ETV Bharat / state

অসমৰ পৰাই মাতৃভূমি আফগানিস্তানৰ বাবে প্ৰাৰ্থনা শ্বেহজাদা খানৰ

author img

By

Published : Aug 26, 2021, 8:09 PM IST

Shehzada Khan prays for motherland Afghanistan
অসমৰ পৰাই মাতৃভূমি আফগানিস্তানৰ বাবে প্ৰাৰ্থনা শ্বেহজাদা খানৰ

আশীৰ দশকতে ব্যৱসায় সূত্ৰে অসমলৈ অহা এগৰাকী আফগান নাগৰিক ৷ এতিয়াও তেওঁ অসমৰে বাসিন্দা ৷ কিন্তু চিন্তিত হৈ পৰিছে নিজৰ মাতৃভূমিক লৈ ৷ তালিবান সম্পৰ্কে কি ভাবে শ্বেহজাদা খানে ? ভাৰত বা অসমৰ প্ৰতি তেওঁৰ ধাৰণা কি ? কিয় ধৰ্ম সলালে শ্বেহজাদা খানে ? সকলো বিবৰি ক’লে ইটিভি ভাৰতক ৷

গুৱাহাটী, ২৫ আগষ্ট : ১৯৮০ চনতে সুদূৰ আফগানিস্তানৰ পৰা অসমলৈ ব্যৱসায় কৰিবলৈ আহিছিল মানুহজন । থিতাপি লৈছিল গুৱাহাটীৰ সমীপৱৰ্তী মিৰ্জাত । সময় বাগৰাৰ লগে লগে অসমৰ বায়ু, পানী, সমাজ, সংস্কৃতিৰ সৈতে লাহে লাহে একাত্ম হৈ পৰিল মানুহজন । অসমীয়া জীয়ৰীৰ পাণি গ্ৰহণ কৰি অসমৰ জোৱাই হৈ পৰিল । মিৰ্জাতেই নিজাকৈ ঘৰ এখন পাতি বিলীন হৈ গল অসমৰ সৈতে । মানুহজনৰ নাম শ্বেহজাদা খান ।

লগতে পঢ়ক : পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কিন্তু ২০১৮ চনত চৰকাৰে তেওঁক বিদেশী বুলি চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে আৰু সুদীৰ্ঘ পোন্ধৰ মাহ ডিটেনশ্যন কেম্পত আৱদ্ধ কৰি ৰখাৰ পিছত তেওঁক জন্মভূমি আফগানিস্তানলৈ পঠিয়াই দিয়া হয় । মিৰ্জাৰ ঘৰখনত পৰিয়ালটোক এৰি থৈ দিল্লীৰ বিমানবন্দৰৰ পৰা আফগানিস্তানমুখী বিমানত উঠে শ্বেহজাদা খান । কিন্তু মাতৃভূমি হ'লেও আফগানিস্তান শ্বেহজাদা খানৰ বাবে তেতিয়া তেনেই অচিনাকি ।

অসমৰ পৰাই মাতৃভূমি আফগানিস্তানৰ বাবে প্ৰাৰ্থনা শ্বেহজাদা খানৰ

লগতে পঢ়ক : নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ

ক'লৈ যাব, কি কৰিব ! তাতে আকৌ সেই সময়ত আফগানিস্তানৰ বহু অঞ্চল নৃশংস তালিবানৰ দখলত । অৱশেষত আফগানিস্তানৰ ভূমিত এজন অচিনাকী লোকে আশ্ৰয় দিলে শ্বেহজাদা খানক । তালিবানৰ পৰা লুকুৱাই ৰাখিলে নিজৰ বাগিচাত । কিন্তু তেনেকৈ কিমান দিন ?

লগতে পঢ়ক : NEP 2020: চাৰি বছৰীয়া হ’ব স্নাতকৰ সকলো পাঠ্যক্ৰম !

মিৰ্জাত এৰি থৈ যোৱা পৰিয়ালটোৰ চিন্তাত উদ্বিগ্ন হৈ পৰিল শ্বেহজাদা খান । পুনৰ এটা সময়ত ভিছা লৈ ভাৰতলৈ ঘূৰি আহিল তেওঁ । এতিয়া তেওঁ মিৰ্জাত থকা পৰিয়ালৰ লগত । বছৰি ভিছা নৱীকৰণ কৰি থকা শ্বেহজাদা খানে ইতিমধ্যে ঈছলাম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে ।

আজি মাতৃভূমি আফগানিস্তানৰ অৱস্থা দেখি উদ্বিগ্ন শ্বেহজাদা খান । বাৰে বাৰে মনত পৰিছে তালিবানৰ পৰা তেওঁক লুকুৱাই ৰখা সেই অনাত্মীয় লোকজনলৈ । ইয়াৰ পৰাই প্ৰাৰ্থনা কৰিছে শান্তি ঘূৰি আহক তেওঁৰ মাতৃভূমি আফগানিস্তানলৈ ৷

লগতে পঢ়ক : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এইডচ ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.