ETV Bharat / state

সন্তোষ হোজাই হত্যাকাণ্ডৰ চিআইডি তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Jun 13, 2020, 11:48 AM IST

শুকুৰবাৰে সন্তোষ হোজাই হত্যাকাণ্ড সন্দৰ্ভত চিআইডি তদন্তৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

সন্তোষ হোজাই
সন্তোষ হোজাই হত্যাকাণ্ডৰ চিআইডি তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ডিমা হাছাও, ১৩ জুন: সন্তোষ হোজাই হত্যাকাণ্ডকলৈ চি আই ডি তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায় দণ্ডাধীশ অজয় লম্বা, দণ্ডাধীশ সৌমিত্ৰ শইকীয়াৰ ডিভিচন ব্যঞ্চে সন্তোষ হোজাই অপহৰণ আৰু হত্যাকাণ্ডকলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰে । উক্ত শুনানিতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক সন্তোষ হোজাই হত্যাকাণ্ড সন্দৰ্ভত চিআইডি পৰ্যায়ৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে ।

উল্লেখ্য যে, বিগত ৪ মে' ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায় দণ্ডাধীশ অজয় লম্বা আৰু দণ্ডাধীশ সৌমিত্ৰ শইকীয়াৰ ডিভিচন ব্যঞ্চে সন্তোষ হোজাই হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক এচআইটি গঠন কৰি এই হত্যাকাণ্ডৰ তদন্ত কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত দক্ষিণ অসম প্ৰান্তৰ ডি আই জি দিলীপ কুমাৰ দেৰ নেতৃত্বত এচ আই টি গঠন কৰি দিয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে ।

সন্তোষ হোজাই
সন্তোষ হোজাই হত্যাকাণ্ডৰ চিআইডি তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শুকুৰবাৰে সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত এচ আই টিৰ প্ৰধান ডি আই জি দিলীপ কুমাৰ দে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰে । ইয়াৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায় দণ্ডাধীশ অজয় লম্বা ও দণ্ডাধীশ সৌমিত্ৰ শইকীয়াৰ ডিভিচন ব্যঞ্চে এই হত্যাকাণ্ডৰ চি আই ডি পৰ্যায়ৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে বুলি জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দেচৰিং থাওচেনে ।

আৰু পঢ়কঃ সন্তোষ হোজাই হত্যাকাণ্ডঃ অভিযুক্ত সূৰ্যকান্ত মৰাণক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.