ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Mar 12, 2022, 3:03 PM IST

3 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-3-pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি

ৰাজ্যসভাৰ আসনখন আমাক দিয়ক : ছোনিয়াক আৰ্জি জনাবলৈ দিল্লীলৈ টীম আজমল

শনিবাৰে দিল্লীলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমলৰ নেতৃত্বত এআইইউডিএফ-ৰ তিনিজনীয়া এটা প্ৰতিনিধি দল । আজমলৰ উপৰিও দিল্লীলৈ যাত্ৰা কৰা এই দলটোৰ আন দুগৰাকী প্ৰতিনিধি হ'ল এআইইউডিএফ-ৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ।

শিলিগুৰিত নাহৰফুটুকীৰ মাংসৰে পিকনিক : ছ’চিয়েল মিডিয়াত ভাইৰেলৰ পিছতে গ্ৰেপ্তাৰ ৩

প্ৰথমে হত্যা আৰু তাৰপিছত নাহৰফুটুকীৰ মাংসৰে বনভোজ (Leopard killed in Siliguri) ৷ মূহুৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ফটো ৷

১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিয়ক : অখিল গগৈ

নিৰ্বাচনৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ২০২২ চনৰ ১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ (One lakh job assurance by Assam Govt) দাবী তুলি শুকুৰবাৰে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজৰ দলে ।

বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলৰ গুৱাহাটীত প্ৰতিবাদ

16 মাৰ্চত বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলে গুৱাহাটীত (Eleven anti BJP political parties protest in Guwahati on March 16) প্ৰতিবাদ সাব্যস্ত কৰিব ৷

Police Firing in Nagaon : নগাঁৱত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

নগাঁৱত পুনৰ গুলীচালনা । আৰক্ষীৰ গুলীত আহত জুৰীয়াৰ ড্ৰাগছ মাফিয়া নুৰজামাল (Drug peddlers injured in police firing in Nagaon)। দাৰে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলোৱাৰ সময়তে গুলীবিদ্ধ হয় অভিযুক্ত ড্ৰাগছ মাফিয়াটো ।

Political violence in Tripura : ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ভয়ংকৰ তথ্য ফাদিল চিপিআই(এম)ৰ

ত্ৰিপুৰাত বিজেপি আৰু চিপিআই(এম) দলৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Clashes between BJP and CPIM in Tripura) ।

নাটো আৰু ৰাছিয়াৰ মাজৰ প্ৰত্যক্ষ সংঘৰ্ষ হ’ব তৃতীয় বিশ্বযুদ্ধ : বাইডেন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে একপ্ৰকাৰ দাবী কৰি কৈছিল যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিয়ে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে যুঁজ নিদিয়ে ৷ কিয়নো নাটো আৰু ৰাছিয়াৰ মাজত পোনপটীয়া সংঘৰ্ষৰ অৰ্থ হ'ব তৃতীয় বিশ্বযুদ্ধ (Direct conflict between NATO and Russia would be World War III), যাক প্ৰতিৰোধ কৰা উচিত ।

Massive Fire at New Delhi : দিল্লীৰ অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু

শুকুৰবাৰে নিশা গোকুলপুৰী অঞ্চলৰ কেইবাটাও ঘৰত জুইৰ সূত্ৰপাত হয় । এই অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু (7 killed in Delhi fire) । ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্ত অব্যাহত ।

Encounter at Kashmir : কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযানত । অভিযানত ৪ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু (Four militants killed in Kashmir) । সন্ত্ৰাসবাদীকেইজন জৈইচ-ই-মহম্মদ (JeM) আৰু লস্কৰ-ই-তৈবা (LeT) সংগঠনৰ বুলি জানিব পৰা গৈছে ।

বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলৰ গুৱাহাটীত প্ৰতিবাদ

16 মাৰ্চত বিজেপি বিৰোধী 11 টা ৰাজনৈতিক দলে গুৱাহাটীত (Eleven anti BJP political parties protest in Guwahati on March 16) প্ৰতিবাদ সাব্যস্ত কৰিব ৷ শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰে 11 টাকৈ ৰাষ্ট্ৰীয়-আঞ্চলিক ৰাজনৈতিক দলে ৷ এই সংবাদমেলতে মুখ্যমন্ত্ৰীক মাটি লুভীয়া মানুহ আখ্যা মনজিৎ মহন্তৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.