ETV Bharat / state

১৬ খন বিধেয়কৰে সোমবাৰৰে পৰা বিধানসভাৰ শীতকালীন অধিবেশন

author img

By

Published : Dec 19, 2021, 6:45 PM IST

Updated : Dec 19, 2021, 8:11 PM IST

Winter Session of Assam Assembly to start from monday
১৬ খন বিধেয়কৰে সোমবাৰৰে পৰা বিধানসভাৰ শীতকালিন অধিবেশন

সোমবাৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন(Winter Session of Assam Assembly ) । এই অধিৱেশনত সদনত উত্থাপিত হ’বলগীয়া ১৫ খন সংশোধনী বিধেয়কৰ ভিতৰত আছে গো-সুৰক্ষা আইন(Cattle Preservation Bill 2020)ৰো এখন সংশোধনী বিধেয়ক । সবিশেষ জানো আহক ৷

গুৱাহাটী, ১৯ ডিচেম্বৰ : এখন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপনেৰে সোমবাৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন(Winter Session of Assam Assembly) । ইতিমধ্যে, ক'ভিড প্ৰট'কলৰ মাজেৰে সুকলমে অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে । অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ ২৩ ডিচেম্বৰত সদনত গৃহীত কৰা হ’ব আটাইকেইখন বিধেয়ক ।

মনকৰিবলগীয়া যে, এই অধিৱেশনত সদনত উত্থাপিত হ’বলগীয়া ১৫ খন সংশোধনী বিধেয়কৰ ভিতৰত আছে গো-সুৰক্ষা আইন(Cattle preservation bill)ৰো এখন সংশোধনী বিধেয়ক । বিধানসভা সচিবালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২১ ডিচেম্বৰৰ কাৰ্যক্ৰমণিকাত থাকিব বেচৰকাৰী কাৰ্যসূচী । ইয়াৰ উপৰিও প্ৰশ্নোত্তৰ কালৰ লগতে ২০২১-২০২২ বৰ্ষৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকাও সদনত উত্থাপন কৰা হ’ব ।

যি সময়ত ৰাজ্যজুৰি গো-সুৰক্ষা আইনৰ বিৰুদ্ধে বিৰোধীয়ে সৰৱ ভূমিকা লৈছে সেই সময়ত এতিয়া সদনত এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে ৷ উল্লেখযোগ্য যে, কেৱল অসমতেই নহয় সমগ্ৰ দেশজুৰি এই গো-সুৰক্ষা আইনক লৈ হৈছে বিশেষ চৰ্চা ৷ বিভিন্ন সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এই আইনখনৰ সমৰ্থনত প্ৰকাশ কৰিছে বিশেষ সৰৱতা(Assam CM on cattle preservation bill) ৷

লগতে পঢ়ক : Himanta Biswa Sarma at GMCH : জিএমচিএইচত মুখ্যমন্ত্রীৰ ছাডেন ভিজিট

Last Updated :Dec 19, 2021, 8:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.