহ হ‘ল, ‘ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত মাননি হিচাপে অগনৱাড়ী কৰ্মীৰ ১২ হাজাৰ টকা আৰু সহায়িকাৰ ১০ হাজাৰ টকাকৈ মাননি বৃদ্ধি কৰক, অৱসৰীসকলৰ এককালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰক, অসমৰ অগনৱাড়ী কৰ্মী-সহায়িকাক গ্ৰেছুইটি দিয়াৰ ব্যৱস্থা কৰক, সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লওক, কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদত প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰক, সকলো কেন্দ্ৰসমূহৰ আন্তঃগাথঁনি সুনিশ্চিত কৰক’ ।

যদিহে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ নহয় আৰু ২১ হেজাৰ টকাকৈ মজুৰি বৃদ্ধি নকৰে তেতিয়াহ'লে অনাগত দিনত এই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেত্ৰী বৃন্দই । আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে উত্তেজিত প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:Protest at Sonari : প্ৰতিকূল বতৰকো নেওচি ন্যায্য প্ৰাপ্তিৰ দাবীত সোণাৰিত অংগনবাড়ী কর্মী-সহায়িকাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.