ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 27, 2021, 5:11 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 5PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোমবাৰে বিয়লি ৩ বজাৰ লগে লগে অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত ব্যৱসায় ভাল হৈছে আজমলৰ : ভূপেন বৰা

'এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷' বদৰুদ্দিন আজমলক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, এই দুয়োগৰাকী নেতাৰ মাজত নিৰ্বাচনৰ আগত ভোটৰ কথা আৰু নিৰ্বাচনৰ পাচত নোটৰ কথা আলোচনা হয় ৷

বগীবিলত টোলগেট স্থাপনৰ বিৰুদ্ধে আছুৰ ব্যাপক প্ৰতিবাদ

বগীবিল দলঙৰ সমীপত স্থাপন কৰা টোলগেট মুকলিৰ লগে লগে উত্তৰ আৰু দক্ষিণপৰীয়া লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ব । ইয়াকে লৈ সোমবাৰে আছুৰ ডিব্ৰুগড় জিলা, ধেমাজি জিলা আৰু লক্ষীমপুৰ জিলা সমিতিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় টোলগেটৰ সমীপত ।

গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

ৰাজ্য চৰকাৰৰ চোৰাংচোৱাই গৰুখুঁটিৰ ঘটনাৰ সৈতে তিনিটা সংগঠন জড়িত থকাৰ তথ্য সদৰি কৰিছে ৰাজ্য চৰকাৰৰ আগত ৷ এই সমগ্ৰ ঘটনাৰ আঁৰত থকা ছয়জন ব্যক্তিৰ নামো সদৰি কৰিছে ৰাজ্যৰ চোৰাংচোৱা বিভাগে ৷ বেদখলকাৰী সকলক আৰক্ষীক আক্ৰমণৰ বাবে উচতনি দিছিল এই চক্ৰটোৱে ।

নগাঁৱত অৰ্ধ শতাধিক বন্ধ সমর্থকক আটক আৰক্ষীৰ

বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত সংযুক্ত কিষাণ মৰ্চাই সোমবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে নগাঁৱত ৷ কেইবাটাও বামপন্থী দলৰ সমৰ্থনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উলিওৱা প্ৰতিবাদত বাধা প্ৰদান আৰক্ষীৰ ৷ প্ৰায় অৰ্ধ শতাধিক বন্ধ সমর্থকক আটক কৰি নগাঁও সদৰ থানালৈ নিয়ে আৰক্ষীয়ে ৷

চৰাইদেউত পিষ্টলসহ নগা যুৱক আটক

চৰাইদেউৰ নামতোলাত .২২ পিষ্টল আৰু পাঁচ ৰাউণ্ড সজীৱ গুলীসহ নগা যুৱক আটক ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ নাগালেণ্ড সীমান্তত সেনা আৰু নামতোলা আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক ৷ ধৃত যুৱকজন টিজিটৰ মানকাপ কন্যাক বুলি জানিব পৰা গৈছে ৷

গৰুখুটি কাণ্ডৰ সৈতে জড়িত দুজনক আটক

গৰুখুটিৰ উত্তেজনা আজিও যোৱা নাই মাৰ ৷ এই উত্তেজনাৰ মাজতে দৰং আৰক্ষীয়ে আটক কৰিছে গৰুখুটি কাণ্ডৰ সৈতে জড়িত থকা আচমত আলী আৰু চান মহম্মদক ।

অসম সন্তান ড৹ বিনয় কুমাৰ শইকীয়ালৈ শান্তি স্বৰূপ ভাটনাগৰ বঁটা

বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক প্ৰতিবছৰে বৈজ্ঞানিক তথা ঔদ্যোগিক অনুসন্ধান পৰিষদে শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰি আহিছে ৷ আন্তঃবিভাগীয় বিজ্ঞানৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্যদাপূৰ্ণ বঁটা হিচাপে গণ্য কৰা হয় ।

যাত্ৰীবাহী বাছত বনৰীয়া হাতীৰ আক্ৰমণ : চাওক ভিডিঅ'

কৰ্ণাটক-তামিলনাডু সীমান্তত যাত্ৰীবাহী বাছত বনৰীয়া হাতীৰ আক্ৰমণ ৷ বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে তামিলনাডু ৰাজ্যিক পৰিবহণ নিগম(TNSTC) বাছত যাত্ৰা কৰি থকা যাত্ৰীসকলৰ ৷

নাই ফেন, উৎকট গৰমত কেনেদৰে চলিছে এইখন চিকিৎসালয় ?

উৎকট গৰমক নেওচি চিকিৎসা প্ৰদান এখন চিকিৎসালয়ত ৷ বিদ্য়ুতৰ সু-ব্যৱস্থা থকাৰ পিছতো চিকিৎসালয়খনত নাই বৈদ্যুতিক পাংখা ৷ ফলত তীব্ৰ গৰমতে চিকিৎসা সেৱা গ্ৰহণ কৰিছে ৰোগীয়ে ৷ প্ৰতিবেদনৰ জৰিয়তে চাওকচোন ক’ত আছে এই চিকিৎসালয়খন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.