ETV Bharat / state

নিলে ঐ নিলে... চিলনী চোৰে থপিয়ালে 3 লাখ টকা ভৰ্তি বেগ

author img

By

Published : Jul 13, 2022, 9:12 PM IST

Thief looted bags worth Rs 3 lakh
Thief looted bags worth Rs 3 lakh

চিলনী চোৰৰ সন্ত্ৰাস ৷ গুৱাহাটীৰ বামুনীমৈদামত দিন দুপৰতে চিলনী চোৰে থপিয়ালে 3 লাখ টকা ভৰ্তি বেগ (Thief looted bags worth Rs 3 lakh) ৷

বামুনীমৈদাম, 13 জুলাই : মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ৷ বামুনীমৈদামত দিন দুপৰতে চিলনী চোৰে থপিয়ালে 3 লাখ টকা ভৰ্তি বেগ (Thief looted bags worth Rs 3 lakh)৷

ঘটনা অনুসৰি বুধবাৰে দিনৰ প্ৰায় 12 বজাত গণেশগুৰিৰ বাসিন্দা তথা গড়কাপ্তানীৰ বিভাগৰ বিষয়া আলিমা নেছাই ধন উলিয়াবলৈ বামুনীমৈদামস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়ালৈ আহে ৷ ইয়াৰ পিছত নেছাই বেংকৰ পৰা তিনি লাখ টকা লৈ ওলাই আহি ৰাজপথৰে গৈ থকা অৱস্থাতে পালছাৰ বাইকেৰে অহা দুই দুৰ্বৃত্তৰ দল এটাই টকাৰ বেগটো কাঢ়ি লৈ যায় ৷

চিলনী চোৰে থপিয়ালে 3 লাখ টকাৰ বেগ

এনে আকস্মিক ঘটনাত হতভম্ব হৈ মহিলাগৰাকীয়ে চোৰ চোৰ বুলি চিঞৰ বাখৰ কৰে যদিও উক্ত স্থানত থকা কোনো লোক আগবাঢ়ি নাহে ৷ ফলত দুৰ্বৃত্তৰ দলটোৱে বেগটো কাঢ়ি নুনমাটি অভিমুখে পলায়ন কৰে বুলি মহিলাগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷

এই ঘটনাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে চান্দমাৰি আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে ঘটনাস্থলীৰ ওচৰৰ এখন দোকানৰ পৰা চি চি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে ৷ আৰক্ষীয়ে চি চি টিভি কেমেৰাৰ ফুটেজৰ ওপৰত ভিত্তি কৰি পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে দুই দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : Thief arrested in Kalgachia: অৱশেষত আৰক্ষীৰ জালত চুলতান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.