ETV Bharat / state

প্ৰস্তাৱিত মাৰ্ঘেৰিটা তাপ বিদ্যুৎ প্ৰকল্প ৰূপায়ণত অনিশ্চয়তা

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 3:09 PM IST

Margherita thermal power plant : গেছৰ অভাৱত পৰিত্যক্ত ঘোষণা শিলচৰ বিদ্যুৎ প্ৰকল্প । কয়লাৰ সংকটত অনিশ্চয়তাত মাৰ্ঘেৰিটাৰ প্ৰস্তাৱিত ১৬০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প । লোকসভাত কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰ নিৰাশাৰ তথ্য ।

Margherita power plant
মাৰ্ঘেৰিটা তাপ বিদ্যুৎ প্ৰকল্প

গুৱাহাটী, ১৯ ডিচেম্বৰঃ ৰাজ্যখনত বিদ্যুতৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে যদিও উৎপাদন বৃদ্ধি পোৱা নাই । এক কথাত ক'বলৈ গ'লে বিদ্যুতৰ ক্ষেত্ৰত অসমৰ অৱস্থা অতি শোচনীয় । বিদ্যুতৰ ক্ষেত্ৰত ৰাজ্যখনৰ নিজা উৎপাদন নাই বুলিয়ে ক'ব পাৰি । ইফালে বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ বাবে লোৱা প্ৰকল্পসমূহো ৰূপায়ন কৰাত কাৰ্যতঃ ব্যৰ্থ হৈছে চৰকাৰ ।

লক্ষ্যণীয় বিষয় যে বিদ্যুতৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে যি সময়ত অসমে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত শিলচৰ বিদ্যুৎ প্ৰকল্পটো পৰিত্যক্ত ঘোষণা কৰিছে । আনহাতে প্ৰস্তাৱিত মাৰ্ঘেৰিটা তাপ বিদ্যুৎ প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিছে । উল্লেখ্য যে অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত এই দুয়োটা প্ৰকল্পৰ ক্ষেত্ৰতে দেখা দিয়া সমস্যাৰ কথা সংসদত প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে ।

সংসদত দিয়া তথ্য মতে প্ৰস্তাৱিত শিলচৰ বিদ্যুৎ প্ৰকল্পটো ৰূপায়ণৰ বাবে প্ৰয়োজনীয় গেছৰ অভাৱ হৈছে । সেয়েহে উক্ত প্ৰকল্পটো ৰূপায়ণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে । আনহাতে ১৬০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলগীয়া প্ৰস্তাৱিত মাৰ্ঘেৰিটা তাপ বিদ্যুৎ প্ৰকল্পৰ ডি পি আৰ অর্থাৎ বিস্তৃত প্ৰকল্প প্ৰতিবেদন এন টি পি চি লিমিটেডে প্ৰস্তুত কৰিছিল ।

আনহাতে প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ধার্য কৰা হৈছিল ১৬,৮৫০ কোটি টকা । এই সন্দৰ্ভত অসম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেডে (এ পি জি চি এল) প্ৰকল্পটোলৈ ক’ল ইণ্ডিয়া লিমিটেডৰ পৰিচালিত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ পৰা কয়লা যোগানৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ দাখিল কৰিছিল । কিন্তু চেন্ট্ৰেল ইলেকট্ৰিচিটি অথ’ৰিটি অর্থাৎ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে উত্তৰ-পূব কয়লা ক্ষেত্ৰত উক্ত প্ৰকল্পটো ৰূপায়ণ কৰিব পৰাকৈ কয়লাৰ অভাৱৰ কথা ব্যক্ত কৰে । যাৰ বাবে প্ৰকল্পটো ৰূপায়ণ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে ।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰে উক্ত প্ৰকল্পৰ বাবে প্ৰস্তুত কৰা বিস্তৃত প্ৰকল্প প্ৰতিবেদনখন পুনৰ পৰ্যালোচনা কৰাৰ বাবে পৰামৰ্শ দিছে । কিয়নো এ পি জি চি এলে আন কোম্পানী যেনে ই চি এল, বি চি চি এল আৰু চি চি এলৰ পৰা কয়লা ক্ৰয় কৰাৰ সুবিধা আছে । এইক্ষেত্ৰত এ পি জি চি এলক কয়লা ক্ৰয় কৰাৰ বাবে পুনৰ ক’ল ইণ্ডিয়াৰ সৈতে কথা পাতিবলৈকো পৰামৰ্শ দিয়া হৈছিল । কিন্তু পৰৱৰ্তী সময়ত এ পি জি চি এলৰ পৰা কেন্দ্ৰীয় চৰকাৰে এই সম্পর্কত কোনো উত্তৰ লাভ কৰা নাই ।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটা তাপ বিদ্যুৎ প্ৰকল্পটো ৰূপায়ণত গুৰুত্ব দিয়াৰ কথা সংসদত সদৰী কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীজনে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি অক্টোবৰত উক্ত প্ৰকল্পটোৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিছিল । বৈঠকত মুখ্যমন্ত্ৰীয়ে এ পি জি চি এলৰ পৰিচালন সঞ্চালকক কয়লা যোগান ধৰাৰ ক্ষেত্ৰত ক’ল ইণ্ডিয়া লিমিটেডৰ সৈতে কথা পতাৰ বাবে পৰামৰ্শ দিছে । কিন্তু সমগ্ৰ বিষয়টোৰ বিশেষ কোনো অগ্ৰগতি হোৱা নাই ।

এনে পৰিস্থিতিত মাৰ্ঘৰিটা তাপ বিদ্যুৎ প্ৰকল্পটো ৰূপায়িত হোৱাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে । উল্লেখ্য যে ৰাজ্যখনত প্ৰতি বছৰে বিদ্যুতৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে । চলিত বৰ্ষৰ গ্ৰীষ্মকালত ৰাজ্যত বিদ্যুতৰ চাহিদা প্ৰায় ২৫০০ মেগাৱাটলৈকে বৃদ্ধি পাইছিল । যাৰ বাবে বিদ্যুৎ বিভাগে ব্যাপক লোডশ্বেডিং কৰিবলৈ বাধ্য হৈছিল ।

আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শক্তিমন্ত্ৰীক সাক্ষাৎ কৰি অসমক ৰেহাই মূল্যত অধিক বিদ্যুৎ যোগান ধৰাৰ বাবেও অনুৰোধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । বৰ্ধিত বিদ্যুতৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ স্বাৰ্থত ৰাজ্যখনৰ বাবে শিলচৰ আৰু মাৰ্ঘেৰিটা প্ৰকল্প ৰূপায়ণ কৰাটো অত্যন্ত জৰুৰী আছিল ।

লগতে পঢ়ক: গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ অসম-নাগালেণ্ডৰ দুই মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.