ETV Bharat / state

কংগ্ৰেছত অথন্তৰ লাগিয়েই আছে: ৱাজেদ আলী চৌধুৰীলৈ শ্ব' ক'জ

author img

By

Published : May 27, 2022, 6:47 PM IST

show-cause-notice-to-congress-leader-wazed-ali-chaudhury
ৱাজেদ আলী চৌধুৰীলৈ শ্ব' ক'জ

কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰীলৈ প্ৰদেশ কংগ্ৰেছে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী (Show cause notice to Wazed Ali Chaudhury) ৷ কেৱল দলৰ সভাপতি, বিৰোধী দলপতি আৰু দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক এই তিনিজনক কথা কোৱাৰ অধিকাৰ দিয়া হৈছে । এই তিনিজনক বাদ দি কোনোৱেই 'পলিচি মেটাৰ'ত কথা ক'ব নোৱাৰিব ৷ স্পষ্ট কৰি দিলে ভূপেন বৰাই ৷

গুৱাহাটী, ২৭ মে': কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰীলৈ (CLP Chief Whip Wazed Ali Chaudhury) প্ৰদেশ কংগ্ৰেছে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ কংগ্ৰেছৰ নীতি নিৰ্দ্ধাৰণ প্ৰসংগত কৰা কেতবোৰ মন্তব্যৰ বাবেই ৱাজেদ আলী চৌধুৰীলৈ জাৰি কৰা হৈছে এই জাননী ৷ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰকিবুল হুছেইনৰ (Congress MLA Rockybul Hussain) প্ৰসংগত অলপতে দলীয় নেতৃত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছিল ৱাজেদ আলী চৌধুৰীয়ে ৷

ইফালে ৱাজেদ আলী চৌধুৰীয়ে কৰা মন্তব্য সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora) । তেওঁ কয় যে এটা শৃংখলাৰ মাজত দল পৰিচালিত হয় । দল কেনেকৈ পৰিচালিত হ'ব তাৰ সিদ্ধান্ত দলীয় মজিয়াতে লোৱা হৈছে ।

ৱাজেদ আলী চৌধুৰীলৈ শ্ব' ক'জ

তেওঁ আৰু কয় যে বিধায়িনী দলৰ মজিয়াত দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ উপস্থিতিত বিৰোধী দলপতিৰ সভাপতিত্বত সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ দলৰ কোনো আভ্যন্তৰীণ বিষয় কোনেও সংবাদ মাধ্যমৰ আগত আলোচনা নকৰে । আনকি ময়ো আলোচনা নকৰো ।

সেইবাবে মই আপোনালোকৰ সকলো প্ৰশ্নৰ মুকলিকৈ উত্তৰ দিব নোৱাৰিম বুলি তেওঁ কয় । কোনোবাই দলীয় শৃংখলা ভংগ কৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰি তেওঁ কয় যে সেয়া লগিলে ভূপেন বৰাই হওক নাইবা আন কোনোৱা ডাঙৰ পদবীত থকা নেতাই হওক । দলীয় সংবিধান মতে দলে ব্যৱস্থা ল'ব ।

কাৰো ক্ষেত্ৰতে এৰাধৰা নহ'ব । ৱাজেদ আলী চৌধুৰীৰ প্ৰসংগত তেওঁ কয় যে দলীয় শৃংখলা ভংগ কৰিলে তথা দলৰ আভ্যন্তৰীণ বিষয় যদি বাহিৰত কয় তেন্তে দলে ব্যৱস্থা গ্ৰহণ কৰিব । কেৱল দলৰ সভাপতি, বিৰোধী দলপতি আৰু দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক এই তিনিজনক কথা কোৱাৰ অধিকাৰ দিয়া হৈছে ।

এই তিনিজনক বাদ দি কোনোৱেই 'পলিচি মেটাৰ'ত কথা ক'ব নোৱাৰিব বুলি তেওঁ কয় । এইটো বাৰম্বাৰ দলীয় কৰ্মীক কৈ থকা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যিটো কাৰণত আমাৰ দলৰ এজন নেতাক নিলম্বন কৰিব লগা হৈছে । বাকী কোনোৱাই এনে ভুল কৰিলে একেই দশা হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক: চীনৰ পৰা 50 হাজাৰ PPE কীট কিনা নাছিল চৰকাৰে: কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.