ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 11, 2021, 11:00 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ

ভাৰতৰ সাতভনীৰ মাজত সীমা সমস্যা কোনো নতুন বিষয় নহয় ৷ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত সীমা নিৰ্ধাৰণৰ বাবে প্ৰযুক্তি আৰু পাৰদৰ্শিতাৰ অভাৱ প্ৰধান সমস্যা নহয় ৷ প্ৰধান সমস্যা হ’ল ৰাজনৈতিক ইচ্ছাৰ অভাৱ ৷

এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাকলৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে অসম আৰু মিজোৰামৰ মাজত অব্যাহত সীমা বিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত দাখিল কৰিলে বিস্ফোৰক তথ্য ৷

গুলমাৰ্গত সেনাই স্থাপন কৰিলে 100 ফুট দৈৰ্ঘৰ ত্ৰিৰংগা

ভাৰতীয় সেনাই(Indian Army) মঙলবাৰে উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ(Baramulla district of north Kashmir) এক মনোৰম পৰ্যটনস্থলী গুলমাৰ্গ উপত্যকাত(Gulmarg Valley) ১০০ ফুট দীঘল ত্ৰিৰংগা পতাকা(100-feet-long tricolour flag) স্থাপন কৰে ৷

মেঘালয়ৰ ৰাজধানী শ্বিলঙত IED বিস্ফোৰণ

শক্তিশালী আই ই ডি বিস্ফোৰণত কঁপি উঠিল মেঘালয়ৰ ৰাজধানী শ্বিলং ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত সংঘটিত এই ঘটনাই আতমকিত কৰি তুলিছে শ্বিলঙৰ জনতাক ৷

বিজেপি চৰকাৰে অসমক কেৱল প্ৰতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছৰ

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ ৷ অসমৰ ৰাইজক বিজেপিয়ে কেৱল প্ৰতাৰণাহে কৰিছে বুলি দাবী উত্থাপন দলটোৰ ৷ এক সংবাদমেল যোগে কেইবাটাও বিষয়ক লৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল একাংশ কংগ্ৰেছ নেতা ৷

আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ

শীঘ্ৰে ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ৷ আফগানিস্তানত বাণিজ্যিক বিমান বন্ধ হোৱাৰ পূৰ্বেই ভাৰতলৈ উভতি যোৱাৰ বাবে জৰুৰী নিৰাপত্তা পৰামৰ্শ জাৰি কৰিছে ভাৰতীয় দূতাবাসে ৷

চৰকাৰৰ সংস্কাৰমুখী পদক্ষেপে দূৰ কৰিছে প্ৰশাসনীয় প্ৰতিবন্ধকতা : এৰিডা

ৰঙা ফিটাৰ মেৰপাকৰ পৰা মুক্ত হ'ল বহুকেইটা বিষয় । নিৰ্মাণ কাৰ্য বিক্ৰীৰ ক্ষেত্রত পূৰ্বতে থকা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অনুমতিৰ প্ৰক্ৰিয়া বাতিল কৰা হৈছে । সমগ্ৰ ব্যৱস্থাটো লাট মণ্ডলৰ হস্তক্ষেপ মুক্ত হ'ল ।

7 আগষ্টক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত

100 বছৰৰ অন্তত এথলেটিকছত এগৰাকী ভাৰতীয়ই অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্নক বাস্তবায়িত কৰিলে ৷ নীৰজ চোপ্ৰাৰ বিজয়ৰ এই দিনটো নিশ্চয়কৈ সমগ্ৰ দেশবাসীৰ বাবেই ঐতিহাসিক দিন ৷

অলিম্পিকত অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট !

আপোনাৰ প্ৰিয় খেল কি ? ক্ৰিকেট আপুনি কিমান ভাল পায় ? কোহলী, ধোনী, যুৱৰাজ, শচীন, দ্ৰবিড়কে ধৰি খেলুৱৈ সকলৰ ভিতৰত আপোনাৰ প্ৰিয় কোন ? ক্ৰিকেট যদি অলিম্পিকত অন্তৰ্ভুক্ত হয়, তেতিয়া কেনে হ’ব বাৰু ?

Birthday Special : ‘শ্যাম’ৰ পৰা ‘ৰাঘৱন’লৈকে সুনীল ছেট্টীৰ শ্ৰেষ্ঠ চৰিত্ৰসমূহ...

60 বছৰত ভৰি দিলে অভিনেতা সুনীল ছেট্টীয়ে(Sunil Shetty) ৷ অভিনেতাগৰাকীলৈ জনোৱা জন্মদিনৰ শুভেচ্ছাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া ৷ আহক উভতি যাও সুনীল ছেট্টীৰ অভিনয় জগতলৈ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.