ETV Bharat / bharat

অলিম্পিকৰ পদক বিজয়ী লৈ BYJU-ৰ বিশেষ উপহাৰ

author img

By

Published : Aug 8, 2021, 6:20 PM IST

BYJUS
অলিম্পিকৰ পদক বিজয়ী লৈ BYJUSৰ বিশেষ উপহাৰ

টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক ২ কোটি টকাৰ উপহাৰ ঘোষণা BYJU ৰ । ব্যক্তিগত শিতানত পদক লাভ কৰা মীৰাবাঈ চানু, ৰবি কুমাৰ দাহিয়া, লাভলীনা বৰগোঁহাই, পি ভি সিন্ধু আৰু বজৰং পুনিয়াকো ১ কোটিকৈ টকা উপহাৰ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে কোম্পানীটোৱে ।

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : এটাৰ পাছত আনটো উপহাৰ অলিম্পিকত পদক বিজয়ীসকললৈ । এইবাৰ বাইজু (BYJU) নামৰ ভাৰতৰ বৃহৎ শৈক্ষিক প্ৰযুক্তিৰ প্ৰতিষ্ঠানে ঘোষণা কৰিলে অলিম্পিক বিজয়ীলৈ বিশেষ উপহাৰ । টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক ২ কোটি টকাৰ উপহাৰ ঘোষণা কোম্পানীটোৰ । টাইগাৰ গ্লোবেল আৰু জেনেৰেল আটলাণ্টিকৰ দৰে মাৰ্কিন বিনিয়োগকাৰীৰ সমৰ্থনত থকা কোম্পানীটোৱে মীৰাবাঈ চানু, ৰবি কুমাৰ দাহিয়া, লাভলীনা বৰগোঁহাই, পি ভি সিন্ধু আৰু বজৰং পুনিয়াকো ১ কোটিকৈ টকা উপহাৰ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।

কোম্পানীটোৱে এক বিবৃতিযোগে ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কয় যে, ক'ভিড পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মাজতো টকিঅ' অলিম্পিকত ভাৰতীয় খেলুৱৈৰ উন্নত প্ৰদৰ্শনে সকলোকে অনুপ্ৰাণিত কৰিছে । কেৱল দেশক গৌৰৱান্বিত কৰাই নহয় ইয়াৰ দ্বাৰা ভাৰতে আৰু বহু ভাৰতীয় অলিম্পিক চেম্পিয়ন সৃষ্টি কৰাৰ আশাও পুনৰুজ্জীৱিত কৰিছে ।

ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই শনিবাৰে ইতিহাস ৰচনা কৰি টকিঅ' অলিম্পিক ২০২০ ত জেভলিন থ্ৰ'ত দেশৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে । ইয়াৰ উপৰিও ভাৰতে দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ সাতটা পদকৰ সৈতে অলিম্পিকত দেশৰ সৰ্বশ্ৰেষ্ঠ পদক অৰ্জন কৰে ।

টকিঅ' ২০২০ ত বজৰং পুনিয়াই ব্ৰঞ্জ , মীৰাবাই চানুৱে ৰূপ, পি ভি সিন্ধুৱে ব্ৰঞ্জ, পুৰুষ হকী দলে ব্ৰঞ্জ, ৰবি কুমাৰ দাহিয়াই ৰূপ আৰু লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । বাইজুৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বাইজু ৰবীন্দ্ৰনে (Byju's founder and CEO Byju Raveendran ) কয় যে, ৰাষ্ট্ৰ নিৰ্মাণত ক্ৰীড়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ এতিয়া আমাৰ অলিম্পিক নায়কসকলক লৈ উদযাপন কৰাৰ সময় আহিছে । কেৱল চাৰি বছৰত এবাৰকৈ নহয়, প্ৰতিটো দিনতে তেওঁলোকক স্মৰণ কৰিবলৈ আহ্বান জনাই বাইজুৰ প্ৰতিষ্ঠাপকগৰাকীয়ে ।

বাইজুৱে খেলুৱৈসকলক তেওঁলোকৰ প্ৰচেষ্টা, ত্যাগ আৰু কৃতিত্বৰ বাবে পুৰস্কৃত কৰিছে বুলি তেওঁ কয় । লগতে তেওঁ আশা কৰে যে এই সৰু উপহাৰে তেওঁলোকক দেশৰ বাবে অধিক সন্মান লাভ কৰিবলৈ আগবাঢ়ি যোৱাত সহায় কৰিব আৰু লগতে বহুতো যুৱক-যুৱতীয়ে ডাঙৰ সপোন দেখিবলৈ উৎসাহিত হ'ব । ৰবীন্দ্ৰনৰ মতে ভাৰতত আৰু বহুতো ক্ৰীড়া চেম্পিয়ন সৃষ্টি কৰাৰ বিশাল সম্ভাৱনা আছে ৷ এনেধৰণৰ সফলতা উদযাপন কৰা আৰু তেওঁলোকক নায়ক বনোৱাটো অতি প্ৰয়োজন যাতে দেশখন এখন ক্ৰীড়াপ্ৰেমী ৰাষ্ট্ৰৰ পৰা ক্ৰীড়া খেলুৱৈৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হ'ব পাৰে ।

লগতে পঢ়ক :পুনৰ মুম্বাই অপৰাধ শাখাই জেৰা কৰিলে অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.