ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 31, 2022, 9:13 AM IST

TOP 10 AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Beef Smugglers Arrested: ডিব্ৰুগড়ত গো-মাংসসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজ্যত গো-মাংসৰ সৰবৰাহ নিষিদ্ধ থকাৰ মাজতে ডিব্ৰুগড়ত জব্দ কৰা হৈছে গো-মাংস(Beef seized in Dibrugarh)। পুৱতি নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লোহাৰ পট্টিত AS06 AC 5867 নম্বৰৰ বাহনৰ পৰা ৮ টা বেগত ভৰাই অনা অৱস্থাত ৪২৩ কেজি ওজনৰ গো-মাংস জব্দ কৰিবলৈ সক্ষম হয় ।

Road Accident in Jania: জনীয়াত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুজন ব্যক্তি

বৰপেটা জিলাৰ জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Jania) ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজন লোক ৷ জনীয়াৰ ছাপৰা দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা ।

Behali Reserve Forest: বিহালী সংৰক্ষিত বনাঞ্চলত বনজ সম্পদ লুণ্ঠনৰ লগতে বেদখলৰ অভিযোগ

উত্তৰ অসমৰ অন্যতম চিৰসেউজ বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলত দিনে নিশাই চলিছে বনজ সম্পদ লুণ্ঠনৰ এক অঘোষিত প্ৰতিযোগিতা(Loot of forest resources in Behali Reserve Forest) ৷

New year resolution of AGP: নতুন বছৰত অসম গণ পৰিষদৰ নতুন সংকল্প

নতুন বছৰত অসম গণ পৰিষদৰ নতুন সংকল্প হ’ব শক্তিশালী ভাতৃত্ববোধ দৰ্শনশীল কৰ্মসংস্কৃতিৰ আধাৰত স্বনিৰ্ভৰশীল অসম নিৰ্মাণ কৰা(New year resolution of AGP) ৷ দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে মত বিনিময় অনুষ্ঠানত এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ ৷

Asom Bahumukhi Samabai Samiti ltd : ডিফুত বহুমুখী সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে অভিযান

ৰাজ্যত পুনৰ সক্ৰিয় বিত্তীয় লুণ্ঠনকাৰী প্ৰতিষ্ঠান ৷ এইবাৰ ডিফুৰ লগতে কাৰ্বি আংলঙত চাৰিটা শাখা থকা অসম বহুমূখী সমবায় সমিতি (Asom Bahumukhi Samabai Samiti ltd) নামৰ প্ৰতিষ্ঠানত কাৰ্বি আংলং জিলা সমবায় বিভাগে ওলমালে তলা (Co-operation department Raid at Diphu) ৷

Operation Against Drunk Driving: পলাবলৈ চেষ্টা কৰি গোলাঘাট আৰক্ষীৰ জালত বাইক আৰোহী

নৱবৰ্ষত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰিছে ব্যৱস্থা (Operation to prevent accident) ৷ সমান্তৰালভাৱে সুৰাপায়ী চালক (Operation against drunk driving) আৰু নিয়ম নমনা চালকৰ বিৰুদ্ধেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

Guideline for new year celebration: নৱবৰ্ষ উদযাপনৰ বাবে মহানগৰবাসীয়ে মানিব লাগিব এই কেইটা নিৰ্দেশনা

গুৱাহাটী মহানগীৰত নৱবৰ্ষ উদযাপনৰ বাবে মানি চলিব লগিব কেতবোৰ নীতি-নিয়ম ৷ মহানগৰ আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা মানিহে আপুনি ওলাব পাৰিব বাহিৰলৈ ৷ অন্যথা বিপদত পৰিব আপুনি ৷ জানি লওক মহানগৰ আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা সমূহ কি কি ?

Assam Book Fair 2022: দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা

গ্ৰন্থমেলাৰ দ্বিতীয় দিনা বিয়লি ১ বজাত অনুষ্ঠিত কৰা হয় গ্ৰন্থঃ এক বৌদ্ধিক সম্পদ, আনন্দ আৰু অন্বেষণ শীৰ্ষক আলোচনা সত্ৰ ৷ গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ হাৰে প্ৰকাশন গোষ্ঠীসমূহৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে (Assam Book Fair 2022) ৷

Hiraben Passes Away : মাতৃ বিয়োগৰ বেদনাৰ মাজতে বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

মাতৃৰ মৃত্যুৰ কেইঘণ্টামান পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ পৰা পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰে (PM Modi virtually inaugurated Vande Bharat Express) । আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে হাওৰা ষ্টেচনত মঞ্চত উঠিবলৈ অস্বীকাৰ কৰাৰ সময়ত তেওঁক বিচলিত হোৱা যেন লাগিছিল ।

PM Modi mother death: প্ৰধানমন্ত্ৰী মোডীৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ মমতা বেনাৰ্জীৰ

মাতৃৰ বিয়োগৰ মাত্ৰ কেইঘণ্টামান পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে পশ্চিমবংগৰ বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে (PM Modi at Vande Bharat Express launched program)। বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ কৰে । বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত হুলস্থূলীয়া পৰিৱেশ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.