ETV Bharat / state

Fraud arrested in Guwahati : দগা-পাল্লা নৱীকৰণৰ নামত ধন সংগ্ৰহ কৰিবলৈ আহি প্ৰৱঞ্চক আটক

author img

By

Published : Feb 22, 2023, 10:07 AM IST

মহানগৰীত পুনৰ প্ৰৱঞ্চনাৰ ঘটনা ৷ নাৰেংগীৰ কলংপাৰ বজাৰৰ পৰা দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ৷ দগা-পাল্লা নৱীকৰণৰ নামত ভুৱা পৰিচয়েৰে ধন সংগ্ৰহৰ অভিযোগ ৷ প্ৰৱঞ্চক দুটা হিতেশ্বৰ দেউৰী আৰু বাবু স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে (Fraud arrested from Narengi) ৷

2 Fraud arrested in Guwahati
নাৰেঙ্গী কলংপাৰ বজাৰৰ পৰা দুই প্ৰৱঞ্চক গ্ৰেপ্তাৰ

নাৰেঙ্গী কলংপাৰ বজাৰৰ পৰা দুই প্ৰৱঞ্চক গ্ৰেপ্তাৰ

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ৷ প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰতিদিনে পোহৰলৈ আহি আছে চাঞ্চল্যকৰ অপৰাধৰ ঘটনা ৷ বাদ পৰা নাই গুৱাহাটী মহানগৰীও ৷

চোৰ, ডকাইত, প্ৰৱঞ্চক, হত্যাকাৰীয়ে টিঘিলঘিলাই ফুৰা এখন মহানগৰীলৈ পৰিণত হৈছে গুৱাহাটী (Fraud case in Guwahati) । আৰক্ষী-প্ৰশাসন তথা জনতাৰ চকুত ধূলি দি গুৱাহাটীত প্ৰৱঞ্চকে পেলাইছে প্ৰৱঞ্চনাৰ জাল । এইবাৰ এনে এক প্ৰৱঞ্চকৰ এটা দল ধৰা পৰিল নাৰেংগীৰ কলংপাৰ বজাৰত ৷ নিজকে অসম চৰকাৰৰ যোগান বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি কলংপাৰ বজাৰত ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি থকা অৱস্থাত মঙলবাৰে ৰাইজৰ ৰোষত পৰে দুজনকৈ প্ৰৱঞ্চক ।

ৰাইজে কৰায়ত্ব কৰা দুই প্ৰৱঞ্চকক উত্তম মাধ্যম শোধাই পিছত ব্যৱসায়ীসকলে নুনমাটি আৰক্ষীক গতাই দিয়ে । ধৃত প্ৰৱঞ্চক দুটা হিতেশ্বৰ দেউৰী আৰু বাবু স্বৰ্গীয়াৰী বুলি জানিবলৈ পৰা গৈছে । জানিব পৰা মতে, মংগলবাৰে দিনৰ ভাগত নাৰেংগীৰ কলংপাৰ বজাৰলৈ মটৰ চাইকেল লৈ দুজন লোক আহে । লোক দুজনে নিজকে ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ লিগেল মেট্ৰোলজী শাখাৰ কৰ্মচাৰী বুলি পৰিচয় দিয়ে (Fake identities for scale renewal in Guwahati ) ।

তাৰ পিছত লোক দুজনে বজাৰৰ একাংশ ব্যৱসায়ীৰ পৰা সামগ্ৰী ওজন কৰা দগা পাল্লা পুনৰ নৱীকৰণ কৰাৰ বাবে ৫০০ টকাৰ পৰা ১৫০০ টকালৈ দাবী কৰে বুলি বজাৰখনৰ ব্যৱসায়ীসকলে জানিবলৈ দিয়ে । প্ৰৱঞ্চক দুটাই ধন সংগ্ৰহ কৰি থকাৰ সময়তে আন একাংশ ব্যৱসায়ীৰ লোক দুজনৰ ওপৰত সন্দেহ ওপজাত লোক দুজনৰ পৰিচয় পত্ৰ চাবলৈ বিচাৰে । কিন্তু লোক দুজনে ব্যৱসায়ী সকলক পৰিচয় পত্ৰ দেখুৱাব নোৱাৰাত ব্যৱসায়ী সকলৰ মনত ইতিমধ্যে গঢ়ি উঠা সন্দেহটো অধিক গাঢ় হয় (2 Fraud arrested from Narengy) ।

নিজকে অসম চৰকাৰৰ যোগান বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া লোক দুজনে ব্যৱসায়ীসকলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি বজাৰ এৰি পলায়নৰ চেষ্টা কৰাত স্থানীয় একাংশ ব্যৱসায়ীয়ে প্ৰৱঞ্চক দুটাক উত্তম মাধ্যম শোধায় । পিছত প্ৰৱঞ্চক দুটাই নৱ নামৰ এজন যোগান বিভাগৰ বিষয়াৰ অধীনত কাম কৰি থকা বুলি অৱগত কৰে ।

উপস্থিত ব্যৱসায়ী সকলে নৱ উপাধিৰ বিষয়া জনক মাতিবলৈ কয় যদিও প্ৰায় দুঘণ্টা সময় উকলি যোৱাৰ পিছতো বিষয়াজন ঘটনাস্থলীত উপস্থিত নোহোৱাত পৰৱৰ্তী সময়ত ৰাইজে প্ৰৱঞ্চক দুটাক নুনমাটি আৰক্ষীৰ হাতত গতাই দিয়ে । উল্লেখ্য যে, বিভিন্ন ক্ষেত্ৰত সংঘটিত হৈ অহা এনে ধৰণৰ প্ৰৱঞ্চনা তথা অপৰাধজনিত কাৰ্যকলাপে সভ্য সমাজক চিন্তান্বিত কৰি তোলাৰ লগতে নিদ্ৰা হৰা পৰিলক্ষিত হৈছে (Noonmati Police Station) ৷

লগতে পঢ়ক : Children Torture Father in Baksa : বাক্সাৰ ভোগপুৰৰ বৃদ্ধ পিতৃক সন্তানে এৰি থৈ আহিল ৰাষ্ট্ৰীয় ঘাইপথত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.