ETV Bharat / state

ASP Subhalakshmi Dutta case:ASP শুভলক্ষ্মী দত্তৰ সন্ধানত নামি পৰিছে শিৱসাগৰ আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 7:06 PM IST

গ্ৰেপ্তাৰ হ’ব নেকি শুভলক্ষ্মী দত্ত ! ASP শুভলক্ষ্মী দত্তৰ সন্ধানত নামি পৰিছে শিৱসাগৰ আৰক্ষীৰ এটা দল । আৰক্ষী অহাৰ উমান পাই পলায়ন শুভলক্ষ্মী দত্তৰ ।

Sivasagar Police in search of ASP Subhalakshmi Dutta
পলাল শুভলক্ষ্মী দত্ত

পলাল শুভলক্ষ্মী দত্ত

গুৱাহাটী ৫ ছেপ্টেম্বৰ : অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ অমানৱীয় কাণ্ডই জোকাৰি গৈছে সচেতন মহলক ৷ বনকৰা মহিলাৰ ওপৰত এনে অমানুষিক অত্যাচাৰৰ কথা ভাইৰেল হৈ পৰাৰ পিচতে সকলোৱে একেমুখে গৰিহণা জনাইছে শুভলক্ষ্মী দত্তক ৷ সচেতন মহলে দাবী জনাইছে কঠোৰ শাস্তিৰ ৷

শিৱসাগৰ জিলাৰ ASP শুভলক্ষ্মী দত্তই বনকৰা মহিলাক কৰা নিৰ্যাতনৰ কথা পোহৰলৈ অহাৰ পিচতে বনকৰা মহিলা গৰাকীয়ে আৰক্ষীক গোচৰ দিছিল । গোচৰ দাখিল কৰাৰ পিচতে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই বিভিন্ন স্থানত আত্মগোপন কৰি আছিল । শেহতীয়াকৈ মহানগৰীৰ জয়ানগৰস্থিত Parle Residency নামৰ এপাৰ্টমেণ্টটোত আত্মগোপন কৰি আছিল ।

সোমবাৰৰ সন্ধিয়া ৬ বজাত শিৱসাগৰ আৰক্ষীৰ এটা দলে মহানগৰ আৰক্ষীৰ সহযোগত জয়ানগৰস্থিত Parle Residency এপাৰ্টমেণ্টটোত অভিযান চলায়। কিন্তু আৰক্ষী অহাৰ সম্ভেদ পাই পলায়ন কৰে শুভলক্ষ্মী দত্তই । মাতৃ আৰু কন্যাৰ সৈতে প্ৰায় ৪ দিন পূৰ্বে এপাৰ্টমেণ্টটোলৈ আহিছিল শুভলক্ষ্মী দত্ত। এপাৰ্টমেণ্টটোৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰিৰ A7D ফ্লেটত আত্মগোপন কৰি আছিল শুভলক্ষ্মী দত্তই ।

নিশাৰ আৰক্ষীৰ অভিযানৰ পৰা এই মুহূৰ্তলৈ Parle Residency ত সষ্টম হৈ আছে আৰক্ষীৰ দল । বশিষ্ঠৰ সহকাৰী আৰক্ষী আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত এটা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলি ৰখা হৈছে সমগ্ৰ এপাৰ্টমেণ্টটোত ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ আস্থা হাস্পতালত 28 আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল ভুক্তভোগী মহিলাগৰাকী ৷ নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকী সুস্থ হৈ উঠাত চিকিৎসকে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে তেওঁক ৷ কিন্তু ঘৰলৈ যোৱাৰ পূৰ্বে মহিলাগৰাকীয়ে কৰি থৈ যায় এক বিস্ফোৰক মন্তব্য ৷

লগতে পঢ়ক : Subhalakshmi Dutta case : শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ গ'ল নিৰ্যাতিতা

GP Singh tweet: অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ; বিৰোধী নেতাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.