ETV Bharat / bharat

Political violence in Tripura : ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ভয়ংকৰ তথ্য ফাদিল চিপিআই(এম)ৰ

author img

By

Published : Mar 12, 2022, 2:00 PM IST

ত্ৰিপুৰাত বিজেপি আৰু চিপিআই(এম) দলৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Clashes between BJP and CPIM in Tripura) । বিগত ২৪ ঘণ্টাত বিজেপি সমৰ্থকসকলে চিপিআই(এম) দলৰ কাৰ্যালয় আৰু দলীয় সমৰ্থকৰ ঘৰত আক্ৰমণ কৰি ৰাজ্যখনত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে । ৰাজ্যজুৰি কমেও ৩৯ টা এনে ঘটনা সংঘটিত হৈছে । মুখ্যমন্ত্ৰীক সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিবলৈ দাবী চিপিআই(এম) দলৰ ।

Political violence in Tripura
ত্ৰিপুৰাত ৰাজনৈতিক হিংসা

আগৰতলা, ১২ মাৰ্চ : ত্ৰিপুৰাত অব্যাহত আছে (Political violence in Tripura) ৰাজনৈতিক হিংসা । এই ৰাজনৈতিক হিংসাৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিলে বিৰোধী চিপিআই(এম) দলে । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত প্ৰায় ৩৯ টা তেনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ দলটোৰ (About 39 incidents of political violence in Tripura) ।

উল্লেখ্য যে, ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু বিৰোধী চিপিআই(এম)ৰ মাজত সংঘাত অব্যাহত আছে (Clashes between BJP and CPI(M) in Tripura) । বিজেপিৰ কৰ্মী তথা গুণ্ডা বাহিনীয়ে বিৰোধী দলটোৰ ওপৰত প্ৰায়ে আক্ৰমণ কৰাৰ অভিযোগ কৰি আহিছে চিপিআই(এম)ৰ নেতাসকলে ।

দেশৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে পুনৰ ত্ৰিপুৰাত আৰম্ভ হৈছে বিজেপি গুণ্ডা বাহিনীৰ কাৰ্যকলাপ । এই অভিযোগ চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীৰ ।

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি নেতাগৰাকীয়ে কয় যে, বিগত ২৪ ঘণ্টাত বিজেপি সমৰ্থকসকলে চিপিআই(এম) দলৰ কাৰ্যালয় আৰু দলীয় সমৰ্থকৰ ঘৰত আক্ৰমণ কৰি ৰাজ্যখনত এক আতংকৰ সৃষ্টি কৰিছে (BJP supporters attack CPI(M) office in Tripura) ।

তেওঁ কয় যে, ৰাজ্যজুৰি কমেও ৩৯ টা এনে ঘটনা সংঘটিত হৈছে । য'ত বিজেপি সমৰ্থকে চিপিআই(এম) দলৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰিছে, একাংশ দলীয় কাৰ্যালয় জ্বলাই দিছে, দলীয় কৰ্মীৰ ঘৰ আৰু দোকানত লুটপাত চলাইছে ।

এই আক্ৰমণসমূহক অগণতান্ত্ৰিক আৰু ফেচিষ্ট বুলি অভিহিত কৰি নেতাগৰাকীয়ে অভিযোগ কৰে যে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত এতিয়ালৈ ৮,০০০ তকৈও অধিক চিপিআই(এম)ৰ দলীয় কাৰ্যালয়ত আক্ৰমণ কৰিছে ।

বৃহস্পতিবাৰে নিশা সংঘটিত এই ঘটনা আৰক্ষীয়ে নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও এতিয়ালৈ কোনো লোককে আটক কৰা হোৱা নাই । ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পৰা এই ঘটনা সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া নহাত ক্ষোভ প্ৰকাশ কৰিছে চিপিআই(এম) নেতাগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে ঘটনাসমূহৰ তদন্ত আৰু আক্ৰমণৰ সন্মুখীন হোৱা লোকসকলক ক্ষতিপূৰণৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে চিপিআই(এম) দলে ।

ইফালে, সংবাদমেলত উপস্থিত থকা ৰাজ্যিক সমিতিৰ সদস্য পবিত্ৰ কাৰে অভিযোগ কৰে যে কিছুমান ঠাইত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । কিন্তু তেওঁলোকৰ হাতত চিচিটিভি ফুটেজসহ সকলো তথ্য আছে ৷ সেয়ে অতি শীঘ্ৰে আদালতৰ কাষ চাপিব চিপিআই(এম) দল ।

লগতে পঢ়ক : Tripura violence: ত্ৰিপুৰাৰ হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.