ETV Bharat / state

Attractive tourist destination in Guwahati: ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক লৈ পৰ্যটন বিভাগৰ নতুন পৰিকল্পনা

author img

By

Published : Dec 22, 2022, 9:55 PM IST

গুৱাহাটীৰ ওচৰৰ বালিচাপৰিত স্থায়ী পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ হিচাপে বিকাশৰ পৰিকল্পনা ৰাজ্যৰ পৰ্যটন বিভাগৰ(Attractive tourist destination in Guwahati) । নৱবৰ্ষৰ পহিলা দিনটোতে সুবিধা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই পৰ্যটন ক্ষেত্ৰ । ফেৰীৰে এই বালিচাপৰিলৈ আহি সকলোৱে ইয়াত থকা মনোৰঞ্জনৰ বিভিন্ন সা-সুবিধা তথা ৰোমাঞ্চকৰ অভিজ্ঞতা উপভোগ কৰিব পাৰিব ।

Attractive tourist destination in Guwahati
ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ হিচাপে বিকাশৰ পৰিকল্পনা পৰ্যটন বিভাগ

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ হিচাপে বিকাশৰ পৰিকল্পনা পৰ্যটন বিভাগ

গুৱাহাটী,২২ ডিচেম্বৰ: নিজৰ ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনৰ পৰা অলপ সকাহ বিচাৰি এতিয়া গুৱাহাটীবাসী যাব পাৰিব ব্ৰহ্মপুত্ৰৰ বালিচৰলৈ । নৈসৰ্গিক সৌন্দৰ্যৰ সৈতে উপভোগ কৰিব পাৰিব পৰম্পৰাগত খেল-ধেমালী, জলক্ৰীড়া, সাংস্কৃতিক অনুষ্ঠান, এনিমেল ছাফাৰী, পেৰাগ্লাইডিং, পৰম্পৰাগত খাদ্য সম্ভাৰ, বজাৰকে ধৰি মনোৰঞ্জনৰ অলেখ সুবিধা । পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ দৰ্শকৰ বাবে মুকলি থাকিব মনোৰঞ্জনৰ অলেখ সুবিধা থকা এই পৰ্যটন ক্ষেত্র(Attractive tourist destination in Guwahati) ।

উল্লেখ্য যে অসম চৰকাৰৰ পৰ্যটন বিভাগে গুৱাহাটীৰ ওচৰতে বালিচাপৰিত খৰালি কালৰ বাবে এক স্থায়ী পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ বিকাশৰ পৰিকল্পনা কৰিছে । নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই এই সকলো সুবিধা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব । আজি পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই(Tourism minister Jayanta Mallabaruah) বিভাগীয় বিষয়াসকলৰ সৈতে এই নতুন প্ৰকল্পস্থলী প্ৰদৰ্শন কৰি ইয়াৰ নিৰ্মাণ তথা সুৰক্ষা আদি সকলো দিশৰ বুজ লয় । ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে বালিচাপৰিত এখন সংবাদমেল সম্বোধন কৰে ।

তেওঁ কয় যে ব্ৰহ্মপুত্রৰ বালিচাপৰিক স্থায়ীভাৱে নহ'লেও তিনি-চাৰি মাহৰ বাবে পৰ্যটন ক্ষেত্র হিচাপে গঢ়ি তোলা হ'ব । ইয়াত বিভিন্ন ধৰণৰ সা-সুবিধা থাকিব আৰু যাৰ যোগেদি পৰ্যটকসকল আকৰ্ষিত হ'ব । ফেৰীৰে এই বালিচাপৰিলৈ আহি সকলোৱে ইয়াত থকা মনোৰঞ্জনৰ বিভিন্ন সা-সুবিধা তথা ৰোমাঞ্চকৰ অভিজ্ঞতা গ্ৰহণ কৰিব পাৰিব । ইতিমধ্যে ইয়াৰ বাবে কাম আৰম্ভ হৈছে আৰু পহিলা জানুৱাৰীৰ পৰা ব্ৰহ্মপুত্রৰ এই বালিচৰ খেলা-ধূলাকে ধৰি বিভিন্ন ব্যৱস্থাপনাৰ নতুন সংযোজনেৰে মুকলি কৰা হ'ব । পানী নুঠালৈকে বালিচৰ এনেদৰে মুকলি থাকিব বুলি তেওঁ কয় ।

লগতে পঢ়ক : Pengeri Firing Incident: পেঙেৰীত উগ্ৰপন্থী-আৰক্ষীৰ মাজত গুলীয়াগুলী ঘটনা ভুৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.