ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 9, 2021, 8:58 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া

অসম-মিজোৰাম সীামান্তস্থিত (Assam-Mizoram Border) লাইলাপুৰত সংঘটিত ঘটনাক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে এইবাৰ অসম-মেঘালয় সীমা বিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য সচিব (Chief Secratary) জিষ্ণু বৰুৱাই (Jishnu Baruah) ৷

অসমৰ স্বাৰ্থত একেলগে কাম কৰিব কংগ্ৰেছ-ৰাইজৰ দলে

কংগ্ৰেছ (Congress) দলৰ লগ লাগিব ৰাইজৰ দল (Raijor Dal) ৷ দেওবাৰে দ্বিতীয় লানি আলোচনাৰ অন্তত এই কথা স্পষ্ট কৰে দুয়োটা দলৰ নেতৃত্বই । কিন্তু AIUDFক বাদ দিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰা নাই কংগ্ৰেছ নেতৃত্বই ।

মূলসুঁতি লৈ এন এল এফ বিৰ 32 জনীয়া দল

পুনৰ মূলসুঁতি লৈ আহিল এন এল এফ বিৰ 32 জনীয়া এটা দল ৷ এন এল এফ বি(NLFB)ৰ প্লাটুন কামাণ্ডাৰ বি হৰফাৰ নেতৃত্বত দেওবাৰে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ঝাৰবাৰীত ঘন জংঘলৰ পৰা অস্ত্ৰ-শস্ত্ৰ সহ এন এল এফ বিৰ দলটো উপস্থিত হয় ৷

লাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃক গোলাঘাট জিলা প্ৰশাসনৰ সম্বৰ্ধনা

জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইৰ বাসগৃহত উপস্থিত জিলা উপায়ুক্ত সহ প্ৰশাসনৰ এটি দল ৷ লাভলীনাৰ পিতৃ-মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰে দলটোৱে ৷

কি হ’ব অখিল গগৈৰ ৰাইজৰ দলৰ ভৱিষ্যত ৰাজনৈতিক পৰিকল্পনা ?

ৰাইজৰ দলৰ শেহতীয়া কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই সম্পৰ্কত ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন ৷

তিনি পাহাৰীয়া জিলাত কংগ্ৰেছক শক্তিশালী কৰিবলৈ আব্দুল খালেকক দায়িত্ব

তিনিখন পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Kumar Bora) লোকসভাৰ সাংসদ আব্দুল খালেকৰ (Abdul Khaleq) অধ্যক্ষতাত নতুন এখন কমিটী গঠন কৰি দিছে ।

বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে : অভিষেক বেনাৰ্জী

ত্ৰিপুৰাত বিপ্লৱ দেৱৰ নেতৃত্বত বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে বুলি মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ তথা দলটোৰ ছেকেণ্ড ইন কমাণ্ড(second in command) অভিষেক বেনাৰ্জীৰ ৷ তৃণমূলৰ 14 গৰাকীকৈ নেতাক গ্ৰেপ্তাৰৰ পাচতে এই মন্তব্য বেনাৰ্জীৰ ৷

অলিম্পিকৰ পদক বিজয়ী লৈ BYJU-ৰ বিশেষ উপহাৰ

টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক ২ কোটি টকাৰ উপহাৰ ঘোষণা BYJU ৰ । ব্যক্তিগত শিতানত পদক লাভ কৰা মীৰাবাঈ চানু, ৰবি কুমাৰ দাহিয়া, লাভলীনা বৰগোঁহাই, পি ভি সিন্ধু আৰু বজৰং পুনিয়াকো ১ কোটিকৈ টকা উপহাৰ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে কোম্পানীটোৱে ৷

"ঠাকুৰ সজ্জন সিং" খ্যাত অভিনেতা অনুপম শ্যামৰ দেহাৱসান

প্ৰতিজ্ঞাৰ ঠাকুৰ সজ্জন সিং আৰু নাই ৷ দেওবাৰে নিশা মুম্বাইৰ লাইফ লাইন হাস্পতালত বাৰ্ধক্যজনিত কাৰণত অভিনেতাগৰাকীৰ মৃত্যু ঘটে ৷

কিয় দৰ্শকৰ মাজত বিফল হ’ল Singh is King?

বলীউডৰ ছবি ‘Singh is King’ ৰ মুক্তিলাভৰ 13 টা বছৰ সম্পূৰ্ণ ৷ অৱশ্যে ছবিখনে বক্স অফিচ (Box Office)ত বিশেষ সফলতা লাভ কৰিব নোৱাৰাৰ লগতে কাহিনীটোক লৈ বহু সমালোচনাৰো সন্মুখীন হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.