ETV Bharat / state

Mayor of GMC: কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী পৌৰপতি ?

author img

By

Published : Apr 24, 2022, 9:45 PM IST

ঘোষিত হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ৷ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতে আগবাঢ়িছে পৌৰ নিগম গঠনৰ দিশে ৷ এনে সময়তে জল্পনা-কল্পনা আৰম্ভ হৈছে গুৱাহাটীৰ পৰৱৰ্তী পৌৰপতিক লৈ (Next mayor of Guwahati) ৷ উচ্চাৰিত হৈছে পূৰ্বৰ পৌৰপতিৰ লগতে আন দুই-একৰ নাম ৷

Next mayor of Guwahati
কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী পৌৰপতি ?

গুৱাহাটী, 24 এপ্ৰিল: গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি দলে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছত এতিয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কোন হ'ব সেয়ালৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে (Next mayor of Guwahati)। এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকলক সম্ভাষণ জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে গুৱাহাটীবাসীক শিক্ষিত আৰু এখন চিনাকি মুখক মেয়ৰ হিচাপে নিযুক্তি দিয়াৰ চিন্তা চৰ্চা কৰি থকা হৈছে ।

কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী পৌৰপতি ?

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ মেয়ৰ মৃগেন শৰণীয়া গুৱাহাটীবাসীৰ বাবে চিনাকী মুখ । সেই হিচাপে মৃগেন শৰণীয়া গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী মেয়ৰ হ'ব নেকি তাকে লৈ প্ৰশ্ন উঠিছে । কিন্তু বিজেপিৰ একাংশ নেতাৰ বাবে মৃগেন শৰণীয়া পচন্দৰ নহয় । তাৰ সমান্তৰালভাৱে মেয়ৰ হিচাপে শশাংক ডেকাৰ নামো উত্থাপিত হৈছে । উল্লেখযোগ্য যে, মৃগেন শৰণীয়া তিনিবাৰকৈ কাউন্সিলৰ হিচাপে আৰু শশাংক ডেকা দুবাৰকৈ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছে ।

ইপিনে ডেপুটি মেয়ৰ বিজেপিৰ মিত্ৰ দল অগপৰ কাউন্সিলাৰ হোৱাৰ সম্ভাৱনা আছে যদিও বিজেপিৰ একাংশ কাউন্সিলাৰে ইয়াৰ বিৰোধীতা কৰাৰ সম্ভৱনা আছে । কাৰণ পৌৰ নিগমৰ পৰিষদত এতিয়া বিজেপিৰ 52 গৰাকী আৰু অগপৰ মাত্ৰ 6 গৰাকী কাউন্সিলাৰ আছে । এই কথা অহা 26 এপ্ৰিলৰ ভিতৰত স্পষ্ট হ'ব । 26 এপ্ৰিলত মাছখোৱা ITA ত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ'ব বিজেপি আৰু অগপ দলৰ বিজয় উৎসৱ (Victory celebration of BJP and AGP)।

এই বিজয় উৎসৱৰ কথা সদৰি কৰি ভৱেশ কলিতাই কয় যে, গুৱাহাটীক অনাগত সময়ত সৰ্বাংগীন সুন্দৰ কৰি তোলা হ'ব । তেওঁ কয় যে অসমৰ উন্নয়নৰ বাবে মিত্ৰজোঁট লাগিবই । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ লগতে মহানগৰীত উন্নয়ন হৈছে । গুৱাহাটীত কিছু সৰু-সুৰা সমস্যা আছে, সেইবোৰ অনাগত সময়ত পূৰণ কৰা হ’ব (Major problems of Guwahati)। লগতে তেওঁ কয় যে বিজেপিৰ বাবে কেতিয়াও আপ প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ এতিয়াও AAP তৃতীয় স্থানতে আছে ।

ইপিনে বিধায়ক জয়ন্তমল্ল বৰুৱাই কয় যে, 1 আৰু 42 নং ৱাৰ্ডত জনগাঁথনিৰ বাবেই বিজেপি পৰাজয় হৈছে । কেৱল মাত্ৰ ২৫০-৩০০ ভোটৰ ব্যৱধানত বিজেপি দুয়োখন আসন হেৰুৱাব লগা হৈছে ।

লগতে পঢ়ক: গুৱাহাটীবাসীৰ ভোটদানে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.