ETV Bharat / state

দুপৰীয়া 1 বজাৰ 10টা শীৰ্ষ বাতৰি

author img

By

Published : Jun 13, 2020, 12:56 PM IST

দুপৰীয়া 1 বজাৰ 10টা শীৰ্ষ বাতৰি

TOP10 @ 1PM
TOP10 @ 1PM

সন্তোষ হোজাই হত্যাকাণ্ডৰ চিআইডি তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

সন্তোষ হোজাই হত্যাকাণ্ডকলৈ চি আই ডি তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায় দণ্ডাধীশ অজয় লম্বা, দণ্ডাধীশ সৌমিত্ৰ শইকীয়াৰ ডিভিচন ব্যঞ্চে সন্তোষ হোজাই অপহৰণ আৰু হত্যাকাণ্ডকলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰে । উক্ত শুনানিতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক সন্তোষ হোজাই হত্যাকাণ্ড সন্দৰ্ভত চিআইডি পৰ্যায়ৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে ।

নিৰ্মাণকাৰ্য চলি থকা অট্টালিকাত উদ্ধাৰ মৃতদেহ

ৰঙিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত নিৰ্মাণকাৰ্য চলি এটা অট্টালিকাৰ পৰা উদ্ধাৰ হয় কানু দে নামৰ এজন লোকৰ মৃতদেহ ৷ অট্টালিকাটোৰ ভিতৰত ডিঙিত গামোচাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় কানু দে'ৰ মৃতদেহ ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, কানু দে'ক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে ৷ উল্লেখ্য যে, ৰঙিয়া ৭ নং ৱাৰ্ডৰ নিবাসী কানু দে'ৰ মৃতদেহ নিজ বাসগৃহৰ পৰা প্ৰায় 2 কিল'মিটাৰ দূৰৈৰ এটা অট্টালিকাৰ পৰা উদ্ধাৰ কৰা ঘটনাই বহু প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ সেয়ে, উক্ত ঘটনাক লৈ আৰক্ষীক সঠিকভাৱে তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

Unlock-1 ত চৰকাৰৰ ছবি সম্বলিত নিৰ্দেশাৱলী

Unlock 1 ৰ সময়ছোৱাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে ভয়াবহভাবে বৃদ্ধি পাই অহাৰ ফলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শুকুৰবাৰে কিছু নিৰ্দেশাৱলী প্ৰকাশ কৰিছে ৷ এই নিৰ্দেশাৱলী অনুসৰি ৰেষ্টুৰেন্ট, হোটেল, ধৰ্মীয় অনুষ্ঠান, শ্বপিং মল আৰু কাৰ্যালয়সমূহত গ্ৰহণ কৰিব লাগিব কিছুমান বিশেষ সতৰ্কতামূলক ব্যৱস্থা ৷ এই ব্যৱস্থাসমূহৰ ভিতৰত আছে উপস্থিত লোকৰ চাল-চলন নিয়ন্ত্ৰণ আৰু কেৱল লক্ষণ নেদেখুওৱা লোককহে প্ৰৱেশত অনুমতি ৷

পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিল এগৰাকী অসহায় মাতৃ ৷ কান্দি কান্দিয়েই আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনালে মাতৃগৰাকীয়ে ৷ 2011 চনতে স্বাধীন অসমৰ সপোন লৈ নিজ ঘৰখন এৰি আলফা (স্বা)লৈ যোৱা ভাইটি তথা ভাস্কৰ গগৈ ওৰফে আলফা (স্বা)ৰ চাৰ্জেন্ট অস্তিত্ব অসমৰ মাতৃয়ে অনুৰোধ জনায় পৰেশ বৰুৱাক ৷ নিজ পুত্ৰ জীয়াই আছেনে নাই তসেই কথাও নজনা মাতৃগৰাকী সম্প্ৰতি অসহায় ৷

কৰ'ণাক লৈ অপপ্ৰচাৰ নচলাবলৈ সকীয়নি লামডিঙৰ বিধায়কৰ

কৰ'ণাক লৈ অপ প্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা । এই মন্তব্য প্ৰকাশ কৰিছে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই ৷ লগতে ৰাইজক কৰ'ণা ভাইৰাছ সন্দৰ্ভত সজাগ আৰু সচেতন হোৱাৰ লগতে কৰ'ণাক লৈ অপপ্ৰচাৰৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷ লগতে বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে, কৰ'ণা ভাইৰাছৰ কোনো জাতি ধৰ্ম নাই গতিকে ইয়াক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাৰ প্ৰয়োজন নাই ৷ সাৱধানতা অৱলম্বন নকৰিলে সকলো এই ভাইৰাছত আক্ৰান্ত হ'ব ৷

লকডাউনৰ মাজতে পৰীক্ষা পাতি বিপদত এখন কলেজ

লকডাউনৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰি আইনৰ ৰোষত পৰিল এখন কলেজ ৷ মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এই কলেজখনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ ৷ কৰ'ণা ভাইৰাছৰ ফলত প্ৰদান কৰা প্ৰতিবন্ধকতাৰ মাজতে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কলেজলৈ মাতি পৰীক্ষা অনুষ্ঠিত কৰা বাবে তালেগাঁৱৰ এখন কলেজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসন দখল বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াৰ

শুকুৰবাৰে বিনা প্রতিদ্বন্দ্বিতাৰে অৰুণাচল ৰাজ্যসভাৰ একমাত্ৰ আসনখন দখল কৰে বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াই । ইয়াৰ পূৰ্বে ৰেবিয়াই ১৯৯৬ ৰ পৰা ২০০২ আৰু ২০০২ ৰ পৰা ২০০৮ চনলৈকে একেৰাহে দুবাৰকৈ পূৰ্বোত্তৰ ৰাজ্যত কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি জয় লাভ কৰিছিল । ৫৭ বছৰীয়া পূৰ্বৰ কংগ্ৰেছ তথা বৰ্তমানৰ বিজেপি নেতা গৰাকীয়ে বিধানসভাৰ সদস্য আৰু কেবিনেট মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছে ।

পাকিস্তানৰ প্ৰশিক্ষকক কোনে ক'লে 'মই ইংলেণ্ড শৃংখলাত প্ৰত্যাৱৰ্তনৰ বাবে সাজু' !

ইংলেণ্ড টেষ্ট শৃংখলাৰ পূৰ্বে পাকিস্তানৰ বেগী বলাৰ ৱাহাব ৰিয়াজৰ গুৰুত্বপূৰ্ণ মন্তব্য । পাকিস্তানৰ দলৰ মুখ্য় প্ৰশিক্ষক মিজৱাহ-উল-হক্ ক ক'লে ইংলেণ্ডৰ টেষ্ট শৃংখলাত প্ৰত্যাৱৰ্তনৰ বাবে সম্পূৰ্ণ সাজু ।

অভিনেত্ৰী দীপিকা সিঙৰ মাতৃৰ দেহত কৰ'ণা

জনপ্ৰিয় টিভি ধাৰাবাহিক 'দীয়া আৰু বাতী হম'ৰ অভিনেত্ৰী দীপিকা সিঙৰ মাতৃ আক্ৰান্ত মহামাৰী কৰ'ণাত । কিন্তু বৰ্তমান পৰ্যন্ত কৰ'ণাৰ টেষ্ট কৰা চিকিৎসালয়খনে প্ৰদান কৰা নাই কোনো ধৰণৰ ৰিপৰ্ট । হাস্পতালখনত কৰ্মৰত এজন স্বাস্থ্য কৰ্মীয়েহে এই সন্দৰ্ভত অৱগত কৰে বুলি সদৰি কৰে অভিনেত্ৰী গৰাকীয়ে ।

ভাৰত, লাও PDR য়ে COVID ৰ পাচত বৈশ্বিক সহযোগিতাৰ বাবে সন্মতি

শুকুৰবাৰে ভাৰত আৰু লাও PDR য়ে COVID ৰ পাচৰ পৃথিৱীত আন্তৰাষ্ট্ৰীয় সহযোগিতা প্ৰদান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু Lao People's Democratic Republic ৰ প্ৰধানমন্ত্ৰী থংলাউন ছিচৌলিথে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বান সম্পৰ্কত আলোচনা কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.