ETV Bharat / state

Workshop held in Tinsukia : জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত আয়োজন বিশেষ কৰ্মশালা

author img

By

Published : Jan 27, 2023, 10:16 PM IST

শুকুৰবাৰে তিনিচুকীয়া মহাবিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ কৰ্মশালা (Workshop held in Tinsukia) ৷ জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা "The Role Of G-20 Nations in Achieving SDGs" শীর্ষক কৰ্মশালাত উপস্থিত থাকে জিলাৰ উপায়ুক্তগৰাকীৰ সৈতে বহু সমল ব্যক্তি ৷

Workshop held in Tinsukia
তিনিচুকীয়া মহাবিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ কৰ্মশালা

তিনিচুকীয়া, ২৭ জানুৱাৰী : বসুধৈৱ কুটুম্বকম এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত এলানি কাৰ্যসূচী হাতত লোৱা হৈছে । জি-২০ সন্মিলন (G20 Summit in Assam) উপলক্ষ্যে আয়োজিত কাৰ্যসূচীৰ ৰূপায়নৰ বাবে তিনিচুকীয়া মহাবিদ্যালয়ক নডেল কলেজ হিচাপে নিৰ্বাচিত কৰা হৈছে ।

এই কাৰ্যসূচীৰ অংশস্বৰূপে তিনিচুকীয়া মহাবিদ্যালয়ৰ এন.এচ.এচ গোটৰ উদ্যোগত আৰু এন.চি.চি গোটৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শুকুৰবাৰে "The Role Of G-20 Nations in Achieving SDGs" বিষয়ৰ ওপৰত এখনি কৰ্মশালাৰ আয়োজন কৰা হয় (Workshop held in Tinsukia) ৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সূৰ্য চেতীয়াই আদৰণি ভাষণ আগবঢ়ায় ৷

উক্ত কৰ্মশালাৰ শুভ-উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে । কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলেশ্বৰ কলিতা । কৰ্মশালাখনিৰ সমল ব্যক্তি ড৹ কমলেশ্বৰ কলিতাই জি-২০ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়োৱাৰ লগতে "The Role Of G-20 Nations in Achieving SDGs" বিষয়বস্তুৰ ওপৰত বিতংকৈ আলোকপাত কৰে ।

Workshop held in Tinsukia
তিনিচুকীয়া মহাবিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ কৰ্মশালা

উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত উক্ত কৰ্মশালাত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত প্ৰমুখ্যে তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, পদ্মনাভ গোহাঁইবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডুমডুমা মহাবিদ্যালয়, মাৰ্ঘেৰিটা মহাবিদ্যালয় আৰু লিডু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Disaster risk reduction and Climate change: ডিফুত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস বিষয়ক কৰ্মশালা

ভাৰতবৰ্ষৰ অধ্যক্ষতাত প্ৰথমবাৰৰ বাবে G20 আৰু Y20 সন্মিলন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে অসম (G20 and Y20 Summit in Assam) । অহা ২ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব G20 আৰু Y20 (Youth 20) অৰ্থাৎ যুৱ ২০ সন্মিলন । বিশ্বৰ ২০ দেশৰ লগতে ইউৰোপিয়ান দেশেও অংশগ্ৰহণ কৰিব উক্ত সন্মিলনত ।

জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন Y২০ (যুৱ ২০) শীৰ্ষ সন্মিলনত, ভৱিষ্যতৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷ ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, শান্তি প্ৰতিষ্ঠা আৰু মিলন আৰু গণতন্ত্ৰত যুৱক-যুৱতী(G20 summit in India) ।

উল্লেখ্য যে, ১৯৯৯ চনত জি-২০ৰ উদ্যোগ গ্ৰহণ কৰি ৰাষ্ট্ৰগোট গঠন হৈছিল । বিশ্বৰ ১৯ খন শীৰ্ষ ৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়ন এই ৰাষ্ট্ৰগোটৰ সদস্য । সমগ্ৰ বিশ্বৰ জিডিপিৰ ৮০ শতাংশৰো বেছি তথা বিশ্ব বাণিজ্যৰ ৭৫ শতাংশ এই ৰাষ্ট্ৰগোটে নিয়ন্ত্ৰণ কৰে । আৰম্ভনিৰ পৰাই ভাৰত এই শক্তিশালী অৰ্থনৈতিক ৰাষ্ট্ৰগোটৰ সদস্য হৈ আছে । এইবাৰ ভাৰতে জি-২০ সন্মিলনৰ সভাপতিত্ব কৰিব ।

বিশ্বৰ শীৰ্ষ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ সমাৱেশ ঘটিব এই সন্মিলনত । উল্লেখ্য যে বিশ্বৰ প্ৰধান অৰ্থনৈতিক শক্তিসম্পন্ন দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা, আৰ্থিক স্থিতিশীলতা বজাই ৰখা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি জি-২০ গঠন কৰা হৈছিল ।

লগতে পঢ়ক : G20 summit in Assam: কাজিৰঙাত ৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ চাফাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.