ETV Bharat / state

Shramik Bandhu Atul Chandra Saikia: ‘শ্ৰমিক বন্ধু’ তথা মুক্তিযোদ্ধা অতুল চন্দ্ৰ শইকীয়াৰ জন্মশতবৰ্ষ পালন

author img

By

Published : Aug 13, 2023, 7:14 PM IST

Shramik Bandhu Atul Chandra Saikia
অতুল চন্দ্ৰ শইকীয়াৰ জন্মশতবৰ্ষ পালন

‘শ্ৰমিক বন্ধু’ অতুল চন্দ্ৰ শইকীয়াৰ জন্মশতবৰ্ষ পালন । কটন বিশ্ববিদ্যালয় এলুমনাই প্ৰেক্ষাগৃহত শ্ৰমিক নেতা অতুল চন্দ্ৰ শইকীয়াৰ শতবৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ ৷ অতুল চন্দ্ৰ শইকীয়া বিশিষ্ট স্বাধীনতা সংগ্রামী, ট্রেড ইউনিয়ন নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন সদস্য আছিল ।

অতুল চন্দ্ৰ শইকীয়াৰ জন্মশতবৰ্ষ পালন

গুৱাহাটী, ১৩ আগষ্ট: ‘শ্ৰমিক বন্ধু’ তথা মুক্তিযোদ্ধা অতুল চন্দ্ৰ শইকীয়াৰ জন্মশতবৰ্ষ দেওবাৰে কটন বিশ্ববিদ্যালয়ত পালন কৰা হয় । কটন বিশ্ববিদ্যালয় এলুমনাই প্ৰেক্ষাগৃহত শ্ৰমিক নেতাগৰাকীৰ শতবৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ উক্ত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰী, বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা, বুদ্ধিজীৱী হাইদৰ হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

মুক্তিযোদ্ধাগৰাকীক শ্রদ্ধাঞ্জলী জনোৱাৰ লগতে তেওঁৰ কৰ্মৰাজী প্ৰচাৰৰ উদ্দেশ্য ৰাজ্য ভিন্ন প্ৰান্তৰত গ্ৰহণ কৰা হ'ব বিভিন্ন কাৰ্যসূচী । বিশিষ্ট স্বাধীনতা সংগ্রামী, ট্রেড ইউনিয়ন নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন সদস্য আছিল স্বৰ্গীয় অতুল চন্দ্ৰ শইকীয়া । অতুল চন্দ্ৰ শ‍ইকীয়াৰ জন্ম হৈছিল ১৯২৩ চনৰ ১৩ আগষ্টত । তেওঁৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষাকাল অতিবাহিত হৈছিল গুৱাহাটী আৰু পশ্চিমবংগত ।

প্রাথমিক শিক্ষা নিজৰ জন্মভূমিত লোৱাৰ পাচত পশ্চিমবংগৰ কৃষ্ণনগৰ আৰু ভদ্ৰেশ্বৰত তেওঁ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল মাহীয়েকৰ ঘৰত থাকি । কলকাতাৰ পৰা আহি তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত নামভৰ্তি কৰে । তাৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিছিল । সোণাৰাম হাইস্কুলত ড৹ ভূপেন হাজৰিকা আছিল তেওঁৰ সহপাঠী ।

১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ ছয় মাহৰ বাবে কাৰাবাস খাটিছিল । ১৯৪৬ চনত কটনৰ পৰা স্নাতক ডিগ্রী লোৱাৰ পাছত তেওঁ সাংবাদিকতাৰ প্ৰতি আকৃষ্ট হয় আৰু দেৱকান্ত বৰুৱা সম্পাদিত 'দৈনিক অসমীয়া’ কাকতত উপ-সম্পাদক হিচাপে যোগদান কৰে । ইয়াৰ পাচত তেওঁ কলকাতাৰ পৰা প্রকাশিত ‘লোকসেৱক’ কাকতত সাংবাদিক হিচাপে অংশগ্ৰহণ কৰে ।

তেওঁ অসমৰ পৰিবহন শ্রমিকসকলক সংঘবন্ধ কৰাত আত্মনিয়োগ কৰি ৰাজ্যিক পৰিবহন কৰ্মচাৰী সংস্থা গঠন কৰে আৰু ইয়াৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । জীৱনৰ শেষলৈ এই বাবতে থাকি ইয়াক বৃহৎ সংগঠন হিচাপে গঢ়ি তোলে আৰু অসমৰ পৰিবহন শ্রমিকসকলৰ স্বাৰ্থৰ হকে জীৱনজুৰি কাম কৰি যায় । তেওঁ উত্তৰ পূবৰ পঁচিশটাতকৈয়ো অধিক ইউনিয়নক নেতৃত্ব দিছিল ।

গুৱাহাটী তেল শোধানাগাৰ শ্রমিক ইউনিয়ন, অসম কো-অপাৰেটিভ এপেক্স বেংক কর্মচাৰী ইউনিয়ন আৰু ইয়াৰ বিষয়াসকলৰ ইউনিয়ন, জাগীৰোডৰ কাগজ কল ইউনিয়ন আদিৰ তেওঁ সভাপতিৰ আসনত অধিষ্ঠিত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্র, ইংলেণ্ড, ৰাছিয়া, জেনেভা, জাপান, জার্মেনীকে ধৰি পৃথিবীৰ ভালেমান দেশ তেওঁ ভ্ৰমণ কৰিছিল আৰু আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ শ্ৰমিকসকলক প্রতিনিধিত্ব কৰিছিল । ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ ১৯৬৮ৰ পৰা ১৯৮২ লৈ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি তেওঁ ৰাষ্ট্ৰীয়, কার্যকৰী সমিতিৰো সদস্য আছিল ।

লগতে পঢ়ক: Azadi Ka Amrit Mahotsav: গুৱাহাটীত বীৰ শ্বহীদৰ স্মৃতিত CRPFৰ বাইক ৰেলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.