ETV Bharat / state

কি কি চৰ্তত ৰেহাই হ'ব Microfinance ৰ ঋণ ?

author img

By

Published : Jun 18, 2021, 9:46 PM IST

১২৫০০ কোটি নহয়, অসমৰ মহিলাই পৰিশোধ কৰিবলগীয়া হৈ আছে ৮২৫০ কৌটিৰ ঋণ। এই ঋণ পৰিশোধ কৰিবলৈ সাজু অসম চৰকাৰ । কিন্তু এই ক্ষেত্ৰতো থাকিব কেতবোৰ গুৰুত্বপূৰ্ণ চৰ্ত ।

Govt to exempt microfinance loans
মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিব চৰকাৰে

গুৱাহাটী, ১৮ জুন : অসমৰ দুখীয়া মহিলাৰ মাইক্ৰ'ফাইনেঞ্চ(micro finance)ৰ ঋণ(loan) ওভোটাই দিবলৈ বদ্ধপৰিকৰ অসম চৰকাৰ(assam govt)। শুকুৰবাৰে এই কথা পুনৰবাৰ দোহাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্থানীয় অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বন্ধন বেংক(bandhan bank), নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক(north east small finance bank) আৰু মাইক্ৰ'ফাইনেন্স (micro finance)অনুষ্ঠান সমূহৰ সংস্থা এমএফআইএন(MFIN) ৰ প্ৰতিনিধিৰে হোৱা আলোচনাৰ পিছত গম পোৱা যায় যে আচলতে অসমৰ মহিলাৰ হাতত থকা ঋণৰ পৰিমান ৮২৫০ কোটিহে। এই পৰিমান পূৰ্বে ১২৫০০ কোটি আছিল বুলি অনুমান কৰা হৈছিল যদিও এই কথা স্পষ্ট হৈছে যে চৰকাৰে আগতে ভবাতকৈ চাৰি হাজাৰ কোটি টকা কম কৰিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখিব পৰা‌ যাব।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে, ভাৰতীয় ৰিজাৰ্ভ বেংক(reserve bank of India)ৰ নীতি-নিয়ম নমনাকৈ যি সংখ্যক অনুষ্ঠানে ৰাজ্যj মহিলাক ঋণ দিছিল সেই ঋণ অনুষ্ঠান সমূহেই ৰেহাই দিব। গতিকে চৰকাৰ তেনে ঋণ ঘূৰাই দিয়াৰ পৰাও মুক্ত হৈছে। আনহাতে, যিসকল দুখীয়া মহিলাই তেওঁলোকৰ ঋণ ওভোটাই দিয়াটো বিচাৰিছে সেই ঋণ চৰকাৰে ওভটাই দিবই। কিন্তু এনে মহিলা সকলৰ নাম সংশ্লিষ্ট বেংক সমূহে এনপিএ(NPA)ৰ তালিকাত সন্নিৱিষ্ট কৰিব আৰু সেই বাবে তেওঁলোকে ভৱিষ্যতে বেংকৰ পৰা ঋণ পোৱাৰ পৰা বঞ্চিত হ'ব। গতিকে সেই কথালৈ লক্ষ্য কৰি যদি কোনো ঋণী মহিলাই নিজেই ঋণৰ কিস্তি ঘূৰাই দিব বিচাৰে তেওঁলোকক সেই কাৰ্যক উৎসাহিত কৰা হ'ব। অৰ্থাৎ এনে মহিলাৰ বাবে থাকিব উদ্গনি মূলকপুঁজি।

উল্লেখ্য যে,সংবাদ মেলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,মাইক্ৰ'ফাইনেন্সৰ এই ঋণ কেৱল ন'নবেংকিং ফাইনেন্স কোম্পানী(non banking faience company)ৰ পৰা লোৱা হটব লাগিব। কোনো কোঅ'পাৰেটিভ(co-operative)ৰ পৰা লোৱা ঋনৰ দায়িত্ব ৰাজ্য চৰকাৰে নলয়।‌‌

লগতে পঢ়ক: বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমে সফলতা লাভ কৰিছে : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.