ETV Bharat / state

তালিবানৰে কি সম্পৰ্ক কে এল অ'ৰ : উন্মোচিত হৈছে নতুন তথ্য

author img

By

Published : Oct 8, 2021, 8:54 PM IST

কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন (কে এল অ') ৰ সৈতে তালিবানী সন্ত্ৰাসবাদীৰ সম্পৰ্কৰ এক নতুন অধ্যায় শেহতীয়াকৈ খোল খাইছে । তালিবানৰ সৈতে থকা কে এল অ'ৰ সম্পৰ্কৰ বিষয়ত শেহতীয়াকৈ চোৰাংচোৱা সংস্থা সমূহে লাভ কৰিছে নতুন তথ্য ৷

taliban-relation-klo
তালিবানৰে কি সম্পৰ্ক কে এল অ'ৰ : উন্মোচিত হৈছে নতুন তথ্য

গুৱাহাটী, ৮ অক্টোবৰ : কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন (কে এল অ') ৰ সৈতে তালিবানী সন্ত্ৰাসবাদীৰ সম্পৰ্কৰ এক নতুন অধ্যায় শেহতীয়াকৈ খোল খাইছে । শেহতীয়াকৈ পশ্চিমবংগ আৰক্ষীৰ হাতত ধৰা পৰা কে এল অ'ৰ কেইবাজনো সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা সমূহ একপ্ৰকাৰ নিশ্চিত হৈছে তালিবানৰ সৈতে থকা কে এল অ'ৰ সম্পৰ্কৰ বিষয়টোত ।

তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বিগত দীৰ্ঘ সময়জুৰি প্ৰায় নিস্ক্ৰিয় হৈ থকা কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহও শেহতীয়াকৈ বিশেষ তৎপৰ হৈ উঠাটো পৰিলক্ষিত হৈছে । ধৃত সদস্য কেইজনৰ প্ৰাথমিক স্বীকাৰোক্তিত পশ্চিম বংগ আৰক্ষী আৰু কেন্দ্ৰীয় চোৰাংচোৱা ইতিমধ্যে নিশ্চিত হৈছে যে তালিবানৰ সৈতে ২০০৩ চনতে কে এল অ'ৰ প্ৰথম যোগাযোগ হৈছিল আৰু এইক্ষেত্ৰত আলফাৰ ভূমিকাও আছিল অত্যন্ত গুৰুত্বপূৰ্ণ ।

২০০৩ চনত ভূটানত ভাৰতীয় সেনা বাহিনীয়ে চলোৱা এক অভিযানত চুবুৰীয়া দেশখনৰ পৰা আলফা আৰু এন ডি এফ বিৰ লগতে কে এল অ'ৰো বহুকেইটা ঘাটি উৎখাত কৰিছিল । সেই সময়তে কে এল অ'ৰ একাংশ নেতা আৰু কেডাৰে আফগানিস্তানলৈ আতৰি যোৱাৰ পৰিকল্পনা কৰি তালিবানী সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ কৰিছিল ।

কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ সেই সময়ত আছিল বাংলাদেশৰ শিবিৰত । কিন্তু অৱশেষত বিভিন্ন কূটনৈতিক কাৰণত কে এল অ'ৰ আফগানিস্তান যাত্ৰা সম্ভৱ হৈ নুঠিল । কিন্তু সমসাময়িক ভাবে সামৰিক প্ৰশিক্ষণৰ বাবে সংগঠনটোৰ একাংশ কেডাৰক তালিবানৰ শিবিৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু এইক্ষেত্ৰত আলফাই কে এল অ'ক যথেষ্ঠ সহায় কৰাৰ তথ্য কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীয়ে ইতিমধ্যে লাভ কৰিছে পশ্চিমবংগ আৰক্ষীয়ে দেখুওৱা এই সাফল্যৰ পিছত ।

আনহাতে, সেই সময়ৰ পিছৰে পৰা তালিবান বিদ্ৰোহীৰ সৈতে কে এল অ'ৰ বিশেষ যোগাযোগ নাছিল যদিও শেহতীয়াকৈ তালিবানে আফগানিস্তান দখল কৰাৰ পিছত পুনৰ কে এল অ' তৎপৰ হৈ উঠাটো তাৎপৰ্যপূৰ্ণ । ইপিনে, তালিবানৰ সৈতে কে এল অ'ৰ সম্পৰ্কৰ ক্ষেত্ৰত আলফাৰো এক গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ বিষয়টো কেন্দ্ৰীয় চোৰাংচোৱাই লাভ কৰে ৷

ইয়াৰ পিছত শুকুৰাবাৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ই টিভি ভাৰতক কয় - "সেই সময়ত আলফাৰ একাংশ কেডাৰে আফগানিস্তানত প্ৰশিক্ষণ ল’বলৈ গৈছিল সেই কথা সত্য । কিন্তু কে এল অ'ক তালিবানৰ সৈতে লগ লগাই দিয়া কথাটো অন্ততঃ মই নাজানো ।" অৱশ্যে আলফাৰ উপৰি কে এল অ'ৰ কেডাৰো যে আফগানিস্তানলৈ প্ৰশিক্ষণৰ বাবে গৈছিল সেই কথা অস্বীকাৰ কৰা নাই আলফাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক : হঠাৎ কিয় খং উঠিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.