ETV Bharat / state

Gold Chain Snatching: মহানগৰীত দিন দুপৰতে পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে চেইন

author img

By

Published : Dec 20, 2022, 10:18 AM IST

মহানগৰীৰ সাতগাঁও অঞ্চলত দিন দুপৰতে সংঘটিত হৈছে চিলনী চোৰৰ ঘটনা (Gold Chain Snatching) ৷ নিজ বাসগৃহৰ সন্মুখৰ পৰা মহিলাক পিষ্টল দেখুৱাই চেইন চুৰি কৰিলে দুই বাইক আৰোহীয়ে ৷

Gold Chain Snatching in Guwahati
পিষ্টল দেখুৱাই মহিলাৰ চেইন চুৰি

পিষ্টল দেখুৱাই মহিলাৰ চেইন চুৰি

গুৱাহাটী, ১৯ ডিচেম্বৰ: ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে চিলনী চোৰৰ উপদ্ৰৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত বৃদ্ধি হৈছে চিলনী চোৰৰ সন্ত্ৰাস (Snatching case in Guwahati)। এইবাৰ মহানগৰীৰ সাতগাঁও অঞ্চলত দিন দুপৰতে সংঘটিত হৈছে চিলনী চোৰৰ ঘটনা (Gold Chain Snatching) ৷

ঘটনা অনুসৰি সাতগাঁৱৰ প্ৰগতি নগৰৰ ৯ নং বাইলেনত সোমবাৰে পুৱাৰ ভাগত টুটুমনি ৰাভা বুলি এগৰাকী মহিলাই ঘৰৰ সমীপতে অন্নপ্ৰসনৰ অনুষ্ঠানত ভাগ লৈ ঘৰলৈ উভতি আহে ৷ তেতিয়াই তেওঁৰ পিছৰফালে দুজন ল’ৰা আহি থাকে ৷ মহিলাগৰাকীয়ে প্ৰথমে এই কথা মন কৰে যদিও তেওঁ অন্য পথচাৰী বুলি ভাবি ইমান মন নিদিয়ে ৷

কিছু সময় এনেদৰে আহি থকাৰ পিছত মহিলাগৰাকী ঘৰ পোৱাৰ ঠিক আগমুহুৰ্ততেই ল’ৰাজনে বাইকখন ঘূৰাই, মহিলাগৰাকীয়ে বাইকখন ঘূৰাবলৈ ৰাস্তাও এৰি দিয়ে ৷ তেনেকুৱাতে এজন ল’ৰাই পিছফালৰ পৰা আহি মহিলাগৰাকীক পিষ্টল দেখুৱাই চেইনডাল দিবিনে নাই বুলি ভাবুকি দিয়ে ৷ মহিলাগৰাকীয়ে ঘটনাৰ কিবা তৎ পাই মানে ল’ৰাটোৱে মহিলগৰাকীৰ ডিঙিৰ পৰা চেইনডাল কাঢ়ি মহিলাগৰাকীক ৰাস্তাতে থেলা মাৰি পেলাই থৈ যায় ৷

পালছাৰ মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই মহিলাগৰাকীক পিষ্টলৰে ভয় দেখুৱাই ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি তাৰ পৰা তীব্ৰ বেগেৰে অন্তৰ্ধান হয় ৷ এই সমগ্ৰ চুৰি ঘটনা চিচিটিভি কেমেৰাত বন্দী হয় ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে সাতগাঁও আৰক্ষী থানাত (Case registered at Satgaon Police station) গোচৰ ৰুজু কৰে ৷ সম্প্ৰতি সাতগাঁও আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে (CCTV footage of gold chain snatching) ৷

তাৎপৰ্যপূৰ্ণ যে, স্মাৰ্ট আৰক্ষীৰ নিৰীক্ষণত থকা গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধ মূলক ঘটনা ৷ মহানগৰীত প্ৰত্যেকদিনে চুৰি, ডকাইতি, হত্যাকাণ্ড আদিকে ধৰি বিভিন্ন অপৰাধে ছানি ধৰিছে ৷

শেহতীয়াকৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত অস্বাভাৱিকভাৱে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত সলনি কৰা হয় (Guwahati new CP) ৷ আৰক্ষী আয়ুক্তৰ দায়িত্বত থকা হৰমীত সিঙক উক্ত পদৰ পৰা বদলি কৰি তেওঁৰ স্থানত গৃহ, ৰাজনৈতিক আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাক আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল ৷

এনে অভিযোগৰ পৰিপ্ৰেক্ষিততেই ৰদ-বদল কৰা হৈছে গুৱাহাটীৰ আৰক্ষী বিভাগত ৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ পদত দিগন্ত বৰাক নিযুক্তি দিয়াৰ লগতে গুৱাহাটী(পূৱ) আৰক্ষী উপ-আয়ুক্তৰ পদতো সালসলনি কৰা হৈছে ৷ সুধাকৰ সিঙক নলবাৰীৰ আৰক্ষী আয়ুক্ত হিচাপে বদলি কৰি তেওঁৰ স্থলাভিসিক্ত কৰা হৈছে এ পি এছ চি কেলেংকাৰীৰ নায়ক ৰাকেশ পালক গ্ৰেপ্তাৰ কৰি চৰ্চিত হোৱা আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছৰক ৷

লগতে পঢ়ক: Guwahati Metro new CP: অপৰাধমুক্ত গুৱাহাটী গঢ়াৰ অংগীকাৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.