ETV Bharat / state

Assam Floods 2022: বানাক্ৰান্তলৈ সহায়ৰ হাত বৰষাৰাণী বিষয়াৰ

author img

By

Published : Jun 21, 2022, 6:56 PM IST

Updated : Jun 21, 2022, 7:18 PM IST

flood
বন‍্যাৰ্তৰ কাষত বৰষাৰাণী বিষয়া

অসমত বানৰ সংহাৰী ৰূপ ৷ ৰাজ্যৰ ইমুৰ সিমুৰ বুৰ গৈ আছে বলীয়া বানৰ কৱলত (Assam flood report) ৷ ৰাইজৰ এই দুৰ্দশা দেখি আগবাঢ়ি আহিল অসমীয়া ছবিজগতৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া (Actress Barsharani Bishaya) ৷ ৰঙিয়াৰ 10 নং ৱাৰ্ডত তিনিটাকৈ সংগঠনৰ সহযোগত অভিনেত্ৰীগৰাকী থিয় হ’ল বন‍্যাৰ্তৰ কাষত ৷

ৰঙিয়া, 21 জুন: অসম বৰ্তমান বলীয়া বানৰ কৱলত ৷ ৰাজ্যখনৰ 35 খন জিলাৰ ভিতৰত 32 খনেই বুৰ গৈছে বানত (32 districts of Assam facing flood) ৷ বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে 73 জনকৈ লোকে (Assam flood death number) ৷

সামৰ্থ্যবান সকলৰ যিয়ে যেনেকৈ পাৰে সহায় আগবঢ়াইছে বানৰ বাবে আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাসকলক ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াও পিছ পৰি নাথাকিল এইক্ষেত্ৰত ৷ ৰঙিয়াৰ 10 নং ৱাৰ্ডত উপস্থিত হ’লগৈ স্বামী ভাস্কৰ বৰুৱাৰ সৈতে ৷

বন‍্যাৰ্তৰ কাষত বৰষাৰাণী বিষয়া

তিনিটাকৈ স্বেচ্ছাসেৱী সংগঠনে একত্ৰিত হৈ এই পদক্ষেপ হাতত লয় ৷ বৰষাৰাণী বিষয়াও ইয়াৰে এটা সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ৷ সেইমৰ্মে অভিনেত্ৰী গৰাকীও বাকী দুটা সংগঠনৰ সহযোগত ৰঙিয়াৰ বন‍্যাৰ্তৰ ওচৰত থিয় দিয়ে ৷

flood
বন‍্যাৰ্তৰ কাষত বৰষাৰাণী বিষয়া

সকলোৱে মিলি বানাক্ৰান্ত সকলক আগবঢ়ালে কিছু সাহাৰ্য সামগ্ৰী ৷ সাহাৰ্যৰ টোপোলাত চাউল , দাইলকে ধৰি কিছু খাদ্য সামগ্ৰী , বিশুদ্ধ খোৱা পানী আৰু মহিলা সকলৰ বাবে ছেনিটাৰী নেপকিনৰ যোগান ধৰা হয় ৷ ৰঙিয়াৰ কেইবাটাও ৱাৰ্ডত উপস্থিত হৈ দলটোৱে ৰাইজৰ খবৰ লোৱাৰ লগতে সকলোকে বিপদৰ সময়ত ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ: বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে বিধায়ক ড৹ অমিয় ভূঞা

Last Updated :Jun 21, 2022, 7:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.