ETV Bharat / state

Mohila Congress press meet: আত্মহত্যাৰ কথা কেতিয়াও চেলিব্ৰেচন হ'ব নোৱাৰে:মহিলা কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 8:32 PM IST

বিজেপি নেত্রী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাক লৈ শাসক-বিৰোধীৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ । এইবাৰ উভতি ধৰিলে প্ৰদেশ মহিলা কংগ্ৰেছে ।

Mohila Congress press meet
প্ৰদেশ মহিলা কংগ্ৰেছ

প্ৰদেশ মহিলা কংগ্ৰেছ

গুৱাহাটী,২২ আগষ্টঃ অব্যাহত আছে শাসক-বিৰোধীৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ । এইবাৰ ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাক উভতি ধৰিলে প্ৰদেশ মহিলা কংগ্ৰেছে । উল্লেখ্য যে বিজেপি নেত্রী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পাছতে বিজেপিত নাৰীৰ সুৰক্ষাক লৈ প্ৰদেশ কংগ্ৰেছ তথা প্ৰদেশ মহিলা কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছিল । ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ একাংশ মহিলা নেত্রীয়ে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । বিজেপিৰ মহিলা নেত্রীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত মঙলবাৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ।

লগতে পঢ়ক:Protest at chachal:অনুসূচিত জাতিক লৈ কৰা ৰাজনীতিৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

তেওঁ কয় যে বিজেপি নেত্রীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাটোক আমি উদযাপন কৰা বুলি অত্যন্ত দুৰ্ভাগ্যজনক মন্তব্য কৰিছে । এগৰাকী মহিলাৰ আত্মহত্যাৰ কথা কেতিয়াও চেলিব্ৰেচন হ'ব নোৱাৰে । এই ঘটনাক লৈ বোকা ছটিওৱাৰ ৰাজনীতি কৰাটো সমীচিন নহয় বুলি সদৰী কৰি তেওঁ কয় যে নাৰীৰ সুৰক্ষাৰ প্ৰসংগত দলৰ কথা নাহে । মহিলাৰ সমস্যাৰ ক্ষেত্রত মাত মাতি যাম বুলি সদৰী কৰি তেওঁ কয় যে মহিলা বিপদত পৰা সময়ত দলৰ উৰ্দ্ধত গৈ মহিলাসকলে মাত মতা উচিত । ইয়াত কোনো দলৰ কথা নাই ।

লগতে পঢ়কCongress Working Committee Reconstituted : কংগ্ৰেছত নাৰীক অধিক ক্ষমতা প্ৰদান; চিডব্লিচিত ১৫ গৰাকী মহিলা সদস্য:

তেওঁ লগতে কয় যে কংগ্ৰেছত কাম কৰা মহিলাই যোগ্য সন্মান লাভ কৰিছে আৰু কংগ্ৰেছত মহিলাসকল সুৰক্ষিত । ঘটনা এটা হ'লে গাপ দিয়াৰ বিপৰীতে তদন্তৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ কয় । সংবাদমেলত প্ৰদেশ মহিলা কংগ্ৰেছৰ কেইবাগৰাকী নেত্রী উপস্থিত থাকে ।

লগতে পঢ়ক:Indrani Tahbildar Death Case: বিজেপিৰ নতুন কাৰ্যালয়ৰ ৰং-তেলৰ গোন্ধ মাৰ নৌযাওঁতেই নাৰী কেলেংকাৰী আৰু চাকৰি দুৰ্নীতিৰ দুৰ্গন্ধ ওলাল; প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.