ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Feb 18, 2021, 3:02 PM IST

top 10 at 3 pm
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

ভূপেশ বাঘেলৰ সভাত উৰিল ক’লা পতাকা

দক্ষিণ কামৰূপৰ সোণতলীত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী তথা অসম বিধানসভা নিৰ্বাচনৰ জ্যেষ্ঠ নিৰীক্ষক ভূপেশ বাঘেল ৷

মন্ত্ৰী হিমন্তৰ ফটো বিকৃত কৰি ৰঙাঘৰৰ আলহী যুৱতী

পিতৃ-কন্যাৰ ফটো বিকৃত ৰূপত পৰিৱেশন কৰি প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব প’ৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী সাংবাদিক গ্ৰেপ্তাৰ হোৱাৰ পাচতে বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাং নয়নমণি গগৈ নামৰ যুৱতী গৰাকীক ৷

ভূমি পূজন সম্পন্ন মাজুলী-যোৰহাট সংযোগী দলঙৰ

দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু সংগ্ৰামৰ ফলত অৱশেষত কাম আৰম্ভ হোৱাৰ দিশে মাজুলী-যোৰহাট সংযোগী দলঙৰ । বৃহস্পতিবাৰে দলঙৰ ভূমি পূজন সম্পন্ন কৰিলে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

কংগ্ৰেছৰ "পকৰী ৰাজনীতি"

সূতা কম্বলৰ ৰাজনীতি এৰি এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ পদপথৰ পকৰা বিতৰণৰ ৰাজনীতি । পদপথৰ পকৰা বিতৰণেৰে ৰাজনীতিৰ ক্ষমতা হস্তগত কৰিবলৈ কংগ্ৰেছে মৰিগাঁৱৰ ৰাইজৰ মাজত চলালে নিৰ্বাচনী প্ৰচাৰ ।

হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁ‌হজানীত বুধবাৰে জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় বুথ সংকল্প শিবিৰ ৷ এই অনুষ্ঠানত ছত্তিশগড়ৰ কংগ্ৰেছ নেতা মহেশ চন্দ্ৰবংশীৰ লগতে সাংসদ আব্দুল খালেকসহ কেইবাজনো কংগ্ৰেছ কৰ্মী উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

মুৰ্চিদাবাদৰ বোমা বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মমতাৰ

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি মন্তব্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ।

টুলকিট শ্বেয়াৰ কৰি আৰক্ষীৰ জালত দিশা ৰৱিক

দেওবাৰে দিল্লী আৰক্ষীয়ে কৃষক প্ৰতিবাদৰ লগত জড়িত ‘টুলকিট’ এটা ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰাৰ অভিযোগত বেংগালুৰুৰ এগৰাকী ২১ বছৰীয়া জলবায়ু কৰ্মী, দিশা ৰৱিক আটক কৰে ৷

‘লাইফ ইন্‌ এ পাপেট’ৰ আন এক সাফল্য

দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ চিলি আৰু ইউৰোপীয় ৰাষ্ট্ৰ ছুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলি উঠিছে অসমৰ পুতলা নাচ ভিত্তিক চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট ৷

আজি বিজুদাৰ ওপজা দিন...

বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিল । আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰতো দুৰ্দান্ত অভিনয় কৰা বিজু ফুকনে বঙালী ভাষাৰ চলচ্চিত্ৰ হোটেল শ্বোফিক্স, গজমুক্তা আদিতো অভিনয় কৰিছিল ।

কঠিয়াতলীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

নগাঁও, কঠিয়াতলী আৰু মদাৰতলী বন বিভাগৰ যুটীয়া অভিযানত হিলচ্ টিম্বাৰ চপ নামৰ এখন কাঠৰ দোকানৰ পৰা জব্দ কৰা হয় লক্ষাধিক টকাৰ চোৰাং কাঠ ৷ দীৰ্ঘদিন ধৰি চৰকাৰী অনুজ্ঞাপত্ৰ থকা বিপণীত চোৰাং কাঠৰ ব্যৱসায় চলি থকাৰ অভিযোগৰ পিছতে বন বিভাগৰ এই অভিযান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.