ETV Bharat / state

কটনৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাতত অসম ছাত্ৰ পৰিষদ প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ

author img

By

Published : Jan 6, 2022, 10:41 PM IST

Student clash in Cotton University
কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক সংঘাত

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাত ৷ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ পিছতে বুধবাৰে নিশা উত্তপ্ত হৈ পৰে কটন বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাৱাস (Clash in Cotton University) ৷ এই ঘটনাত অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদক জগৰীয়া কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

গুৱাহাটী, ৬ জানুৱাৰী : ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ পিছতে বুধবাৰে নিশা উত্তপ্ত হৈ পৰে কটন বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাৱাস (Clash in Cotton University) ৷ কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন (এমএনডিপি) ছাত্ৰাবাসত বুধবাৰে নিশা সংঘটিত মাৰপিটৰ ঘটনাৰ বাবে অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদক জগৰীয়া কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (Satra mukti sangram samiti)য়ে । সমগ্ৰ ঘটনাটোত আৰক্ষী তথা প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰো অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠনটোৱে ।

বৃস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উল্লেখ কৰে যে, কটন বিশ্ববিদ্যালয়ৰ সধাৰণ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী সকলে সাধাৰণ সম্পাদক, উপ সভাপতিকে ধৰি আন গুৰুত্বপূৰ্ণ পদত জয় লাভ কৰাক লৈ প্ৰতিশোধ পৰায়ণ হৈ পৰিছে শাসকীয় মিত্ৰ দল অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ ৷ যাৰ পৰিপ্ৰেক্ষিত অসম ছাত্ৰ পৰিষদৰ সমৰ্থক সকলে বুধবাৰে নিশা কটন বিশ্ববিদ্যালয়ৰ এম এন ডি পি ছাত্ৰাবাসত প্ৰৱেশ কৰি কেইবাগৰাকী আবাসীক প্ৰহাৰ কৰি আহত কৰাৰ লগতে ডাইনিং হলটো ভাঙি লণ্ড ভণ্ড কৰে ।

আনকি আৰক্ষীৰ সন্মুখতে অসম ছাত্ৰ পৰিষদৰ সমৰ্থক সকলে এম এন ডি পিৰ ইজনৰ পিছত সিজন আৱাসীক প্ৰহাৰ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে । ইফালে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে এম এন ডি পিৰ আৱাসী সকলকহে প্ৰহাৰ কৰাৰো অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিটিয়ে ৷

আনহাতে ঘটনাৰ বুজ ল’বলৈ অহা খ্যাতিময় বৰা নামৰ অধিবক্তা জনো আৰক্ষীৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হয় । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ এই ঘটনাক গৰিহণা দিয়াৰ লগতে আৰক্ষীক ৰাজনৈতিক স্বাৰ্থতহে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঘটনাৰ নিৰপক্ষ তদন্তৰ ঘোষণা কৰাৰ লগতে এম এন ডি পিৰ আৱাসীক আক্ৰমণ কৰা আৰু আক্ৰমণকাৰীক উচতনি দিয়া অসম ছাত্ৰ পৰিষদৰ নেতৃত্বক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনায় । ইফালে, বুধবাৰে নিশা মহেন্দ্ৰ নাথ ডেকা ফুকন (এম এন ডি পি) ছাত্ৰাৱাসত সংঘটিত মাৰপিটৰ ঘটনাক লৈ পাণবজাৰ থানাত বৃহস্পতিবাৰে এম এন ডিপিৰ আৱাসী ছাত্ৰ সকলে এক এজাহাৰো দাখিল কৰে ।

আৰক্ষীক দাখিল কৰা এজাহাৰত তেওঁলোকে অভিযোগ কৰে যে, বুধবাৰৰ নিশাৰ ঘটনাত কটন বিশ্ববিদ্যালয়ৰে সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ ১৫ জনকৈ আৱাসী জড়িত আছিল । আনহাতে, বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত কটন বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তই অসম ছাত্ৰ পৰিষদৰ নেতৃত্বতে এম এন ডি পি ছাত্ৰাৱাসত আক্ৰমণ হোৱাৰ অভিযোগ উত্থাপন কৰে । লগতে মহন্তই কয় যে, ঘটনা সংঘটিত হোৱাৰ সময়ত অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ণ বৰুৱা ঘটনাস্থলীতে উপস্থিত আছিল ।

মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠোপষোকতাতে অসম ছাত্ৰ পৰিষদে গুণ্ডাৰাজ আৰম্ভ কৰিছে । এম এন ডি পিৰ আৱাসীক আক্ৰমণ কৰি থকাৰ সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা পৰিৱৰ্তে নীৰৱ দৰ্শক হৈ চাই আছিল । এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তৰ ৷

সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰি মহন্তই লগতে কয় যে, নিৰ্বাচনত জয়ী হ’ব নোৱাৰি অসম ছাত্ৰ পৰিষদে এনে গৰ্হিত কাম কৰিছে । এই বিষয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও কোনো ব্যৱস্থা লোৱা নাই । শাসক পক্ষৰ সমৰ্থিত হোৱা বাবেই দোষীক ৰেহাই দিয়াৰ অভিযোগ কৰে কটন বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীয়ে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ বুধবাৰে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা পিছতে নিশা উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয়খনৰ দুটা ছাত্ৰবাস । দুই ছাত্ৰাৱাসৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাত ১০ জনৰো অধিক ছাত্ৰ গুৰুতভাৱে আহত হয় । নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত ছাত্ৰকেইজনক জি এম চিলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পয়োভৰ ৰাজনৈতিক শক্তিৰ : বৃদ্ধি পাইছে ছাত্ৰ সংঘাতৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.