ETV Bharat / sports

Argentina vs Croatia 2022: চেমি ফাইনেললৈ উৎকণ্ঠাৰে অপেক্ষাৰত বিশ্ববাসী

author img

By

Published : Dec 13, 2022, 10:06 PM IST

Argentina vs Croatia 2022 চেমি ফাইনেললৈ উৎকণ্ঠাৰে অপেক্ষাৰত বিশ্ববাসী
Argentina vs Croatia 2022

আজি প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব কাটাৰত ৷ জয়ৰ লক্ষ্যৰে যুঁজত নামিব দুই খিতাপৰ দাবীদাৰ ৷ আৰ্জেণ্টিনা আৰু ক্ৰোৱেচিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া চেমি-ফাইনেললৈ মাজত বাকী মাথো কেইঘণ্টা মানৰ উৎকণ্ঠা(Argentina vs Croatia 2022) ৷

স্পৰ্টছ ডেস্ক, 13 ডিচেম্বৰ: 2022 বৰ্ষৰ কাটাৰত অনুষ্ঠিত কাটাৰ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেললৈ মাজত মাত্ৰ কেইটামান মুহুৰ্ত (FIFA World Cup 2022 semi final) ৷ প্ৰথমখন ছেমি ফাইনেলত পূৰ্বৰ দুবাৰ বিজয়ী আৰ্জেণ্টিনাৰ মুখামুখি হ’ব ফুটবলৰ নৱোদিত সূৰ্য ক্ৰোৱেচিয়া ৷ ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাৰ দেশ আৰ্জেণ্টিয়াই এইবাৰ মেছিক সমুখত ৰাখি '86 ৰ পাছত ট্ৰফী জয়ৰ ব্লু' প্ৰিণ্ট ৰচনা কৰিছে ৷ ঠিক তেনেকৈ ক্ৰোৱেচিয়াও যোৱা বিশ্বকাপৰ বেদনা পাহৰি নতুন উদ্যমেৰে খিতাপ দখলৰ বাটত বাট বুলিছে(Argentina vs Croatia 2022) ।

১৯৯৪ চনত প্ৰীতি মেচৰ সময়ত দুয়োটা দলে ০-০ গ’লত ড্ৰ’ত সন্তুষ্ট হোৱাৰ বিপৰীতে চাৰি বছৰৰ পাছত ক্ৰোৱেচিয়াই বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মুখামুখিত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ০-১ গ’লত পৰাস্ত হয় । ২০০৬ চনত দুয়োটা দলে ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল য’ত ক্ৰ’ৱেচিয়াই ৩-২ গ’লৰ পাৰ্থক্যৰে প্ৰীতি মেচত আৰ্জেণ্টিনাৰ বিৰুদ্ধে প্ৰতিশোধ লয় যদিও ২০১৪ চনত প্ৰীতি প্ৰতিযোগিতাত ১-২ গ’লত পৰাস্ত হয় । ২০১৮ চনত আৰ্জেণ্টিনাই ক্ৰ’ৱেচিয়া দলৰ সমুখত 3-0 গ’লত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত পৰাস্ত হয় ।

টুৰ্ণামেণ্টৰ আৰম্ভণিতে ছৌদি আৰৱৰ হাতত ২-১ গ’লত পৰাস্ত হোৱাৰ পিছত আৰ্জেণ্টিনা দলটোৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তন ঘটিছিল আৰু যোৱা চাৰিখন খেলত দলটোৱে জয়লাভ কৰিছে । পূৰ্বৰ আটাইবোৰ খেলতে দলটোৱে ২টাকৈ গ’ল দিছে । যোৱা ৪১খন আন্তঃৰাষ্ট্ৰীয় মেচত আৰ্জেণ্টিনাই মাত্ৰ এবাৰহে পৰাজয় বৰণ কৰিছিল । সেই মেচসমূহৰ ভিতৰত ২৮ খন মেচত আৰ্জেণ্টিনাই জয়লাভ কৰাৰ বিপৰীতে ১২খন খেল ড্ৰ’ হৈছিল ।

ক্ৰ'ৱেচিয়াইও বিশ্বকাপৰ যোৱা ১২খন খেলত মাত্ৰ এবাৰহে পৰাস্ত হৈছে, ৬খন খেলত ড্ৰ' হোৱাৰ বিপৰীতে ৫খন খেলত জয়লাভ কৰিছে ।নক আউটত তেওঁলোকে খেলা ১০খন মেচৰ ভিতৰত ৮খন খেলত জয়লাভ কৰিছে । ক্ৰ’ৱেচিয়াও মেচখনক পেনাল্টি আৰু অতিৰিক্ত সময়লৈ লৈ যোৱাৰ প্ৰৱণতাৰ বাবে পৰিচিত । তেওঁলোকে খেলা ৬খন নক আউটৰ ভিতৰত ৫খন খেলত মেচখন অতিৰিক্ত সময়লৈ লৈ গৈছিল।

আজি মেছিয়ে অন্য এক অভিলেখ গঢ়িব দুৰ্দান্ত ফুটবল খেলুৱৈজনে আজি অতিক্ৰম কৰিব জাৰ্মানীৰ প্ৰাক্তন অধিনায়ক লোথাৰ মেথাউছৰ অভিলেখ ৷ 1990 চনৰ বিশ্বকাপ জয়ী জাৰ্মান দলৰ অধিনায়ক আছিল লোথাৰ মেথাউছ ৷ যি বিশ্বকাপত 25 খন খেলত অংশ লৈ সৃষ্টি কৰিছিল সুকীয়া অভিলেখ ৷ বুধবাৰে মাজ নিশা 12:30 বজাত ২৫ সংখ্যকবাৰৰ বাবে বিশ্বকাপৰ খেলপথাৰত নামিব আৰ্জেণ্টিনাৰ দূৰন্ত খেলুৱৈ জন ৷

লগতে পঢ়ক: FIFA Quarter final result: ইতিহাস ৰচি ফিফা বিশ্বকাপৰ ছেমি ফাইনেলত মৰক্কো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.