ETV Bharat / bharat

Encounter at Kashmir : কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত

author img

By

Published : Mar 12, 2022, 11:11 AM IST

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযানত । অভিযানত ৪ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু (Four militants killed in Kashmir) । সন্ত্ৰাসবাদীকেইজন জৈইচ-ই-মহম্মদ (JeM) আৰু লস্কৰ-ই-তৈবা (LeT) সংগঠনৰ বুলি জানিব পৰা গৈছে ।

JK encounter
আৰক্ষীৰ এনকাউণ্টাৰত ৪ সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে (Operation against terrorists in JK) । অঞ্চলটোৰ বিভিন্ন স্থানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ মাজে সময়ে সংঘটিত হৈছে (Police encounter in JK) ।

ইয়াৰ মাজতে শনিবাৰে পুলৱামা, গান্দেৰৱাল আৰু হান্দৱাৰাত কেইবাটাও সংঘৰ্ষ সংঘটিত হয় । আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত চাৰিজনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু ঘটে ।

উক্ত অঞ্চলসমূহত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত জৈইচ-ই-মহম্মদ (JeM) আৰু লস্কৰ-ই-তৈবা (LeT) ৰ চাৰিজনকৈ সন্ত্ৰাসবাদী নিহত হয় (Four militants killed in JK) । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে সদৰী কৰা অনুসৰি, চাৰিৰ পৰা পাঁচটাকৈ স্থানত আৰক্ষীয়ে সেনাৰে মিলি সন্ত্ৰাসবাদী বিৰোধী যৌথ অভিযান চলাইছিল ।

কুমাৰে প্ৰকাশ কৰা মতে, পুলৱামাত জৈইচ-ই-মহম্মদৰ দুজন সন্ত্ৰাসবাদী, গান্দেৰবালত এলইটিৰ এজন আৰু হান্দৱাৰাত এলইটিৰ আন এজন সন্ত্ৰাসবাদী নিহত হৈছে । এতিয়াও সেই স্থানবোৰত আৰক্ষীৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক : এয়াৰ ইণ্ডিয়াৰ বিমান অপহৰণকাৰী দুধৰ্ষ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.