ETV Bharat / bharat

মেঘালয়ৰ ৰাজধানী শ্বিলঙত IED বিস্ফোৰণ

author img

By

Published : Aug 10, 2021, 9:03 PM IST

শক্তিশালী আই ই ডি বিস্ফোৰণত কঁপি উঠিল মেঘালয়ৰ ৰাজধানী শ্বিলং ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত সংঘটিত এই ঘটনাই আতমকিত কৰি তুলিছে শ্বিলঙৰ জনতাক ৷ বৰ্তমানলৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

IED blast injures two in Shillong
IED blast injures two in Shillong

নিউজ ডেস্ক, 10 আগষ্ট : সমাগত স্বাধীনত দিৱসৰ প্ৰাক্ ক্ষণত মঙলবাৰে আবেলি এক শক্তিশালী IED বিস্ফোৰণত কঁপি উঠিল মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰ ৷ খাচী পাহাৰৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, চহৰখনৰ লাইতুমখৰা অঞ্চলৰ এক পাৰ্কিং স্থলীৰ সমীপত থকা এখন চাহৰ দোকানৰ ওচৰত এই বিস্ফোৰণটো সংঘটিত হয় ৷ বিস্ফোৰণটোত আহত হৈছে দুজনকৈ সাধাৰণ লোক ৷ আহত দুজন বৰ্তমান বিপদমুক্ত বুলি জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, প্ৰাথমিক অনুসন্ধানত ইয়াক এটা IED বোমা বুলি সন্দেহ কৰা হৈছে ৷ বৰ্তমানলৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই বুলি জনাইছে আৰক্ষী বিষয়া গৰাকীয়ে ৷ বিস্ফোৰণটোৱে চাহৰ দোকানখনৰ দেৱালখন খহাই পেলাই আৰু আশে-পাশে ৰখাই থোৱা কিছুমান বাহন আংশিকভাৱে ক্ষতিগ্ৰস্ত কৰে ৷ ঘটনা সন্দৰ্ভত বৰ্তমান মেঘালয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জনাইছে আৰক্ষী গৰাকীয়ে ৷

লগতে পঢ়ক : আমিনুল ইছলামক বিক্ৰী যোৱা বিধায়ক আখ্যা ৰাছেল হুছেইনৰ

ইয়াৰ উপৰিও যিকোনো স্থানত কিবা আপত্তি জনক সামগ্ৰী প্ৰত্যক্ষ কৰিলে আতংকিত নহৈ লগে লগে আৰক্ষীক খবৰ দিয়াৰ বাবে আহ্বান জনাইছে মেঘালয় আৰক্ষীয়ে ৷

মন কৰিবলগীয়া পূৰ্বে অশান্ত জৰ্জৰ অঞ্চল বুলি নাম থকা খাচী পাহাৰত বিগত কেইবা বছৰ ধৰি এইধৰণৰ বিস্ফোৰণ বা কোনো কূটাঘাটমূলত ঘটনা সংঘটিত হোৱা নাছিল ৷ কিন্তু সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যখনৰ মাজমজিয়াত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাই স্বাভাৱিকতে শংকিত কৰিছে সাধাৰণ জনতাক ৷ লগতে বিমোৰত পেলাইছে মেঘালয় আৰক্ষীক ৷ কোনে এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিলে সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়কঃ মণিপুৰৰ মোৰেহত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.