ETV Bharat / state

Disaster risk reduction and Climate change: ডিফুত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস বিষয়ক কৰ্মশালা

author img

By

Published : Jan 27, 2023, 7:53 PM IST

Disaster risk reduction and Climate change
ডিফুত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসকলৈ কৰ্মশালা

ডিফুত 'উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস' শীৰ্ষক কৰ্মশালা সম্পন্ন ৷ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয় এই কৰ্মশালা ৷ ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে(MLA Bidyasing Inglang) উদ্ধোধন কৰে কৰ্মশালাখন ৷

ডিফুত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসকলৈ কৰ্মশালা

ডিফু, ২৭ জানুৱাৰী: উত্তৰ পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস বিষয়ক লৈ শুকুৰবাৰে কাৰ্বি আংলঙৰ ডিফুত এক কৰ্মশালা অনুষ্ঠিত কৰা হয়(Workshop on disaster risk reduction) ৷ জি-২০ আৰু ৱাই ২০ সন্মিলনৰ লগত সংগতি ৰাখি ডিফু চৰকাৰী মহাবিদ্যালয়ত এই কৰ্মশালাখন আয়োজন কৰা হয়(G20 Summit in Assam) ৷ ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং(MLA Bidyasing Inglang) মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্মশালাখন উদ্বোধন কৰে ৷

ডিফু চৰকাৰী মহাবিদ্যালয়ৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত 'উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস'(Disaster risk reduction and Climate change) বিষয়ত আলোচনা কৰা হয় ৷ উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অজিত কুমাৰ তামুলী আৰু ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক আতুৰ কিৰি ইংতি ৷

জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ ওপৰত আলোকপাত কৰাৰ লগতে স্থানীয়ভাৱে হোৱা জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰতো বিস্তৃত ব্যাখ্যা আগবঢ়ায় সমল ব্যক্তিদ্বয়ে ৷ ইফালে জি ২০ আৰু ৱাই ২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত 'স্পৰ্টচ এজ এ কেৰিয়াৰ ইন ইণ্ডিয়া' থীম হিচাপে লৈ এক তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত হয় মহাবিদ্যালয়খনত ৷

কৰ্মশালাৰ শেষত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক বিদ্যাছিং ইংলেঙে কৰ্মশালাত সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ গাঁৱলৈ গৈ জলবায়ু পৰিৱৰ্তনৰ ওপৰত সজাগতা সৃষ্টি কৰাত যথেষ্ট সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে ৷ তেওঁ বৰষুণৰ পৰিমাণ কমি যোৱাৰ বাবে জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে বুলি উল্লেখ কৰি গছ-গছনি ৰুই খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে সকলোলৈ আহ্বান জনায় ৷

আনহাতে কৰ্মশালাখনৰ ন'ডেল বিষয়া আৰু মহাবিদ্যালয়খনৰ প্ৰৱক্তাদ্বয় প্ৰফেছাৰ এম এইছ বৰভূঞাঁ আৰু ড৹ গুঞ্জন পাটোৱাৰীয়ে কৰ্মশালা আৰু তৰ্ক প্ৰতিযোগিতাৰ উদ্দেশ্য আৰু লক্ষ্য সন্দৰ্ভত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বিস্তৃতভাৱে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ভাৰতৰ অধ্যক্ষতাত এইবাৰ অনুষ্ঠিত হ'বলগীয়া জি ২০ সন্মিলনৰ কেইবাখনো বৈঠক প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’ব(G20 Summit preparations in Assam) । জি-২০ সন্মিলনৰ আয়োজনক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে ৷

লগতে পঢ়ক: 13 electric fans in 13 Anganwadi Centres: অৱসৰৰ পূৰ্বে এগৰাকী চৰকাৰী বিষয়াই অংগনৱাড়ী কেন্দ্ৰক দান দিলে ১৩ খন পাংখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.