ETV Bharat / state

বকোত জব্দ ৩০০ টা শাল গছৰ কুণ্ডা

author img

By

Published : Feb 10, 2021, 12:47 PM IST

বকোত জব্দ ৩০০ টা শাল গছৰ কুণ্ডা
বকোত জব্দ ৩০০ টা শাল গছৰ কুণ্ডা

বকো আৰু বন্দাপাৰা বন বিভাগৰ লোকে অভিযান চলায় বকোৰ উলুপাৰা আৰু পুখুৰীপাৰৰ পৰা জব্দ কৰা হয় প্ৰায় ৩০০ টা শাল গছৰ কুণ্ডা ৷

বকো,10ফেব্ৰেুৱাৰী : মংগলবাৰে নিশা বকোৰ উলুপাৰা আৰু পুখুৰীপাৰত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰা হয় ৷ বকো আৰু বন্দাপাৰা বন বিভাগৰ লোকে অভিযান চলাই জব্দ কৰে কুণ্ডাখিনি । প্ৰায় ৩০০ টা কুণ্ডা জব্দ কৰে বন বিভাগে । বনাঞ্চলৰ পৰা শাল গছ কাটি কুণ্ডাবোৰ মজুত কৰি ৰাখিছিল বুলি প্ৰকাশ কৰে বন বিভাগৰ লোকে ৷

উল্লেখ্য যে,পশ্চিম কামৰূপ বন সংমণ্ডলৰ এলেকাত দীৰ্ঘ দিন ধৰি চলি আছে এই বন ধ্বংস কাৰ্য । বন বিভাগৰ ছত্ৰ-ছায়াতে এনেবোৰ কাৰ্য সংঘটিত হৈ আহিছে বুলি একাংশ লোকে মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে: মাৰ্ঘেৰিটাত বন্যহস্তীৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.