ETV Bharat / state

মুখ্যমন্ত্ৰীক সাক্ষাৎ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ

author img

By

Published : Jun 16, 2021, 9:32 PM IST

Cm relief fund
হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ

টেট শিক্ষক (TET teacher)ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত স্মাৰকপত্র প্ৰদান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক। মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি (CM relief fund) লৈ ২০ হাজাৰ টকাৰ বৰঙণি সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ ।

গুৱাহাটী, ১৬ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক বুধবাৰে সাক্ষাৎ কৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ এটা প্ৰতিনিধি দলে । প্ৰতিনিধি দলটোৱে অসমৰ বিভিন্ন জিলাত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট উৰ্ত্তীণ শিক্ষকক এটা নিয়ন্ত্ৰণকাৰী সন্থাৰ অধীনলৈ অনা, এন পি এছ (NPS), গ্ৰেছুইটি (gratuity), মৃতকালীন সা-সুবিধা, ছাৰ্ভিছ বুক (Service book), আপোন ঘৰৰ বেংক লোণ আদি সুবিধাৰ প্ৰদানৰ দাবীৰে মুখ্যমন্ত্রীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই জনাই যে শিক্ষকসকলৰ দাবীসমূহ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰিছে । উল্লেখ্য যে, প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ (Cm relief fund) আগবঢ়োৱা ২০ হাজাৰ টকাৰ বৰঙণিৰ চেক মুখ্যমন্ত্রীক প্ৰদান কৰে ।

লগতে পঢ়ক:ক'ভিডৰে যুঁজত জয়ী হ'ল ধেমাজিৰ এগৰাকী ৯৫ বছৰীয়া আইতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.