ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 14, 2022, 9:14 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

Relief to Fire Victims: আমবাৰীৰ বিধ্বংসী অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদান

যোৱা ৯ ডিচেম্বৰত ফটাশিল আমবাৰীত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ (Fire Incident in Guwahati) ফলত ক্ষতিগ্ৰস্ত ৬০ টা পৰিয়ালৰ বিলৈ বিপত্তি নোহোৱা হৈছে ৷ লোকসকলৰ খাবলৈ, পিন্ধিবলৈ একো নোহোৱা হৈছে ৷ বৰ্তমান ফটাশিল আমবাৰীস্থিত হাৰিয়ানা ভৱনত অস্থায়ী শিৱিৰ পাতি আশ্ৰয় লৈ আছে ৬০ টা পৰিয়ালৰ প্ৰায় ১৫০ জন লোকে (Relief to Fire Victims)৷

CM review meeting: দিছপুৰত মন্ত্ৰীবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবাগৰাকীও মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলাসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ কাজিৰঙাৰ চিন্তন শিৱিৰত(Kazirang Chintan Sibir) লোৱা সিদ্ধান্তৰ সন্দৰ্ভত কৰা হয় আলোচনা ৷

Argentina vs Croatia 2022: চেমি ফাইনেললৈ উৎকণ্ঠাৰে অপেক্ষাৰত বিশ্ববাসী

আজি প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব কাটাৰত ৷ জয়ৰ লক্ষ্যৰে যুঁজত নামিব দুই খিতাপৰ দাবীদাৰ ৷ আৰ্জেণ্টিনা আৰু ক্ৰোৱেচিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া চেমি-ফাইনেললৈ মাজত বাকী মাথো কেইঘণ্টা মানৰ উৎকণ্ঠা(Argentina vs Croatia 2022) ৷

One Death in Road accident: বিদ্যুতৰ খুঁটাত খুন্দিয়াই বাইক আৰোহী নিহত

নলবাৰীৰ বৰকুৰিহাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ পথৰ সমীপত থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি থিতাতে নিহত হয় এজন বাইক আৰোহী (Road Accident In Nalbari)৷

Crime in Bongaigaon: বঙাইগাঁৱত দিন দুপৰতে ডকাইতে লুটিলে লক্ষাধিক টকা

বঙাইগাঁও জিলাৰ বালাৰচৰত মঙলবাৰে দিন দুপৰতে ডকাইতিকাণ্ড সংঘটিত হয় (Robbery at Balarchar in Bongaigaon)। বালাৰচৰ বি কে জুনিয়ৰ কলেজৰ সন্মুখত দুৰ্বৃত্তই দুজন পথচাৰীক বাট আগুচি ধৰি প্ৰচণ্ড মাৰপিট কৰি লুটি নিয়ে প্ৰায় লক্ষাধিক টকা । দুৰ্বৃত্তৰ মাৰপিটত গুৰুতৰভাৱে আহত হয় দুই পিতা-পুত্ৰ ক্ৰমে আলি খান আৰু ছাইদুল ইছলাম(Two person beaten by robber) ।

Drinking poisonous liquor: বিষাক্ত সুৰাপান কৰি মৃত্যু 5জনৰ, সংকটজনক অৱস্থাত দুজন

বিহাৰত বিষাক্ত সুৰাপান কৰি মৃত্যু হৈছে পাঁচজন লোকৰ ৷ বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দুজন লোক ৷ বিষাক্ত সুৰা সেৱনৰ ফলতেই পাঁচজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰিছে চিকিৎসকে (Drinking poisonous liquor in Bihar) । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ দিয়ে চিকিৎসকে ৷


Ganga Vilas Cruise : নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস

10 জানুৱাৰী, 2023ত ৰচনা হ’ব আন এক ইতিহাস ৷ বিশ্বৰ ভিতৰতে সৰ্বাধিক দৈৰ্ঘৰ নদী যাত্ৰা হ’ব ভাৰতত (Longest luxury river cruise)৷ যাত্ৰাৰ সংগী হ’ব গংগা বিলাস (Ganga Vilas Cruise)৷


Home Department Reshuffle : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল

আৰক্ষীৰ শীৰ্ষ বিভাগত বৃহৎ ৰদ-বদল ৷ বহু শীৰ্ষ বিষয়াৰ সলনি হ’ল পদ আৰু ঠিকনা (Reshuffle in Assam police)৷


Air patrolling at Tezpur : তেজপুৰৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়াৰ পেট্ৰ’লিং

টাৱাংকাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ মাজতে তেজপুৰৰ আকাশত দেখিবলৈ পোৱা গৈছে বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়াৰ পেট্ৰ’লিং (Air patrolling at Tezpur)৷ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘাতৰ পাচতে তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় সেনা বাহিনীৰো (IAF Combet Flying patrolling at Tezpur) ৷


GRP jawan looted money: জিআৰপিৰ জোৱানে লুটিলে যাত্ৰীৰ ধন

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ডকাইতৰ ৰূপত জিআৰপি জোৱান ৷ আবুল হুছেইন নামৰ জিআৰপি জোৱানজনে (GRP Jawan Abul Hussain) তালাচীৰ সময়ত দেওবাৰে এগৰাকী যাত্ৰীৰ পৰা 2.50 লাখ টকা কাঢ়ি ৰাখিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.