ETV Bharat / state

গ্ৰেপ্তাৰ কৰা হ’ল শ্বেৰমান আলীক

author img

By

Published : Oct 2, 2021, 7:38 PM IST

Updated : Oct 2, 2021, 9:34 PM IST

sherman-ali-arrested
গ্ৰেপ্তাৰ কৰা হ’ল শ্বেৰমান আলীক

19:25 October 02

গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি আন সকলক ঘাতক আখ্যা দি অৱশেষত গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী ৷

নিউজ ডেস্ক, 2 অক্টোবৰ :  অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক ৷ গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি আন সকলক ঘাতক আখ্যা দিছিল বিধায়ক গৰাকীয়ে ৷ বিধায়ক গৰাকীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজ্য জুৰি ৷ বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ 

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰচনা কৰিছিল ৷ ঠাইয়ে ঠাইয়ে ছাত্ৰ সন্থাৰ লগতে একাংশ দল সংগঠনে বাঘবৰৰ বিতৰ্কিত বিধায়ক গৰাকীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছিল ৷ শ্বহীদ দয়ানাথ শৰ্মাৰ পৰিয়ালেও এই সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰিছিল ৷ 

শেহতীয়াকৈ কংগ্ৰেছ দলেও বিধায়ক গৰাকীক এই সন্দৰ্ভত শ্ব’কজ জাননী প্ৰেৰণ কৰি তিনি দিনৰ ভিতৰত উত্তৰ বিচাৰিছিল ৷ অৱশেষত শনিবাৰে, দিশপুৰৰ বিধায়ক আৱাসৰ পৰা বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ জানিব পৰা মতে, বিধায়ক গৰাকীক পাণ বজাৰ আৰক্ষী থানাই অপৰাধ অনুসন্ধান শাখাক গতাই দিছে ৷ সম্প্ৰতি আৰক্ষীয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

Last Updated :Oct 2, 2021, 9:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.