ETV Bharat / state

কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ কৌশল আগবঢ়ালে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Jan 9, 2022, 7:33 PM IST

Union minister Sarbananda Sonowal asks people to use AyuRaksha kit to fight covid
কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ কৌশল আগবঢ়ালে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে ক’লে ‘আয়ুৰক্ষা কিটে' কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে আৰু মহামাৰীৰ সময়তো নিজকে সুস্থ কৰি ৰখাত সহায় কৰে । নিয়মীয়াকৈ যোগ অনুশীলন আৰু সুস্থ আয়ুষ আহাৰ গ্ৰহণৰ পৰামৰ্শ সোণোৱালৰ (Sarbananda Sonowal asks people to practice yoga)।

গুৱাহাটী, ৯ জানুৱাৰী : শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সকলোকে যোগ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ আৰু আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal on ways to fight COVID) । দেওবাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্র ৰাজ্যিক অতিথিশালাত সাংবাদিকৰে মত-বিনিময় অনুষ্ঠানত মন্ত্রীগৰাকীয়ে এই আহ্বান জনায় । তেওঁ লগতে কয় যে, আয়ুষ মন্ত্ৰালয়ে চাৱনপ্ৰাছ, সঞ্জীৱনী বটী, অনু তেল আৰু আয়ুষকোৱাথক লৈ ‘আয়ুৰক্ষা কিট’ নামৰ এক আয়ুৰ্বেদিক কিট প্ৰস্তুত কৰিছে (Minister Sarbananda Sonowal on Ayuraksha kit) ।

যিটো কিটে কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে আৰু মহামাৰীৰ সময়তো নিজকে সুস্থ কৰি ৰখাত সহায় কৰে । কৰ'ণাৰ সময়ত এই কিট বিশেষ সহায়ক হিচাপে চিহ্নিত হৈছে । আনহাতে শিশুৰ প্ৰতি লক্ষ্য ৰাখি 'বালকিট' দিয়া হৈছে । দেশত ক’ভিড-১৯ৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু দেশৰ সমগ্ৰ স্বাস্থ্য ব্যৱস্থা এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈ আছে ।

এই ক্ষেত্রত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয় আৰু আয়ুষ মন্ত্রণালয়ে একেলগে কাম কৰি আছে । লগতে পৰ্যাপ্ত পৰিমাণে ঔষধপাতি যোগান ধৰি আহিছে । তেওঁ লগতে কয় যে ক’ভিড-১৯ৰ প্ৰতিৰোধ আৰু চিকিৎসাত প্ৰাচীন চিকিৎসা ব্যৱস্থা আয়ুষে যথেষ্ট সফলতা অৰ্জন কৰিছে ।

ক’ভিডত কম পৰিমাণে আক্ৰান্ত হৈ হোম আইছ’লেচনত থকাসকলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ আয়ুষ-৬৪ অথবা কবাছুৰা কুডিনিয়েৰ গ্ৰহণ কৰিব পাৰে বুলি তেওঁ পৰামৰ্শ আগবঢ়ায় ( Sarbananda Sonowal asks people to use AyuRaksha kit)। মন্ত্ৰী সোণোৱালে এই সংক্ৰমণ প্ৰতিহত কৰিবলৈ সকলোকে নিয়মীয়াকৈ যোগ অনুশীলন আৰু সুস্থ আয়ুষ আহাৰ গ্ৰহণৰ পৰামৰ্শ দিয়ে । তেওঁ লগতে কয় যে, আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ পৰিস্থিতি অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে আৰু বিভিন্ন নিৰ্দেশনা জাৰি কৰি আহিছে ।

কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ কৌশল আগবঢ়ালে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

জল পৰিবহন ব্যৱস্থাৰ ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রীগৰ‍াকীয়ে কয় যে, গংগা আৰু ব্ৰহ্মপুত্র নদীৰ পৰিবহন ব্যৱস্থা সুচল কৰাৰ বাবে খনন কাৰ্য চলাই থকা হৈছে । পূৰ্বতে ব্ৰহ্মপুত্র নদীৰ গভীৰতা আছিল আৰু সেই গভীৰতাৰ বাবে নদীকেন্দ্ৰিক বাণিজ্য গঢ় লৈ উঠিছিল । সেই পৰিৱেশ ঘূৰাই অনাৰ বাবে নদীৰ গভীৰতা বৃদ্ধিৰ বাবে খনন কাৰ্য চলোৱা হৈছে ।

আঢ়ৈ-তিনি মিটাৰ গভীৰলৈ খনন কৰিব পাৰিলেহে ১৫০০-২০০ মেট্ৰিক টন সামগ্ৰী কঢ়িওৱা জাহাজ চলোৱাটো সম্ভৱ হ'ব । ব্ৰহ্মপুত্র নদীৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ সকলো নদীক ব্যৱসায়-বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে (Sarbananda Sonowal on using rivers for trade)। তেওঁ লগতে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ-সম্ভাৱনীয়তাক বিশ্বৰ আগত দাঙি ধৰিছে । যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপ সলনি হৈছে । প্ৰধানমন্ত্রীয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ নিউ ইঞ্জিন হিচাপে অভিহিত কৰিছে ।
লগতে পঢ়ক : নিজামৰ দেশলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘চিন মোকাম নোহোৱা হ’ব নিজামৰ’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.