ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 20, 2022, 1:01 PM IST

Top 10 at 1 pm
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam assembly winter session: সদনৰ পৰা মাৰ্শ্বেল লগাই বাহিৰ কৰি দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক

আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session)৷ অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা নিলম্বন হ’ল ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Sivsagar MLA Akhil Gogoi)৷

Assam assembly winter session: পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session) ৷ 12 খনকৈ বিধেয়ক উত্থাপন কৰা‌ হ’ব শীতকালীন অধিৱেশনত ।

Parliament Winter Session 2022 : টাৱাং প্ৰসংগত উচ্চ সদনত বিজেপিৰ সৈতে কংগ্ৰেছৰ তীব্ৰ বাদানুবাদ

সংসদত চলিত শীতকালীন অধিবেশনত (Parliament Winter Session 2022) চীনৰ সৈতে সীমান্ত বিবাদৰ স্থিতি স্পষ্ট কৰাৰ বাবে আলোচনাৰ দাবীত দুয়োখন সদনতে তীব্ৰ হুলস্থুলৰ সৃষ্টি হৈ আহিছে । অনুমান কৰা হৈছে যে মঙলবাৰেও এই ধাৰা অব্যাহত থাকিব ।

One Death of Electric Shock: পানীৰ পাম্পত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

নলবাৰীৰ মুকালমুৱাৰ ১নং ভেলামাৰীত শোকাৱহ ঘটনা সংঘটিত হৈছে (One Death of Electric Shock)৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন লোকৰ ৷ মৃত লোকজনৰ নাম আলী হুছেইন(৩৫) বুলি জানিব পৰা গৈছে ৷ জানিব পৰামতে সোমবাৰে লোকজনে ঘৰৰ ওচৰতে থকা পুখুৰী এটাত মাছ ধৰি আহি বৈদ্যুতিক পানীৰ পাম্প এটা স্পৰ্শ কৰিছিল ৷ তাৰ পিছতে পানীৰ পাম্পটোৰ পৰা বিদ্যুৎস্পৃষ্ট হয় লোকজন (One Death of Electric Shock in Nalbari ) ৷ লোকজনক পৰিয়ালৰ লোকে ততাতয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে আলী হুছেইনক মৃত ঘোষণা কৰে ৷

Jammu Kashmir Encounter: কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত 3 সন্ত্ৰাসবাদী নিহত

জম্মু কাশ্মীৰৰ শ্বপিয়ান জিলাত পুনৰ এনকাউণ্টাৰ ঘটনা ৷ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী নিহত হয় (3 Militants Killed in encounter) ৷

Dilapidated condition of school: শিক্ষামন্ত্ৰীৰ গৃহ জিলাত ৰান্ধনীশালতেই চলিছে বিদ্যালয়ৰ পাঠদান

ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ কেৰকণি আদৰ্শ হাইস্কুলৰ এটা শ্ৰেণী কোঠায়ে উন্মোচিত কৰিছে চৰকাৰী বিদ্যালয়ৰ পঁয়ালগা স্বৰূপ (Poor condition of govt school) ৷ বিদ্যালয়খনৰ দুৰাৱস্থাই একপ্ৰকাৰ শিক্ষা বিভাগৰ ফোঁপলা স্বৰূপটো উদঙাই দিছে । ৰাইজে কৰা অভিযোগ মতে, চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও ধেমাজিত আজিও বহুতো বিদ্য়ালয়ে লাভ কৰা নাই ইয়াৰ সুযোগ ।

Gold Chain Snatching: মহানগৰীত দিন দুপৰতে পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে চেইন

মহানগৰীৰ সাতগাঁও অঞ্চলত দিন দুপৰতে সংঘটিত হৈছে চিলনী চোৰৰ ঘটনা (Gold Chain Snatching) ৷ নিজ বাসগৃহৰ সন্মুখৰ পৰা মহিলাক পিষ্টল দেখুৱাই চেইন চুৰি কৰিলে দুই বাইক আৰোহীয়ে ৷

FIFA world cup final: পৰাস্ত হৈও হৃদয় জিনিলে ফ্ৰান্সে

আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেল খেলৰ পিছত ফ্ৰান্সৰ কিলিয়ান এমবাপেয়ে শ্ৰেষ্ঠ স্ক’ৰাৰৰ ট্ৰফী ‘‘গোল্ডেন বুট’’ (Kylian Mbappe won golden boot) লাভ কৰাৰ বিপৰীতে লিঅ’নেল মেছিয়ে আৰ্জেণ্টিনাক নেতৃত্ব দি বিশ্বকাপৰ ট্ৰফী লৈ ঘৰলৈ যায় । এই লেখাটোত ফৰাচী পক্ষৰ বাবে পৰৱৰ্তী সময়ত কি হ’ব সেই বিষয়ে অনুসৰণ কৰা হৈছে ।

Student Union Body Election: নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী আইন মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ (Student Union Body Election) নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ চৌহদত আবদ্ধ কৰি ৰাখিলে অধ্যক্ষ-প্ৰৱক্তাক (Tense Situation at Dhubri law college) ৷

BTR day celebration: কোকৰাঝাৰত BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন BTR পৰিষদীয় চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান (2nd anniversary of BTR celebrated in Kokrajhar) ৷ বৰ্ষপূতি উদযাপনৰ সতে সংগতি ৰাখি মঙলবাৰে পুৱা 5.30 বজাত বাহিৰ কৰা হয় এক শান্তিৰ পদযাত্ৰা (Walk for Peace) ৷ পদযাত্ৰাত অংশগ্ৰহণ কৰে BTR প্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকীও কাৰ্যবাহী সদস্য তথা পাৰিষদে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.