ETV Bharat / state

কৃত্ৰিম বানত প্লাৱিত মহানগৰী

author img

By

Published : Jun 5, 2020, 10:46 PM IST

Water blast guwahati kamrup metro assam etv bharat news
জল বিস্ফোৰণৰ কবলত মহানগৰী

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত শুকুৰবাৰে জাইকা প্ৰকল্পৰ পানীৰ পাইপ ফুটি প্ৰায় 4 ফুট ওপৰলৈ উঠি আহে পানী ৷ জল বিস্ফোৰণৰ ফলত ৰাজপথত সৃৃষ্টি হৈছে পাঁচফুট দ গাঁত ৷

গুৱাহাটী,5 জুন: এটাৰ পিছত আনটো দুৰ্যোগৰ সন্মুখীন মহানগৰী গুৱাহাটী ৷ মহানগৰীত শুকুৰবাৰে সংঘটিত হৈছে জল বিস্ফোৰণ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত জাইকা প্ৰকল্পৰ পানীৰ পাইপ ফুটি প্ৰায় চাৰিফুট ওপৰলৈ উঠি আহে পানী ৷ বিস্ফোৰণটোৰ ফলত ৰাজপথত সৃষ্টি হৈছে পাঁচফুট দ গাঁত ৷

জল বিস্ফোৰণৰ কবলত মহানগৰী

আনহাতে,এই ঘটনাৰ বাবে কিছুসময় কৃত্ৰিম বানত ডুব যায় লতাশিল থানাৰ লগতে উচ্চ ন্যায়ালয়ৰ সমীপৰ পথসমূহ ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত পানী যোগানৰ পৰীক্ষা কৰি আছিল জাইকাই ৷ পাইপ ফুটি পানী নিৰ্গত হোৱাৰ ফলত বহুসময় ধৰি জলমগ্ন হৈ থাকে অঞ্চলটো ৷ মূল উৎসৰ পানী বন্ধ কৰাৰ পিছতহে পানী ওলোৱা বন্ধ হয় বিস্ফোৰিত অংশৰ পৰা ৷ উক্ত ঘটনাৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল ন্যায়ালয়ৰ সমীপৰ দীঘলীপুখুৰীৰ সমীপৰ পথচোৱা ৷

লগতে চাওকঃ কৰ'ণা নিৰ্মূলৰ বাবে নগাঁৱত পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.