ETV Bharat / state

Assam Book Fair 2022: দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা

author img

By

Published : Dec 30, 2022, 10:53 PM IST

গ্ৰন্থমেলাৰ দ্বিতীয় দিনা বিয়লি ১ বজাত অনুষ্ঠিত কৰা হয় গ্ৰন্থঃ এক বৌদ্ধিক সম্পদ, আনন্দ আৰু অন্বেষণ শীৰ্ষক আলোচনা সত্ৰ ৷ গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ হাৰে প্ৰকাশন গোষ্ঠীসমূহৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে (Assam Book Fair 2022) ৷

Assam Book Fair 2022
দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা

দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা

গুৱাহাটী, ৩০ ডিচেম্বৰ: আজি দ্বিতীয় দিনাও গ্ৰন্থপ্ৰেমীৰ সমাৱেশে জীপাল কৰি তুলিলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা (Assam Book Fair 2022) ৷ গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ হাৰে প্ৰকাশন গোষ্ঠীসমূহৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে ৷ আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰে “গ্ৰন্থঃ এক বৌদ্ধিক সম্পদ, আনন্দ আৰু অন্বেষণ” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ (Assam Book Fair) ৷

আলোচনা সত্ৰখন সঞ্চালনা কৰি বিশিষ্ট কলা-সমালোচক, লেখক উৎপল দত্তই গ্ৰন্থ বাছনি আৰু পঠনৰ অভ্যাস সম্পৰ্কে বক্তব্য প্ৰদান কৰি গ্ৰন্থৰ বাছনি সঠিক হ’লে পঢ়াৰ অভ্যাস সুন্দৰকৈ গঢ় লয় বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই এই অভ্যাস গঢ়ি তুলিব পাৰি ৷ আকৰ্ষণীয় আৰু আনন্দ দিব পৰা কিতাপে পাঠক গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

এই প্ৰক্ৰিয়াৰে লাহে লাহে পাঠকে “চিৰিয়াছ” গ্ৰন্থ নিজেই বাছনি কৰিবলৈ আগ্ৰহী হৈ উঠে ৷ তেতিয়াই কিতাপৰ বিষয়ক লৈ নতুন চিন্তাৰ দুৱাৰ মনৰ মাজতে মুকলি হয় আৰু জীৱন অন্বেষণ, দৰ্শন আহৰণ আদিয়ে পঢ়ুৱৈক বৌদ্ধিকভাৱে সমৃদ্ধ কৰে ৷

সঞ্চালক দত্তই কিতাপক বৌদ্ধিক সম্পদলৈ উত্তৰিত কৰিবলৈ হ’লে গভীৰ অধ্যয়নৰ জৰিয়তে গ্ৰন্থৰ সাৰ কথা মন্থন কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিচালনাত সহযোগিতা আগবঢ়োৱা এই আলোচনা সত্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ স্মৃতিৰেখা ভূঞাই ৷ তেওঁ কয় যে ডিজিটেল যুগে গ্ৰন্থ আৰু অধ্যয়নৰ প্ৰক্ৰিয়াটোকে সলনি কৰি দিবলৈ ওলোৱাৰ সময়ত অসম প্ৰকাশন পৰিষদে এনে এটা বিষয়ক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো আশাৰ বতৰা ৷

আলোচনা সত্ৰখনত অতিথি আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক ড৹ বিৰিঞ্চি কুমাৰ দাসে কয় যে, গ্ৰন্থত কি অন্বেষণ কৰা হয় আৰু কি বিষয়ে পাঠকক আনন্দ দিয়ে সেয়া গুৰুত্বপূৰ্ণ বিষয় ৷ কিতাপৰ জৰিয়তে বৌদ্ধিক কচৰৎ হ’লে এয়া সম্পদত পৰিণত হয় ৷ আন এগৰাকী অতিথি আলোচক সমীৰ শাণ্ডিল্যই গ্ৰন্থক বৌদ্ধিক সম্পদ বুলি উল্লেখ কৰি অধ্যয়নে মনৰ দিগন্ত মুকলি কৰে বুলি কয় ৷ তেওঁ ভাল কিতাপ, বেয়া কিতাপ, পঢ়িবলগীয়া আৰু অপঠনীয় কিতাপ নিৰ্বাচনত সতৰ্ক হোৱা প্ৰয়োজন বুলিও কয় ৷ শাণ্ডিল্যৰ মতে গ্ৰন্থ অধ্যয়ন নিজকে আৱিষ্কাৰ আৰু পুনৰ আৱিষ্কাৰৰ এক যাত্ৰা ৷

আলোচনা সত্ৰখনত অতিথি আলোচকৰূপে অংশগ্ৰহণ কৰি ড৹ অনন্যা হিলৈদাৰী, ধৃজ্যোতি কলিতা, দিব্যজ্যোতি শৰ্মায়ো বিষয় প্ৰসংগত মতামত প্ৰকাশ কৰি বক্তব্য আগবঢ়ায় ৷ আনহাতে, গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত বিয়লি ৩ বজাত আয়োজন কৰা হয় আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিৱেশ্য কাব্য-শিল্পী তাৰা নোইচান্তাৰাৰ(Tara Nusantara from Indonesia) সৈতে এক অন্তৰংগ আলাপৰ অনুষ্ঠান ৷ নিজৰ বিচিত্ৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয় “মোৰ পিতৃ-মাতৃ দুয়োজনেই শিক্ষক আছিল ৷ মা সমান্তৰালভাৱে এগৰাকী নৃত্যশিল্পী আছিল ৷ গতিকে সৰুৰে পৰা মোৰ নৃত্যৰ সৈতে এক সহৃদয় সম্পৰ্ক গঢ়ি উঠিছিল ৷ মনৰ মাজত থাকে কবিতাও ৷ সেয়ে কবিতা আৰু নৃত্যৰ সমাহাৰেৰে মই কবিতাক পৰিৱেশ্য কলালৈ ৰূপান্তৰ কৰাৰ সম্পৰীক্ষা আৰম্ভ কৰিছিলোঁ ৷”

তেওঁ লগতে কয় যে, সাতশতাধিক জনগোষ্ঠী আৰু সহস্ৰাধিক নৃগোষ্ঠীৰ বাসভূমি দ্বীপ ৰাষ্ট্ৰ ইণ্ডোনেছিয়া ৷ সেয়ে লোক সংস্কৃতিৰ বিশাল সমাহাৰ ঘটিছে ইণ্ডোনেছিয়াত ৷ লোকসংস্কৃতিক আধাৰ কৰিয়ে পৰিৱেশ্য-কাব্যৰ নতুন ধাৰণাৰ জন্ম দিয়া হৈছিল ৷ প্ৰথমে এয়া মানি ল’বলৈ টান পাইছিল যদিও এতিয়া সুধী সমাজে ইয়াক স্বীকৃতি দিছে ৷“ কবিতা এটাক পৰিৱেশ্য কলাৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবলৈ বহু প্ৰত্যাহ্বান থাকে ৷ পৰিৱেশ্য কলাৰ শাৰীৰিক ভংগীমাৰ মাজত যাতে কবিতাৰ আত্মা হেৰাই নাযায় তাৰ প্ৰতি সচেতন হৈ থাকিব লাগে ৷ অন্যথা সমগ্ৰ বিষয়টোৱে অৰ্থৱহ নহৈ অন্য অৰ্থ প্ৰকাশ কৰাৰ শংকা থাকে ৷ সেয়ে হ’লে এনে সম্পৰীক্ষামূলক কাম ব্যৰ্থ হ’ব পাৰে ৷ মই ৰমায়ণ-মহাভাৰত পঢ়িছোঁ, মন্ত্ৰ-সাহিত্য অধ্যয়ন কৰিছোঁ ৷ ইয়াতো পৰিৱেশ্য কাব্য-কলাৰ সমল আছে ৷”

ৰাহুল জৈনে আঁত ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ইণ্ডোনেছিয়াস্থিত ভাৰতীয় দূতাবাসৰ প্ৰাক্তন কাউন্সিলৰ, বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই ৷ তেওঁ ইণ্ডোনেছিয়াৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰি কয় “ইণ্ডোনেছিয়াৰ মানুহ অতি সহিষ্ণু আৰু অতিথিপৰায়ণ ৷ মোৰ পৰিবাৰক শিৱ পূজা কৰিবলৈ আমাৰ গাড়ী চালকজনে বিচাৰি বিচাৰি জাকাৰ্টাৰ পৰা বেলপাত আনি দিছিল ৷ অথচ তেওঁৰ ধৰ্ম হিন্দু নাছিল ৷ ইণ্ডোনেছিয়াৰ মানুহ দেশখনৰ সুন্দৰ প্ৰকৃতিৰ দৰেই সুন্দৰ আৰু মৰমীয়াল ৷ ইণ্ডোনেছিয়ান ৰামায়ণ দেশখনত অতি শ্ৰদ্ধেয় এখন গ্ৰন্থ ৷ ইণ্ডোনেছিয়ান মহাভাৰতো আছে ৷” অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰণাম আয়োগৰ মুখ্য আয়ুক্ত ভি বি প্যাৰেলালেও প্ৰখ্যাত কাব্য-শিল্পীগৰাকীৰ সৈতে বাৰ্তালাপ কৰে ৷ ইপিনে সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷

লগতে পঢ়ক : Assam Book Fair 2022: চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত কাইলৈৰ পৰা অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.