ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 16, 2022, 9:01 AM IST

TOP 10 AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Forest land encroachment: দেশৰ বেদখলকৃত বনাঞ্চলৰ ৫৪ শতাংশই অসমৰ

দেশত সম্প্রতি ৭,০৩,১৫১.২৭ হেক্টৰ বনভূমি বেদখলকাৰীৰ কবলত আছে (Forest land encroachment in India)। ইয়াৰ ভিতৰত কেৱল অসমতে আছে ৩,৭৭,৫৩২.৬৩ হেক্টৰ বেদখলীকৃত বনভূমি । দেশৰ বেদখলীকৃত মুঠ বনাঞ্চলৰ ৫৩.৬৯ শতাংশই হৈছে অসমৰ (Forest land encroachment in Assam)। বিগত প্রায় তিনি বছৰত অসমত বেদখল হৈছে ৬০,৩১৭ হেক্টৰ বনভূমি । লোকসভাৰ মজিয়াত উন্মোচিত অসমৰ বনাঞ্চলৰ উদ্বেগজনক ছবি ।

Conflict between BJP and NPP: বিজেপিৰ পৰা নিজকে ৰক্ষাৰ চেষ্টা কনৰাড চাংমাৰ

মঙলবাৰে মেঘালয়ৰ শাসকীয় এনপিপিৰ এজনকে ধৰি চাৰিজন বিধায়কক নিজৰ দলত দিল্লীত যোগদান কৰাই শক্তি বৃদ্ধি কৰিলে বিজেপিয়ে (Meghalaya MLAs joined in BJP) ৷ এই যোগদানৰ আঁৰৰ মানুহজন আছিল NEDAৰ সমন্বয়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পিছতে স্বাভাৱিকতে প্ৰসংগ উৎথাপন হয়, মেঘালয়ত শক্তি বৃদ্ধিত ব্যস্ত হৈছে বিজেপি (Conflict between BJP and NPP) ৷

Cabinet Meeting in Jorhat: যোৰহাটৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ ৰাজ্যিক কেবিনেটৰ

যোৰহাটৰ উন্নয়নৰ বাবে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্ব সিদ্ধান্ত ৷ যোৰহাটৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে PHCক 100কোটি টকাৰ অনুমোদন কেবিনেটৰ ৷ মৰিয়নিত নিৰ্মাণ হ’ব এখন 100খন বিচনাযুক্ত চিকিৎসালয় ৷ যোৰহাটত তাৰকাগৃহ(Planetarium in Jorhat)নিৰ্মাণৰ বাবে 10কোটি টকা অনুমোদন কেবিনেটৰ ৷

Insult to Assamese language: বনছুৰ ধৃষ্টতা, অসমীয়া ভাষাৰ ফলকত সানিলে বগা ৰং

বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ জলসিঞ্চন বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হয় বনছুৰ এটা দল ৷ তাৰ পিছতেই কাৰ্যালয়টোত পূৰ্বৰে পৰা থকা অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত বনছুৱে সানে বগা ৰং । 15জানুৱাৰীৰ ভিতৰত বড়োলেণ্ডৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ ফলক বড়ো ভাষাত লিখাৰ দাবী বনছুৰ(BoNSU) ৷

Bhumi Pujan in Jorhat: যোৰহাটত 857 কোটি ব্যয়ৰে বিভিন্ন প্ৰকল্পৰ শিলান্যাস-ভূমি পূজন

বৃহস্পতিবাৰে যোৰহাটত আয়োজন কৰা হয় অসম চৰকাৰৰ বিভিন্ন আঁচনি তথা প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজন অনুষ্ঠান (Bhumi Pujan in Jorhat) ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাটৰ বাবে ৮৫৭ কোটি টকাৰ এক বৃহৎ প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজনন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam Govt Bhumi Pujan of projects worth over 8 cr in Jorhat) ৷ ইয়াৰ ভিতৰত আছে লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প, অসমমালাৰ অধীনত ৩২.১৬ কি:মি: দৈৰ্ঘৰ যোৰহাট কমাৰবন্ধা আলি, কমাৰবন্ধা আলিস্থিত ৰে’লৱে ক্ৰছিঙত ৫৮১.২০ মিটাৰ দৈৰ্ঘ উৰণীয়া সেতু, যোৰহাট সংহত উপায়ুক্ত কাৰ্যালয় আধাৰশিলা স্থাপন, জিলা ষ্টেডিয়াম প্ৰকল্প, মৰিয়নি বাপুজী মিনি ষ্টেডিয়াম, মহিলা বিশ্ববিদ্যালয়ৰ টীয়ক চৌহদ, প্ৰিন্স অৱ ৱেলছ উন্নতিকৰণ, তিতাবৰৰ চৰকাৰী ঔদ্যোগিক প্ৰতিষ্ঠান, যোৰহাট ঔদ্যোগিক প্ৰতিষ্ঠান উন্নয়ন, গমধৰ কোঁৱৰ সাংস্কৃতিক প্ৰকল্প, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ স্বাধীনতা স্মাৰক উদ্যান, বিদুৎ মেগা প্ৰকল্প ইত্যাদি (Assam CM Laid Foundation Stone of many projects in Jorhat) ৷

Gun shot by security guard in NRL: নুমলীগড় শোধনাগাৰত নিজৰ বন্দুকেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা নিৰাপত্তাৰক্ষীৰ

গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত(Sensational incident in NRL) কৰ্মৰত অসম ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন জোৱানে বৃহস্পতিবাৰে বিয়লি বায়’ ৰিফাইনেৰীৰ সমীপৰ ৰজাবাৰী শিবিৰৰ ভিতৰতে নিজা ছাৰ্ভিচ অট’মেটিক এচেলাৰ বন্দুকেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে (Security guard attempt suicide) । বন্দুকৰ পৰা ওলোৱা এক জাঁই গুলী জোৱানজনৰ বুকুত লগাৰ বিপৰীতে আনজাঁই গুলী প্ৰায় পাঁচশ মিটাৰ আঁতৰৰ এটা পৰিয়ালৰ চোতালত পৰে (Gun shoot incident in NRL) ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে চোতালত খেলি থকা এটি শিশুৰ ৷ আহত জোৱানজন নগাঁৱৰ লিংচিং ৰাৱতীয়া বুলি জানিব পৰা গৈছে (Security guard attempt suicide in NRL) ৷

Shivanath Barman Died : খহি পৰিল অসমৰ শিক্ষা সাহিত্য জগতৰ এটা উজ্জ্বল নক্ষত্ৰ !

অসমবাসীক পুনৰ এক দুখৰ সন্ধ্যাই জোকাৰি গ'ল । অসমৰ আকাশৰ পৰা খহি পৰিল অসমৰ শিক্ষা, সাহিত্য, সংবাদ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ । বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, লেখক, সাংবাদিক, সাহিত্যিক ডঃ শিৱনাথ বৰ্মন আৰু নাই (reknowned educationist Shivanath Barman died) ।

Woman slips and dies from train: কলংপাৰ পেছেঞ্জাৰৰ পৰা পৰি নগাঁও ছোৱালী কলেজৰ এগৰাকী অধ্যাপিকাৰ মৃত্যু

নাৰেংগী ৰে’ল ষ্টেচনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বৃহস্পতিবাৰে বিয়লি নগাঁও-গুৱাহাটী অভিমুখী নামনিমুৱা কলংপাৰ ট্ৰেইনৰ পৰা নামিবলৈ লোৱাৰ সময়তে ভৰি পিছলি এগৰাকী মহিলাৰ মৃত্যু হয় ৷ নিহত মহিলাগৰাকী নগাঁও ছোৱালী মহাবিদ্যালয়ৰ, সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা ড৹ সঞ্জিতা সিনহা (৫০) বুলি জানিব পৰা গৈছে (Professor died due to train accident at Narengi)।

Dr Ankita Dutta removed: যুৱ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অংকিতা দত্তক অপসাৰণ

যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ ড৹ অংকিতা দত্তক ৷ 2021 চনৰ 25 নৱেম্বৰত যুৱ কংগ্ৰেছৰ সভাপতি পদত (Youth Congress President) অধিষ্ঠিত হৈছিল ড৹ অংকিতা দত্ত ৷

Illegal foreigners in Delhi: দিল্লীত বাস কৰা অবৈধ বিদেশী নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ

জি-২০ সন্মিলনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে অবৈধভাৱে বসবাস কৰা বিদেশীক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে (Illegal foreigners in Delhi) । এল জি ভি কে ছক্সেনাৰ নিৰ্দেশত আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই এই সমীক্ষা চলাবলৈ নিৰ্দেশ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.